প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু ব্রাজিলৰ মাজত জেবু গো-ধন জেনোমিক্স আৰু সহযোগিতামূলক প্রজনন প্রযুক্তিৰ ক্ষেত্রত সহযোগিতাৰ বাবে স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনায়। ২০১৬ চনৰ অক্টোবৰত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়।
এই বুজাবুজি চুক্তিয়ে ভাৰত আৰু ব্রাজিলৰ মাজত বন্ধুত্বপূর্ণ সম্পর্কক আৰু অধিক আগুৱাই নিয়াৰ লগতে পাৰস্পৰিক বুজাপৰা পদ্ধতিৰে যৌথ কাম-কাজক গো-ধনৰ ক্ষেত্রত জেনোমিক্স আৰু সহযোগিতামূলক প্রজনন প্রযুক্তিৰ (এআৰটি) উন্নয়নত উৎসাহ যোগাব।
নিয়মীয়া কাম-কাজ নির্ধাৰণ আৰু উন্নয়নমূলক কার্যপৰিকল্পনা আৰু ইয়াৰ সমান্তৰালভাৱে ইয়াৰ মূল্যায়নৰ প্রয়োজনত দুই পক্ষৰ পৰা সমান সংখ্যক প্রতিনিধি লৈ এটি কাৰ্যকৰী কমিটি গঠন কৰা হ’ব।
ইয়াৰ দ্বাৰা দুগ্ধ ক্ষেত্রৰ দীর্ঘস্থায়ী উন্নয়ন তথা প্রতিষ্ঠানগত শক্তি বৃদ্ধিৰ ওপৰত ভিত্তি কৰি বর্তমান জ্ঞানক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে গো-ধন আৰু মহৰ বংশবৃদ্ধিৰ উন্নয়নৰ ক্ষেত্ৰত যুটীয়া পৰিকল্পনাৰ জৰিয়তে কাৰ্যকৰী কৰা হ’ব।
এই বুজাবুজি চুক্তিয়ে বৈজ্ঞানিক সহযোগিতাক উৎসাহিত কৰাৰ লগতে ইয়াক আগুৱাই নিব। তদুপৰি, কিছুমান বিষয়ৰ ওপৰত ভিত্তি কৰি জেবু গো-ধনৰ ক্ষেত্রত জেনোমিক নিৰ্বাচন কার্যসূচী প্ৰস্তুত কৰিব। সেইবোৰৰ হৈছে (ক)জেবু গো-ধন আৰু ইয়াৰ সৈতে মিশ্রণ তথা মহৰ সৈতে জেনোমিকৰ ব্যৱহাৰ, (খ)গো-ধন আৰু মহৰ মাজত সহযোগিতামূলক প্রজনন প্রযুক্তিৰ (এআৰটি)ব্যৱহাৰ, (গ)জেনোমিক আৰু সহযোগিতামূলক প্রজনন প্রযুক্তিৰ দিশত সমক্ষতা সৃষ্টি (ঘ)ভাৰত চৰকাৰৰ ট্রেনজেকচন অৱ বিজনেছ ৰুল, ১৯৬১ৰ অধিনিয়ম ৭(ডি)(i)ৰ অধীনত দুয়ো দেশেৰ আইন আৰু বিধিৰ প্ৰতি গুৰুত্ব দি জেনোমিক আৰু এআৰটিৰ সংশ্লিষ্ট গৱেষণা আৰু উন্নয়ন।
*****
AKT/VBA/SH/DB