প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু ম্যানমাৰৰ মাজত সীমা সম্বন্ধীয় প্ৰস্তাৱিত চুক্তি স্বাক্ষৰৰ বাবে অনুমোদন জনোৱা হয়।
এই চুক্তিয়ে দুয়োখন দেশৰ সীমান্তৱৰ্তী অঞ্চলত অস্থায়ীভাৱে বসবাস কৰা লোকসকলৰ পূৰ্বৰ বিনামুলীয়া মুক্ত চাল-চলন ব্যৱস্থা আৰু সংহতি বৰ্তাই ৰখাৰ সুবিধা প্ৰদান কৰিব। এই চুক্তিয়ে লগতে এই লোকসকলক বৈধ পাৰপত্ৰ আৰু ভিছাৰ ভিত্তিত চলাচল কৰাৰ সুবিধা প্ৰদান কৰিব, যিটোৱে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক আৰু সামাজিক সম্পৰ্ক উন্নত কৰিব।
এই চুক্তিখন ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী লোকসকলৰ উপযোগীকৈ প্ৰস্তুত কৰা হৈছে। এই চুক্তিখনে ম্যানমাৰৰ লোকসকলৰ সৈতে উত্তৰ-পূবৰ ৰাজ্যবাসীৰ যোগাযোগ আৰু সম্পৰ্ক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
এই চুক্তিয়ে উত্তৰ-পূবৰ অৰ্থনীতিৰো ব্যাপক উন্নয়ণ ঘটাব আৰু ম্যানমাৰৰ সৈতে আমাৰ ভৌগোলিক সম্পৰ্কৰ লাভালাভ আদায় কৰাত অনুমতি দিয়াৰ লগতে বাণিজ্য আৰু অঞ্চলটোৰ লোকসকলৰ মাজত পাৰস্পৰিক সম্পৰ্কৰো উন্নত কৰিব।
এই চুক্তিখন সীমান্তৱৰ্তী অঞ্চলত মুক্তভাৱে চাল-চলন কৰা বৃহৎ সংখ্যক জনজাতীয় সমূদায়ৰ পৰম্পৰাগত অধিকাৰৰ ৰক্ষাকবচ হিচাপে পৰিগণিত হ’ব।
***
AKT/VBA/SH/DB