প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত বৃহস্পতিবাৰে ভাৰত আৰু ইটালীৰ মাজত কৃষি আৰু ফাইটোছেনিটাৰি বিষয়সমূহৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনায়। ২০০৮ চনৰ জানুৱাৰীত স্বাক্ষৰ কৰা পূৰ্বৰ চুক্তিখনৰ ম্যাদ ২০১৮ চনৰ জানুৱাৰীত শেষ হোৱাৰ বাবে এই চুক্তি স্বাক্ষৰ কৰা হয়।
এই বুজাবুজি চুক্তিয়ে ফাইটোছেনিটাৰি বিষয়, কৃষিজাত উৎপাদনৰ লগতে পশুপালন, কৃষি গৱেষণা, খাদ্যপ্রস্তুতকৰণ আৰু অন্য কেতবোৰ অতিৰিক্ত ক্ষেত্রৰ বিস্তৃত দিশ সামৰি উভয়পক্ষৰ পাৰস্পৰিক সিদ্ধান্ত ক্ৰমে নিৰ্ধাৰণ কৰাৰ ক্ষেত্রত সহযোগিতা আগবঢ়াব।
এই বুজাবুজি চুক্তিৰ অধীনত কৃষি আৰু গ্রামোন্নয়নৰ তথ্য বিনিময় কৰা, কৃষিযান্ত্রিকীকৰণ/পামৰ যন্ত্রপাতি আৰু কৃষিভিত্তিক উদ্যোগৰ আন্তঃগাঁথনিৰ ক্ষেত্রত প্রযুক্তিৰ বিনিময় আৰু উৎপাদনত সহায় কৰা, আধুনিক বৈজ্ঞানিক গৱেষণা আৰু প্রযুক্তিভিত্তিক পশুপালনৰ ক্ষেত্রত প্রযুক্তিগত বাধা দূৰ কৰা আৰু অভিজ্ঞতাৰ বিনিময় কৰা ইত্যাদি বিষয়বোৰ সম্ভৱ হ’ব।
এই বুজাবুজি চুক্তিয়ে নির্দিষ্ট যৌথ পদ্ধতিৰ জৰিয়তে কৃষি ক্ষেত্রত দ্বিপাক্ষিক বিনিময়ত উৎসাহ যোগোৱাৰ বাবে এটি যুটীয়া কার্যকৰী গোট গঠন কৰা, কৃষি-সংক্রান্তীয় সহযোগিতাৰ বাবে দীর্ঘম্যাদী উদ্যোগ বিবেচনা কৰা আৰু ৰপ্তানি সামগ্ৰীৰ ক্ষেত্ৰত ফাইটোছেনিটাৰিৰ ক্ষতিশংকা হ্ৰাস কৰাৰ বাবে সহযোগিতা বৃদ্ধি কৰিব।
এই চুক্তিয়ে দুয়ো দেশৰ চৰকাৰী সংস্থা, বৈজ্ঞানিক আৰু শৈক্ষিক প্ৰতিষ্ঠান তথা ব্যৱসায়ী গোষ্ঠীৰ মাজত যোগাযোগৰ ক্ষেত্রত উৎসাহ বৃদ্ধি কৰাৰ লগতে তাক সহজ কৰি তুলিব আৰু দুয়ো দেশৰ সংশ্লিষ্ট গৱেষণা প্রতিষ্ঠানৰ মাজত অধিক সহযোগিতাত উৎসাহিত কৰিব।
*****
AKT/VBA/SH/DB