Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতীয় ৰে’লৰ পৰিৱৰ্তনশীল প্ৰতিষ্ঠানগত পুনৰ গঠনত কেবিনেটৰ অনুমোদন


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰতীয় ৰে’লৰ পৰিৱৰ্তনশীল প্ৰতিষ্ঠানগত পুনৰ গঠনত  অনুমোদন জনাইছে৷ এই ঐতিহাসিক সংস্কাৰে ভাৰতৰ বিকাশৰ যাত্ৰাত ভাৰতীয় ৰে’লক বিকাশৰ ইঞ্জিন হিচাপে গঢ় দিয়াত ভাৰত চৰকাৰৰ দীৰ্ঘদিনীয়া দৃষ্টিভংগী পুৰণ কৰিব৷

এই সংস্কাৰবোৰৰ ভিতৰত

  1. ৰে’লৱেৰ ৮টা গ্ৰুপ ‘এ’ সেৱাৰ এক কেন্দ্ৰীয় সেৱা হিচাপে একত্ৰীকৰণ কৰি ইয়াক ভাৰতীয় ৰে’ল ব্যৱস্থা সেৱা (আআৰএমএছ) কৰা
  2. চিআৰবিৰ নেতৃত্বত চাৰিগৰাকী সদস্য আৰু একাংশ স্বতন্ত্ৰ সদস্যক লৈ ৰে’লৱে বোৰ্ডৰ পুনৰ গঠন কৰা
  3. ভাৰতীয় ৰে’লৱে চিকিৎসা সেৱা (আইআৰএমএছ)ক সমান্তৰালভাৱে ভাৰতীয় ৰে’লৱে স্বাস্থ্য সেৱা (আইআইএইচএছ) হিচাপে নামকৰণ কৰা

ভাৰতীয় ৰেলে সমগ্ৰ ৰে নেটৱর্কৰ আধুনিকীকৰণত এক উচ্চাকাংক্ষী পৰিকল্পনা হাতত লৈছে৷ সেই অনুসৰি অহা ১২ বছৰত সুৰক্ষা আৰু নিৰাপত্তা, গতি আৰু যাত্রীৰ সেৱাৰ ক্ষেত্রত কৃষ্ট মানৰ সেৱা প্ৰদানত ৫০ লাখ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ লোৱা হৈছে। আজিৰ কেবিনেট বৈঠকত যিবোৰ সংস্কাৰৰ কথা ঘোষণা কৰা হৈছে, সেইবোৰ কেন্দ্রীয় বাজেটৰ সৈতে একেৱগে উত্থাপন কৰা ৰে’ল বাজেটতো উল্লেখ কৰা হৈছিল। তদুপৰি, ৰে’লৱেৰ জেনেৰেল মেনেজাৰ আৰু ক্ষেত্ৰ বিষায়সকলক আৰু অধিক ক্ষমতা প্ৰদানৰ বিষয়টোও বাজেটত প্ৰস্তাৱত উল্লেখ আছিল৷

বিভিন্ন ক্ষেত্রত দেখা দিয়া প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰা আৰু বর্তমানৰ সমস্যাসমূহ সমাধানত কার্যকৰী পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা দেখা দিছে। সমগ্ৰ বিশ্বত ৰে’ল ব্যৱস্থাক কর্পোৰেট গোষ্ঠীৰ দ্বাৰা চালিত কৰা হৈছে। কিন্তু ভাৰতত এতিয়াও ৰে’ল চলাচল ব্যৱস্থাৰ নিয়ন্ত্ৰণ পোনপটীয়াকৈ চৰকাৰৰ হাততে আছে। ৰে’লৰ বিভিন্ন বিভাগক একত্ৰীকৰণ কৰি ৰে’ল ব্যৱস্থাক আৰু অধিক কার্যকৰী কৰি তোলা তথা সিদ্ধান্ত গ্ৰহণ প্ৰক্রিয়াক আৰু অধিক ত্বৰান্বিত কৰিবলৈকে চৰকাৰে এই প্ৰচেষ্টা হাতত লৈছে৷

