মান্যবৰ, নমস্কাৰ,
সৰ্বপ্ৰথমে মই মোৰ লগতে সমগ্ৰ ভাৰতবীসৰ হৈ অষ্ট্ৰেলিয়াত ক’ভিড-১৯ আক্ৰান্ত লোকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো৷ এই বিশ্ব মহামাৰীয়ে বিশ্বৰ সকলো ব্যৱস্থাতে প্ৰভাৱ পেলাইছে৷ আমাৰ এই ডিজিটেল স্বৰূপো এই ধৰণৰ প্ৰভাৱৰে এক উদাহৰণ৷
মান্যবৰ,
আপোনাৰ সৈতে ডিজিটেল মাধ্যমযোগে মিলিত হৈ মই আনন্দিত হৈছো যদিও অলপ নিৰাশাও হৈছো, কিয়নো আমি আপোনাক ভাৰতত জাকজমকতাৰে আদৰণি জনোৱাৰ সূযোগ নাপালো৷ পহিলা জানুৱাৰী আৰু পাছৰ মাহতো আমি আপোনাৰ ভাৰত ভ্ৰমণৰ বাবে অপেক্ষা কৰি আছিলো, কিন্তু দূৰ্ভাগ্যশতঃ দুয়োবাৰেই ভ্ৰমণ বাতিল কৰিব লগাত পৰে৷ আমাৰ আজিৰ সাক্ষাতে আপোনাৰ ভাৰত ভ্ৰমণৰ স্থান ল’ব নোৱাৰে৷ এগৰাকী মিত্ৰ হোৱাৰ বাবে আপোনাৰ প্ৰতি মোৰ অনুৰোধ যে পৰিস্থিতি সুস্থিৰ হোৱাৰ পাছত আপুনি শীঘ্ৰে সপৰিয়ালে ভাৰত ভ্ৰমণৰ পৰিকল্পনা কৰিব আৰু আমাৰ আতিথ্য স্বীকাৰ কৰিব৷
মান্যবৰ,
ভাৰত-অষ্ট্ৰেলিয়াৰ সম্পৰ্ক বিস্তৃত হোৱাৰ সমান্তৰালভাৱে অধিক নিবিড়ো৷ এই নিবিড়তা আমাৰ মিলিত মূল্যবোধ, মিলিত আগ্ৰহ, মিলিত ভৌগোলিক আৰু মিলিত উদ্দেশ্যসমূহৰ পৰা আহে৷ বিগত কেইটামান বছৰত আমাৰ সহযোগিতা আৰু সামঞ্জস্যই শুদ্ধ গতি লাভ কৰিছে৷ এয়া সৌভাগ্যৰ কথা যে আমাৰ সম্পৰ্কৰ এনাজৰীৰ এটা ফাল আপোনাৰ দৰে শক্তিশালী আৰু দূৰদৰ্শী নেতাৰ হাতত আছে৷ মই ভাৱো যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাৰ বাবে এয়াই উপযুক্ত সূযোগ৷ আমাৰ বন্ধুত্বকো আৰু অধিক শক্তিশালী কৰাৰ বাবে আমাৰ হাতত অসীম সম্ভাৱনা আছে৷ এই সম্ভাৱনাই লগতে প্ৰত্যাহ্বানো লৈ আহে৷ এই প্ৰত্যাহ্বানক কিদৰে সম্ভাৱনালৈ পৰিৱৰ্তন কৰিব পাৰি, যাতে দুয়োখন দেশৰ নাগৰিক, ব্যৱসায়ী, শৈক্ষিক, গৱেষক ইত্যাদিৰ মাজত যোগসুত্ৰ অধিক শক্তিশালী হয়৷ কেনেকৈ আমাৰ সম্পৰ্কৰ বাবে আৰু বিশ্বৰ বাবে এক সুস্থিৰতাৰ কাৰক হৈ পৰে, কেনেকৈ আমি একেলগ হৈ বিশ্বৰ ভালৰ বাবে কাম কৰিব পাৰো, এই সকলো ব্যৱস্থা চালি-জাৰি চোৱাৰ আৱশ্যকতা আছে৷
মান্যবৰ,
সমসায়িক বিশ্বত ইখনে সিখন দেশৰ প্ৰতি আশা আৰু আমাৰ নাগৰিকসকলৰ আমাৰ প্ৰতি আশা বৃদ্ধি পাইছে৷ গণতান্ত্ৰিক মূল্যবোধ শ্বেয়াৰ কৰাৰ পৰিপ্ৰেক্ষিতত আমাৰ দুয়ো দেশৰ কৰ্তব্য হ’ল যে এই আশাৰ ওপৰত থিয় দিও৷ সেইবাবে বিশ্ব কল্যানৰ মূল্যবোধ, যেনে গণতন্ত্ৰ, আইনৰ নিয়ম, স্বাধীনতা, পাৰস্পৰিক সন্মান, আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সন্মান আৰু পাৰদৰ্শিতা আদি তুলি ধৰা, সুৰক্ষা দিয়াটো আমাৰ পবিত্ৰ দায়িত্ব৷ এয়া একপ্ৰকাৰৰ আমাৰ ভৱিষ্যতৰ ঐতিহ্য৷ আজি যিসময়ত পৃথকে এই মূল্যবোধক প্ৰত্যাহ্বান জনাইছো, সেইসময়ত আমাৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি এইবোৰো সবল কৰিব পাৰো৷
