প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত আজি ভাৰত আৰু কানাডাই মিলি যুটীয়াভাৱে ‘দিৱালী’ক মুল বিষয় হিচাপে লৈ দুটা স্মাৰক ডাক টিকট প্ৰস্তুত কৰাৰ সন্দৰ্ভত অৱগত কৰে। এই যুটীয়া ডাক টিকটটো ২০১৭ৰ ২১ ছেপ্টেম্বৰত উন্মোচন কৰা হ’ব। এই সন্দৰ্ভত ভাৰতীয় ডাক বিভাগ আৰু কানাডা ডাক বিভাগে ইতিমধ্যে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে।
ভাৰত আৰু কানাডাৰ মাজত গণতন্ত্র, বহুত্ববাদ, সকলোৰে মাজত সমতা তথা আইনী শাসনৰ প্রতি আনুগত্য ইত্যাদি বিষয়সমূহে মিলিত মূল্যবোধৰ ভিত্তিত স্থায়ী আৰু নিবিড় সম্পর্ক গঢ়ি উঠিছে। দুয়ো দেশৰ নাগৰিকসকলৰ মাজত বন্ধুত্বপূৰ্ণ সম্পর্ক আৰু ভাৰতীয় বংশোদ্ভূতসকলৰ এক বৃহৎ অংশ কানাডাত বসবাস কৰাৰ ফলত দেশ দুখনৰ সম্পর্কৰ বুনিয়াদ ক্রমান্বয়ে দৃঢ় হৈছে।
দুয়ো দেশৰ সাংস্কৃতিক বিষয়সমূহক বিশেষ প্রাধান্য দিয়াৰ লক্ষ্যৰে যুটীয়াভাৱে স্মাৰক ডাক টিকট প্রকাশৰ ক্ষেত্রত বিষয়বস্তু হিচাপে ‘দিৱালী’ক নির্বাচন কৰা হৈছে। তদুপৰি, কানাডাত বসবাস কৰা ভাৰতীয় বংশোদ্ভূতসকলৰ এক বৃহৎ অংশৰ উপস্থিতিও ‘দিৱালী’ৰ দৰে বিষয়বস্তু নিৰ্বাচন কৰাৰ অন্যতম কাৰণ।
*****
AKT/VBA/SH/DB