Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ ৰে’ল মন্ত্ৰালয় আৰু ইউৰোপিয়ান কমিশ্যনৰ মবিলিটি আৰু পৰিবহন সঞ্চালক প্ৰধানৰ মাজত ৰে’লৱে ক্ষেত্ৰত সহযোগিতাৰ বাবে আগবঢ়োৱা প্ৰশাসনিক চুক্তিলৈ কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভৱিষ্যতৰ শক্তিশালী কাৰিকৰী বিনিময় আৰু সহযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ ৰে’ল মন্ত্ৰালয় আৰু ইউৰোপিয়ান কমিশ্যনৰ মবিলিটি আৰু পৰিবহন সঞ্চালক প্ৰধানৰ মাজত ৰে’লৱে ক্ষেত্ৰত সহযোগিতাৰ বাবে আগবঢ়োৱা প্ৰশাসনিক চুক্তিলৈ যাৱতীয় অনুমোদন আগবঢ়াইছে।

কৌশল আৰু লক্ষ্যৰ কাৰ্যকৰীকৰণ

প্ৰশাসনিক ব্যৱস্থাৱলীৰ চুক্তি স্বাক্ষৰিত হৈছিল ২০১৯ চনৰ ৩ ছেপ্তেম্বৰ তাৰিখে। এই প্ৰশাসনিক চুক্তিয়ে নিম্নোক্ত প্ৰধান প্ৰধান দিশবোৰত বিশেষ গুৰুত্ব আগবঢ়াবৰ বাবে সহযোগিতাৰ এক শক্তিশালী পৰিকাঠামো প্ৰদান কৰিব –

1. সুৰক্ষা, সা-সৰঞ্জামৰ সক্ষমতা, অৰ্থনৈতিক প্ৰশাসন আৰু ৰে’লৱেৰ বিত্তীয় স্থিৰতাৰ EU আইন প্ৰণয়নকাৰী পৰিকাঠামোৰ সৈতে ৰে’লৰ সংস্কাৰ সাধন আৰু নীতি-নিয়মসমূহ;

2. ৰে’লৱে’কৰ সুৰক্ষা;

3. মানকৰণৰ লাভালাভৰ লগতে ৰে’লৱেৰ অৰ্থনৈতিক প্ৰদৰ্শনৰ বাবে সমন্বয়মূলক মূল্যায়ণ আৰু ক্ৰয়-বিক্ৰয় প্ৰক্ৰিয়া;

4. সংকেত প্ৰদৰ্শন/নিয়ন্ত্ৰণ ব্যৱস্থা (ইউৰোপিয়ান ERTMS ব্যৱস্থাক সামৰি লৈ);

5. আন্তঃগোট আৰু পৰিবহন আন্তঃগাঁথনি নেটৱৰ্ক;

6. উদ্ভাৱনীয়তা আৰু ডিজিটেলকৰণ;

7. আন্তঃৰাষ্ট্ৰীয় ৰে’ল সন্মিলন আৰু মানক নিয়ামকসমূহৰ ক্ষেত্ৰত অভিজ্ঞতা বিনিময়;

8. অৰ্থনৈতিক, সামাজিক আৰু পৰিৱেশগত দৃষ্টিভঙ্গীকে ধৰি ৰে’লৱেত দীৰ্ঘম্যাদী নীতি।

পটভুমি

ৰে’ল মন্ত্ৰালয়ে পাৰস্পৰিক সহযোগিতাৰ কিছু নিৰ্ধাৰিত ক্ষেত্ৰত, যেনে উচ্চ গতিসম্পন্ন ৰে’ল, পূৰ্বৰে পৰা থকা ৰে’লপথবোৰত গতি বৃদ্ধি, ষ্টেশ্যনবোৰক বিশ্বমানৰ কৰি গঢ়ি তোলা, ৰে’ল আন্তঃগাঁথনিৰ আধুনিকীকৰণ আদিকে ধৰি একাধিক বিষয়ত ৰে’ল খণ্ডত কাৰিকৰী সহযোগিতাৰ বাবে বিভিন্ন বিদেশী চৰকাৰ আৰু ৰাষ্ট্ৰীয় ৰে’ল বিভাগৰ সৈতে বুজাবুজি চুক্তি/সহযোগিতাৰ চুক্তি স্বাক্ষৰ কৰিছে। ৰে’লৱে প্ৰযুক্তি আৰু অপাৰেশ্যনছ, জ্ঞান বিনিময়, কাৰিকৰী ভ্ৰমণ, প্ৰশিক্ষণ আৰু আলোচনাচক্ৰ আৰু পাৰস্পৰিক ইচ্ছাৰ দিশবোৰত আয়োজন কৰা কৰ্মশালা সংক্ৰান্তীয় তথ্য বিনিময়ৰ যোগেদি এই সহযোগিতাত উপনীত হ’ব পৰা যাব।

এই বুজাবুজি চুক্তি/সহযোগিতা চুক্তিয়ে ৰে’লৱে খণ্ডত হোৱা শেহতীয়া উন্নয়ন, পৰিবৰ্তন আৰু জ্ঞান সংক্ৰান্তত মত-বিনিময় কৰা আৰু নিজৰ চিন্তাধাৰা উপস্থাপন কৰিবলৈ ইয়াৰ সৈতে জড়িত সংশ্লিষ্ট কৰ্তৃপক্ষসমূহক এক শক্তিশালী মঞ্চ প্ৰদান কৰিব আৰু স্বাভাৱিকতে কাৰিকৰী বিশেষজ্ঞ, প্ৰতিবেদন আৰু কাৰিকৰী তথ্যাৱলী, নিৰ্দ্দিষ্ট কাৰিকৰী প্ৰযুক্তি এলেকাত গুৰুত্ব প্ৰদানেৰে আয়োজন কৰা প্ৰশিক্ষণ আৰু আলোচনাচক্ৰ/কৰ্মশালা আদিৰ সুন্দৰ বিনিময় কৰিব পৰা যাব।

*******

VRRK/SC/SH/RD