মান্যবৰ, অষ্ট্ৰেলিয়াৰ সৈতে আমাৰ সম্পৰ্কক ব্যাপক হাৰত ক্ষিপ্ৰতাৰে বৃদ্ধি কৰাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ৷ এয়া কেৱল আমাৰ দুখন দেশৰ বাবেই গুৰুত্বপূৰ্ণ নগয়, বৰঞ্চ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু বিশ্বৰ বাবেও আৱশ্যক৷ মই সন্তুষ্ট হৈছো যে আমাৰ বিভিন্ন প্ৰতিষ্ঠাগত বৈঠকে আমাৰ সম্পৰ্কক আৰু অধিক সাৰপানী যোগাইছে৷ দুয়োখন দেশৰ মাজত ধাৰাবাহিক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈ আছে৷ ব্যৱসায় আৰু বিনিয়োগো বৃদ্ধি পাই আছে৷ কিন্তু মই এইটো নকও যে মই এই গতিত সম্প্ৰসাৰণতে সন্তুষ্ট৷ যিসময়ত আপোনাৰ দৰে নেতা আমাৰ মিত্ৰ দেশৰ নেতৃত্ব প্ৰদান কৰি আছে, তেনে অৱস্থাত আমাৰ সম্পৰ্ক বিকশিত কৰাৰ মাপকাঠিও উচ্চাকাংক্ষী হোৱা উচিত৷ মই অতি সন্তুষ্ট যে আমি আমি নিজৰ দ্বিপাক্ষিক সম্পৰ্কক বিস্তৃত কৌশলগত সহযোগিতাৰ ৰূপত উন্নীত কৰিছো৷
বিশ্ব মহামাৰীৰ এই সময়ছোৱাত আমাৰ বিস্তৃত কৌশলগত সহযোগিতাৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হ’ব৷ বিশ্বক এই মহামাৰীৰ আৰ্থিক আৰু সামাজিক কুপ্ৰভাৱৰ পৰা শীঘ্ৰে মুক্ত কৰা বাবে এক সমন্বিত আৰু সহযোগিতামূলক দৃষ্টিভংগীৰ আৱশ্যক৷
আমাৰ চৰকাৰে এই সংকটক এক সূযোগ হিচাপে চোৱাৰ সিদ্ধান্ত লৈছে৷ ভাৰতত প্ৰায় সকলো ক্ষেত্ৰতে ব্যাপক সংস্কাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷ অতি শীঘ্ৰে তৃণমূল পৰ্যায়ত ইয়াৰ পৰিণাম পৰিলক্ষিত হ’ব৷ এই জটিল সময়ত আপুনি অষ্ট্ৰেলিয়াত ভাৰতীয় সমূদায়, বিশেষকৈ ভাৰতীয় শিক্ষাৰ্থীসকলৰ প্ৰতি যি ধ্যান দিছে, তাৰ বাবে বিশেষভাৱে কৃতজ্ঞতা জনাইছো৷
VRRK/SH/DB
At the virtual summit with PM @ScottMorrisonMP. https://t.co/6JIpZRae21
— Narendra Modi (@narendramodi) June 4, 2020
सबसे पहले मैं अपनी ओर से और पूरे भारत की ओर से ऑस्ट्रेलिया में COVID-19 से प्रभावित सभी लोगों और परिवारों के प्रति हार्दिक संवेदना प्रकट करना चाहूँगा: PM @narendramodi
— PMO India (@PMOIndia) June 4, 2020
इस वैश्विक महामारी ने विश्व में हर प्रकार की व्यवस्था को प्रभावित किया है। और हमारे summit का यह डिजिटल स्वरूप इसी प्रकार के प्रभावों का एक उदाहरण है: PM @narendramodi
— PMO India (@PMOIndia) June 4, 2020
