২০১৯ৰ ৮ জুনত স্বাস্থ্যখণ্ডত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু মালদ্বীপৰ মাজত স্বাক্ষৰিত পূৰ্বপ্ৰস্তাৱিত বুজাবুজি চুক্তিত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়৷
এই বুজাবুজি চুক্তিয়ে সামৰি লোৱা বিষয়বোৰ তলত উল্লেখ কৰা হৈছেঃ-
১. চিকিৎসকৰ প্ৰশিক্ষণ, বিষয়া, অন্যান্য স্বাস্থ্যসম্পৰ্কীয় বৃত্তি তথা বিশেষজ্ঞৰ বিনিময়;
২. চিকিৎসা আৰু স্বাস্থ্য গৱেষণাৰ উন্নয়ন;
৩. ঔষধ আৰু চিকিৎসাৰ সৈতে জড়িত সামগ্ৰীৰ নিয়ন্ত্ৰণ আৰু এই সম্পৰ্কীয় তথ্যৰ বিনিময়;
৪. সংক্রামক আৰু অসংক্রামক ব্যাধি;
৫. ই-স্বাস্থ্য আৰু টেলিমেডিচিন; আৰু
৬. পৰস্পৰৰ সিদ্ধান্ত মৰ্মে যিকোনো ধৰণৰ সহযোগিতা৷
ইয়াৰ সবিশেষভাৱে অধিক বিস্তৃত ব্যাখ্যাৰ সহযোগিতা আগবঢ়োৱা আৰু দুয়ো দেশতে কাৰ্যকৰী কৰাৰ বাবে এটা কৰ্মীগোট গঠন কৰা হ’ব৷
********
AKT/PK/SH /DB