ভাৰতীয় ৰে’লৰ সংস্কাৰৰ লক্ষ্যৰে গঠিত একাধিক কমিটীৰ বিভিন্ন বিভাগৰ মাজত একীকৃত সেৱা প্ৰদানৰ ক্ষেত্রত একত্ৰীকৰণৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছিল। সেইহিচাপে, প্ৰকাশ টেণ্ডন কমিটী(১৯৯৪), ৰাকেশ মোহন কমিটী(২০০১), ছেম পিট্ৰোডা কমিটী(২০১২) আৰু ২০১৫ চনত শেহতীয়া বিবেক দেবৰায় কমিটীয়েও একেই প্ৰস্তাৱ দিছিল৷

উল্লেখ্য যে এই সংস্কাৰসমূহে ২০১৯ৰ ৭ আৰু ৮ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত ৰে’লৱে বিষয়াসকলৰ দুদিনীয়া সন্মিলন ‘পৰিৱৰ্তন সংগোষ্ঠী’ত ব্যাপক সমৰ্থন লাভ কৰে৷ তদুপৰি, ৰে’ল বোৰ্ডে ৮ ডিচেম্বৰত সন্মিলনৰ সমান্তৰালভাৱে এখনি বিশেষ সভা আয়োজন কৰিছিল৷ প্ৰস্তাৱিত ৰে’লৱেৰ ৮টা গ্ৰুপ ‘এ’ সেৱাৰ এক কেন্দ্ৰীয় সেৱা হিচাপে একত্ৰীকৰণ কৰি ভাৰতীয় ৰে’ল ব্যৱস্থা সেৱা গঠনৰ সন্দৰ্ভত কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ(ডিঅ’পিটি)ৰ সহায়ত ৰে’ল মন্ত্ৰালয়ে বিভিন্ন সেৱাৰ ক্ষেত্রত অভিন্নতা অনাৰ বাবে প্ৰয়োজনীয় পদ্ধতি আৰু সেয়া ৰূপায়ণৰ বিষয় চূড়ান্ত কৰিব৷ তদুপৰি, কেন্দ্ৰীয় অমাৰিক সেৱা আয়োগে ইয়াৰ নিযুক্তিৰ ব্যৱস্থা কৰিব৷ সমগ্ৰ প্ৰক্রিয়াত স্বচ্ছতা আৰু সততা বজাই ৰাখিবলৈ কেন্দ্রীয় কেবিনেটৰ জৰিয়তেও বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ বিকল্প এই ব্যৱস্থাৰ চূড়ান্ত ৰূপ দিবলৈ এবছৰ সময় ধাৰ্য কৰা হৈছে৷

ৰে’ল বোর্ডে বিভিন্ন বিভাগৰ জৰিয়তে কাম-কাজ পৰিচালনাৰ পৰিৱর্তে অধ্যক্ষ নিয়োগ কৰি কাম-কাজ ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে। বোর্ডৰ অধ্যক্ষগৰাকীয়ে মুখ্য কার্যবাহী বিষয়া হিচাপে কাম কৰিব৷ তেওঁক সহায় কৰাৰ বাবে থাকিব আৰু চাৰি জন সদস্য, যিসকলে আন্তঃগাঁথনি, পৰিচালনা আৰু ব্যৱসায়িক কাম-কাজ, ৰোলিং ষ্টক আৰু আর্থিক বিষয়বোৰ চোৱা-চিতা কৰিব৷ তদুপৰি, বোর্ডত কেইবাজনো নিৰপেক্ষ সদস্যও থাকিব৷ সংশ্লিষ্ট কর্তৃপক্ষই নির্দিষ্ট সময়ৰ মুৰে মুৰে নিৰপেক্ষ সদস্যই চূড়ান্ত কৰা ক্ষেত্ৰত সিদ্ধান্ত ল’ব৷ সেয়েহে সদস্যসকলক তেওঁলোকৰ অতি কমেও ৩০ বছৰীয়া অভিজ্ঞতাৰ ভিত্তিত মনোনীত কৰা হ’ব৷ নিৰপেক্ষ সদস্যসকলে ৰে’ল বোর্ডক কৌশলগত ৰূপৰেখা চূড়ান্ত কৰাত সহায় কৰিব৷ সংশ্লিষ্ট বিষয়া আৰু সদস্যসকল চূড়ান্ত হোৱাৰ পাছতে পুনৰ গঠিত বোর্ডৰ কাম-কাজ আৰম্ভ হ’ব৷

***************

VRRK/SC/SH/DB