ভাৰত আৰু কুৱেইটৰ মাজত একাউন্টিং, বিত্ত আৰু হিচাপ ৰক্ষণ ক্ষেত্রত স্বাক্ষৰিত বুজাবুজি চুক্তিলৈ কেবিনেটৰ অনুমোদন
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত কেন্দ্রীয় মন্ত্ৰীসভাৰ এক গুৰুত্বপূৰ্ণ বৈঠকত ভাৰত আৰু কুৱেইটৰ মাজত একাউন্টিং, বিত্ত আৰু হিচাপ ৰক্ষণ ক্ষেত্রত স্বাক্ষৰিত বুজাবুজি চুক্তিলৈ যাৱতীয় অনুমোদন জনোৱা হৈছে। মন্ত্ৰীসভাৰ এই সিদ্ধান্তৰ ফলত দুয়োখন দেশৰ মাজত সংশ্লিষ্ট ক্ষেত্ৰবোৰত দক্ষতা আৰু অধিক বৃদ্ধি পাব।
ভাৰতৰ ইনষ্টিটিউট অৱ চাটার্ড একাউন্টেন্স আৰু কুৱেইট একাউণ্টেন্স এণ্ড অডিটৰ্ছ এছোচিয়েশ্যনে নিজ নিজ দেশত কাৰিকৰী সন্মিলন, আলোচনা চক্ৰ তথা কৰ্মশালা আদিৰ আয়োজনৰ মাধ্যমেৰে একত্ৰিতভাৱে কাম কৰি যাব। ইয়াৰ ফলত দুয়োখন প্ৰতিষ্ঠানৰ মাজত পেছাদাৰী কাম-কাজৰ মানদণ্ড উন্নীত হ’ব। এই ধৰণৰ কাৰ্যসূচীৰ আয়োজনেৰে খৰচ উভয় পক্ষই বহন কৰিব।
কর্প’ৰেট প্রশাসন, প্রযুক্তিগত গৱেষণা আৰু পৰামর্শ, মানদণ্ড নিশ্চিতকৰণ, ফৰেনছিক একাউন্টিং, ইছলামিক ফাইনান্স, পেছাদাৰী দক্ষতা প্রশিক্ষণ অব্যাহত ৰখাৰ লগতে পাৰস্পৰিক স্বার্থ সংশ্লিষ্ট ক্ষেত্রত ভাৰত আৰু কুৱেইটৰ এই প্রতিষ্ঠান দুটাই একেলগে কাম কৰিব বুলি স্থিৰ কৰিছে। বুজাবুজি চুক্তি অনুযায়ী দুয়োখন দেশৰ এই প্রতিষ্ঠান দুটাই পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্রত ভৱিষ্যৎ উন্নয়নৰ পন্থা-পদ্ধতিক লৈ আলাপ-আলোচনা কৰিব। ইয়াৰ উপৰিও প্রতিষ্ঠানৰ নিজস্ব কাম-কাজৰ মান উন্নয়নৰ ক্ষেত্ৰতো এই বুজাবুজি চুক্তিয়ে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব।
দুয়োটা প্রতিষ্ঠানেই একাউন্টিং, ফাইনান্স আৰু হিচাব ৰক্ষণ ক্ষেত্রত কুৱেইটক স্বল্পম্যাদী পেছাদাৰী পাঠ্যক্রমৰো আয়োজন কৰিব। ভাৰতীয় প্রতিষ্ঠানটোৰ পক্ষৰ পৰা কুৱেইট চৰকাৰৰ কৰ্মচাৰী আৰু সেই দেশৰ নাগৰিকসকলক কাৰিকৰী ক্ষেত্রত প্রশিক্ষণৰ সুবিধা প্রদান কৰা হ’ব। কুৱেইটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত নিয়োজিত হৈ থকা ভাৰতীয় চাটার্ড একাউণ্টেণ্টসকলে স্থানীয় ব্যৱসায়িক সমুদায়ক বিত্তীয় প্ৰতিবেদন সংক্ৰান্তীয় বিষয়বোৰত সহায় কৰিব। প্ৰস্তাৱিত এই বুজাবুজি চুক্তিখনে কুৱেইটত থকা ভাৰতীয় চাটার্ড একাউণ্টেণ্টসকলে সম্পর্কে এক ইতিবাচক ভাৱমূর্তি গঢ়ি তোলাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব।
*****
VRRK/SC/SH/RD