প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু বেলাৰুছৰ মাজত অসামৰিক আৰু বাণিজ্যিক বিষয়ত পাৰস্পৰিক আইনী সহযোগিতাৰ বাবে সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিত অনুমোদন প্ৰদান কৰিছে৷
এই চুক্তি সম্পন্ন হোৱাৰ পিছত দুয়োখন দেশৰ অসামৰিক আৰু বাণিজ্যিক বিষয়ত পাৰস্পৰিক আইনী সাহায্য বৃদ্ধি পাব৷ এই চুক্তিৰ দ্বাৰা দুয়োখন দেশৰ নাগৰিকে লিংগ, জাতি অথবা উপাৰ্জনৰ পক্ষপাতিত্ব নোহোৱাকৈ আইনী সুবিধা লাভ কৰিব পাৰিব৷
*****
AKT/SH/MANN