हमारी आज की मुलाक़ात आपकी भारत यात्रा का स्थान नहीं ले सकती। एक मित्र के नाते, मेरा आपसे आग्रह है कि स्थिति सुधरने के बाद आप शीघ्र सपरिवार भारत यात्रा प्लान करें और हमारा आतिथ्य स्वीकार करें: PM @narendramodi
— PMO India (@PMOIndia) June 4, 2020
भारत-ऑस्ट्रेलिया संबंध विस्तृत होने के साथ-साथ गहरे भी हैं। और यह गहराई आती है हमारे shared values, shared interests, shared geography और shared objectives से: PM @narendramodi
— PMO India (@PMOIndia) June 4, 2020
मेरा मानना है कि भारत और ऑस्ट्रेलिया के संबंधों को और सशक्त करने के लिए यह perfect समय है, perfect मौक़ा है। अपनी दोस्ती को और मज़बूत बनाने के लिए हमारे पास असीम संभावनाएँ हैं: PM @narendramodi
— PMO India (@PMOIndia) June 4, 2020
कैसे हमारे संबंध अपने क्षेत्र के लिए और विश्व के लिए एक ‘factor of stability’ बनें, कैसे हम मिल कर global good के लिए कार्य करें, इन सभी पहलुओं पर विचार की आवश्यकता है: PM @narendramodi
— PMO India (@PMOIndia) June 4, 2020
भारत ऑस्ट्रेलिया के साथ अपने सम्बन्धों को व्यापक तौर पर और तेज़ गति से बढ़ाने के लिए प्रतिबद्ध है। यह न सिर्फ़ हमारे दोनों देशों के लिए महत्वपूर्ण है, बल्कि Indo-Pacific क्षेत्र और विश्व के लिए भी आवश्यक है: PM @narendramodi
— PMO India (@PMOIndia) June 4, 2020
लेकिन मैं यह नहीं कहूँगा कि मैं इस गति से, इस विस्तार से संतुष्ट हूँ। जब आप जैसा लीडर हमारे मित्र देश का नेतृत्व कर रहा हो, तो हमारे संबंधों में विकास की गति का मापदंड भी ambitious होना चाहिए: PM @narendramodi
— PMO India (@PMOIndia) June 4, 2020
वैश्विक महामारी के इस काल में हमारी Comprehensive Strategic Partnership की भूमिका और महत्वपूर्ण रहेगी। विश्व को इस महामारी के आर्थिक और सामाजिक दुष्प्रभावों से जल्दी निकलने के लिए एक coordinated और collaborative approach की आवश्यकता है: PM @narendramodi
— PMO India (@PMOIndia) June 4, 2020
हमारी सरकार ने इस Crisis को एक Opportunity की तरह देखने का निर्णय लिया है। भारत में लगभग सभी क्षेत्रों में व्यापक reforms की प्रक्रिया शुरू की जा चुकी है। बहुत जल्द ही ग्राउंड लेवल पर इसके परिणाम देखने को मिलेंगे: PM @narendramodi
— PMO India (@PMOIndia) June 4, 2020
इस कठिन समय में आपने ऑस्ट्रेलिया में भारतीय समुदाय का, और ख़ास तौर पर भारतीय छात्रों का, जिस तरह ध्यान रखा है, उसके लिए मैं विशेष रूप से आभारी हूँ: PM @narendramodi
— PMO India (@PMOIndia) June 4, 2020