Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু দক্ষিণ আফ্ৰিকাই যুটীয়াকৈ ডাক টিকট মুকলি কৰা বুলি কেবিনেটক অৱগত কৰোৱা হয়


মহাত্মা গান্ধীৰ পিটাৰমেৰিটজবাৰ্গ ষ্টেচন কাণ্ডৰ ১২৫ বৰ্ষপূৰ্তি আৰু নেলছন মেণ্ডেলাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ভাৰত আৰু দক্ষিণ আফ্ৰিকাই যুটীয়া ডাক টিকট জাৰি কৰা বুলি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটক অৱগত কৰোৱা হয়৷ যুটীয়া ডাক টিকট মুকলি সন্দৰ্ভত ২০১৮ৰ ২৪ জুলাইত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল৷

মহাত্মা গান্ধীৰ পিটাৰমেৰিটজবাৰ্গ ষ্টেচন কাণ্ডৰ ১২৫ বৰ্ষপূৰ্তি আৰু নেলছন মেণ্ডেলাৰ জন্ম শতবাৰ্ষিকীক বিষয়বস্তু হিচাপে লৈ ভাৰত আৰু দক্ষিণ আফ্ৰিকাই যুটীয়াভাৱে এক ডাক টিকট মুকলি কৰিবলৈ সহমতত উপনীত হৈছিল৷ ২০১৮ৰ ২৬জুলাইত যুটীয়া ডাক টিকটটো মুকলি কৰা হৈছিল৷

স্মাৰক ডাক টিকটটোত মহাত্মা গান্ধী আৰু নেলছন মেণ্ডেলাৰ ফটো সন্নিবিষ্ট কৰা হৈছে৷

*****

AKT/SH/MS