Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু গাম্বিয়াৰ মাজত পৰম্পৰাগত পদ্ধতিৰ ঔষধৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু গাম্বিয়াৰ মাজত পৰম্পৰাগত পদ্ধতিৰ ঔষধৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে স্বাক্ষৰিত পূৰ্বপ্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনায়৷ ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দৰ গাম্বিয়া ভ্ৰমণৰ সময়ত ২০১৯ৰ ৩১ জুলাইত এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হয়৷

এই বুজাবুজি চুক্তিয়ে ভাৰত আৰু গাম্বিয়াৰ মাজত পৰম্পৰাগত পদ্ধতিৰ ঔষধৰ ক্ষেত্ৰত দুয়োখন দেশৰ পাৰস্পৰিক লাভালাভ হোৱাকৈ ইয়াৰ প্ৰসাৰ ঘটোৱাত এক পৰিকাঠামো গঢ় দিয়াত সহায় কৰিব৷ বুজাবুজি চুক্তিত উল্লেখ কৰা কামকাজসমূহে গাম্বিয়াত আয়ুষ পদ্ধতিৰ গুৰুত্ব বৃদ্ধিত উদ্গনি যোগাব৷

ফলস্বৰূপে, এই বুজাবুজি চুক্তিয়ে প্ৰশিক্ষাৰ্থীৰ প্ৰশিক্ষণৰ বাবে বিশেষজ্ঞ আৰু বিজ্ঞানীৰ বিনিময় কৰি  পৰম্পৰাগত পদ্ধতিৰ ঔষধৰ গৱেষণাত সহযোগিতা আগবঢ়াই ইয়াৰ নতুন ঔষধ উদ্ভাৱন বৃদ্ধিত নেতৃত্ব বহন কৰিব৷

****

VRRK/PK/SH/DB