প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ভাৰত আৰু ফিলিপাইনছৰ মাজত কাষ্টমছজনিত বিষয়ত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে স্বাক্ষৰিত চুক্তিত অনুমোদন জনোৱা হয়।
এই চুক্তিৰ অধীনত কাষ্টম্ছৰ লগত জড়িত অপৰাধৰ তদন্ত আৰু অনুসন্ধানৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজত প্রয়োজনীয় আৰু প্রাসংগিক তথ্যৰ আদান-প্রদানৰ সমান্তৰালভাবে এনে ঘটনা ৰোধ কৰাৰ ক্ষেত্রতো সহায় কৰিব। চুক্তিখনে দুয়োখন দেশৰ মাজত সক্ষমতাৰে সামগ্ৰী অনা-নিয়াৰ জৰিয়তে বাণিজ্যৰ দিশতো এক সুগম পৰিবেশ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
এই চুক্তিখনে ৰাষ্ট্ৰীয় আইনী প্ৰয়োজনীয়তাৰ পুৰণ কৰাৰ লগতে দুয়ো দেশৰ অভাৱ পুৰণ কৰিব।
পটভূমিঃ
উল্লেখ্য যে ভাৰত আৰু ফিলিপাইনছৰ কাষ্টমছ বিভাগৰ মাজত আইনী পৰিকাঠামোজনিত তথ্য আৰু বুদ্ধিমত্তাৰ বিনিময় কৰাৰ ক্ষেত্ৰত এই চুক্তিয়ে সহায় কৰিব। ই দুয়ো দেশৰ মাজত বৈধ বাণিজ্য চলোৱাৰ ক্ষেত্ৰত কাষ্টমছ আইন, কাষ্টমছজনিত অপৰাধৰ ৰোধ আৰু তদন্ত উপযুক্তভাৱে হোৱাত সহায় কৰিব।
******
AKT/VBA/SH/DB