Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ


আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ সৈতে এক  টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বক শক্তিশালী কৰি ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ উত্থাপন কৰে। তেওঁলোকে বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, উদীয়মান প্ৰযুক্তি আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত ৰোডমেপ ২০৩০ৰ অধীনত হোৱা অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে।

দুয়োগৰাকী বিশ্বনেতাই পাৰস্পৰিকভাৱে লাভজনক মুক্ত বাণিজ্য চুক্তিৰ আগতীয়া সমাপ্তিৰ দিশত হোৱা অগ্ৰগতিৰ ইতিবাচক মূল্যায়ন কৰে।

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী উন্নয়নৰ সন্দৰ্ভতো মত বিনিময় কৰে।

দুয়োগৰাকী নেতাই আগন্তুক উৎসৱমুখৰ হোলী উপলক্ষে যোগাযোগত থকাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু পৰস্পৰে শুভেচ্ছা বাৰ্তাও বিনিময় কৰে।

***

DS/TS