Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ ৭৬ সংখ্যক ‘গণৰাজ্য দিৱস’ত শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ‘মহামহিম’ ইমানুৱেল মেক্ৰন আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ‘মহামহিম’ মিচেল মাৰ্টিনক ভাৰতৰ ৭৬ সংখ্যক ‘গণৰাজ্য দিৱস’ত শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে ‘এক্স’ত কৰা এটা ‘পোষ্ট’ৰ সঁহাৰি দি শ্ৰী মোদীয়ে কয়:

“মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি @EmmanuelMacron ভাৰতৰ ৭৬ সংখ্যক ‘গণৰাজ্য দিৱস’ত আপুনি প্ৰেৰণ কৰা শুভেচ্ছাৰ বাবে আন্তৰিকতাৰে প্ৰশংসা কৰিছো। এই দিনটোত যোৱা বছৰ আপোনাৰ গৰিমাপূৰ্ণ উপস্থিতি সঁচাকৈয়ে আমাৰ কৌশলগত অংশীদাৰিত্ব আৰু স্থায়ী বন্ধুত্বৰ এক উচ্চ বিন্দু আছিল। আমি মানৱতাৰ উন্নত ভৱিষ্যতৰ বাবে একেলগে কাম কৰি থকা, পেৰিছত অনুষ্ঠিতব্য ‘এআই একশ্যন ছামিট’ৰ সময়ত আপোনাক অচিৰেই লগ পাম।”

আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত প্ৰেৰণ কৰা এক ‘পোষ্ট’ৰ প্ৰতি সঁহাৰি দি শ্ৰী মোদীয়ে কয়:

“প্ৰধানমন্ত্ৰী @MichealMartinTD আপোনাৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনাইছোঁ। মই নিশ্চিত যে গণতন্ত্ৰৰ প্ৰতি অংশীদাৰী আস্থা আৰু বিশ্বাস আধাৰিত ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বন্ধুত্বৰ স্থায়ী বন্ধন অনাগত সময়তো শক্তিশালী হৈ থাকিব।”

 

***

Mattu J.P.Singh/Siddhant Tiwari/KB