প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বছৰটোৰ তুলনাত চলিত বৰ্ষত টুতিকোৰিন ভিঅ’চি বন্দৰে ১১.৩৫% বৃদ্ধিৰে লাভ কৰা সাফল্যৰ প্ৰশংসা কৰে। বন্দৰটোৱে ১৪ মাৰ্চ, ২০২৩ তাৰিখ পৰ্যন্ত ৩৬.০৩ নিযুত টন কাৰ্গো সৰবৰাহ কৰাৰ লগতে জাহাজ মন্ত্ৰালয়ে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে নিৰ্ধাৰণ কৰা ৩৬ নিযুত টনৰ লক্ষ্য ১৭ দিন আগতে অতিক্ৰম কৰিছে।
তুতিকোৰিনৰ ভি অ চিদাম্বৰানাৰ বন্দৰ কৰ্তৃপক্ষৰ এটা টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
“ভাল কথা! ভাৰতৰ বন্দৰখণ্ডই দ্ৰুতগতিত অগ্ৰগতি লাভ কৰাৰ লগতে অৰ্থনৈতিক প্ৰগতিতো অৰিহণা আগবঢ়াইছে।”
Good! India’s port sector is growing rapidly and contributing to economic progress. https://t.co/xMWvj0fQrJ
— Narendra Modi (@narendramodi) March 16, 2023
***
DS/ST/KB
Good! India's port sector is growing rapidly and contributing to economic progress. https://t.co/xMWvj0fQrJ
— Narendra Modi (@narendramodi) March 16, 2023