মাননীয় ব্ৰাজিলৰ ৰাষ্ট্ৰপতি শ্ৰী জে’ৰ বল্স’নাৰো
দুয়োখন দেশৰ জ্যেষ্ঠ মন্ত্ৰী তথা বিষয়াসকল,
নমস্কাৰ,
বোৱা টাৰ্ডে (সুপ্ৰভাত)
বেম–ভিনড’ এ ইণ্ডিয়া
মোৰ মিত্ৰ ৰাষ্ট্ৰপতি বল্স’নাৰো আৰু তেওঁৰ উচ্চস্তৰীয় প্ৰতিনিধিৰ দলটোক ভাৰতলৈ স্বাগতম জনাইছো৷ যোৱা আঠ মাহত এয়া আমাৰ তৃতীয়টো সাক্ষাৎ৷ ইয়াৰ জৰিয়তে আমাৰ মাজত বৰ্ধিত মিত্ৰতা আৰু দুয়োখন দেশৰ মাজত দৃঢ় সম্বন্ধক প্ৰতিফলিত হৈছে৷
মহোদয়,
এয়া আমাৰ বাবে গৌৰৱৰ কথা যে আমাৰ ৭১তম গণতন্ত্ৰ দিৱস অনুষ্ঠানলৈ আপুনি মুখ্য অতিথি হিচাপে আহিছে৷ কাইলৈ ৰাজপথত গণতন্ত্ৰ দিৱসৰ পেৰেডত আপুনি ভাৰতৰ বৈচিত্ৰতাৰ ৰং–বিৰং আৰু উল্লাসপূৰ্ণ স্বৰূপ দেখিবলৈ পাব৷ ব্ৰাজিল নিজেও এক উল্লাসেৰে ভৰা দেশ৷ এনে এক মিত্ৰৰ সৈতে এই বিশেষ পৰ্বত আমি আমাৰ আনন্দ বিনিময় কৰিম৷ ভাৰতৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে মই আপোনাক ধন্যবাদ জনাইছো৷ এয়া তৃতীয়টো উপলক্ষ য’ত ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে আমাক এই সন্মান প্ৰদান কৰিছে৷ আৰু ভাৰত তথা ব্ৰাজিৰ মাজত শক্তিশালী মিত্ৰতাৰ প্ৰতীক হিচাপেও ই বিবেচিত হৈছে৷
বন্ধুসকল,
ভাৰত আৰু ব্ৰাজিলৰ কৌশলগত মিত্ৰতা আমাৰ সম পৰ্যায়ৰ চিন্তাধাৰা আৰু মূল্যবোধৰ ওপৰত আধাৰিত৷ সেইবাবে ভৌগোলিক দূৰত্ব স্বত্বেও আমি বিশ্বৰ অনেক মঞ্চত একেলগে থিয় দিছো৷ আৰু বিকাশৰ ক্ষেত্ৰত আমি পৰস্পৰে পৰস্পৰৰ গুৰুত্বপূৰ্ণ সহযোগীৰ ভূমিকাত অৱতীৰ্ণ হৈছো৷ সেইবাবে আজি ৰাষ্ট্ৰপতি বল্স’নাৰো আৰু মই আমাৰ দ্বিপাক্ষিক সংযোগিতাক সকলো ক্ষেত্ৰতে বৃদ্ধি কৰাৰ বাবে সহমত হৈছো৷ আমাৰ কৌশলগত সহযোগিতাক অধিক শক্তিশালী কৰাৰ বাবে এক ব্যাপক কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুত কৰিছো৷ ২০২৩ চনত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্বন্ধৰ প্লেটিনাম জুবিলী অনুষ্ঠিত হ’ব৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে তেতিয়ালৈ এই কাৰ্যকৰী পৰিকল্পনাই আমাৰ কৌশলগত সহযোগিতা, মানৱ–সম্পৰ্ক আৰু ব্যৱসায়িক সহযোগিতাক অধিক দৃঢ় কৰি তুলিব৷
আজি কেইবাটাও গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত কৰি মই সুখী অনুভৱ কৰিছো৷ বিনিয়োগেই হওক অথবা অপৰাধজনিত বিষয়সমূহত আইনী সাহায্য, এই চুক্তিয়ে আমাৰ সহযোগিতাক নতুন আধাৰ প্ৰদান কৰিব৷ বিভিন্ন ক্ষেত্ৰ যেনে জৈৱশক্তি, কেটল জেন’মিকছ, স্বাস্থ্য আৰু পৰম্পৰাগত ঔষধ, চাইবাৰ সুৰক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, তেল আৰু গেছ তথা সাংস্কৃতিক ক্ষেত্ৰত আমাৰ সহযোগিতা আৰু অধিক দ্ৰুত গতিত অগ্ৰসৰিত দহ’ব৷ গাইৰ স্বাস্থ্য আৰু উন্নত প্ৰজাতিৰ সহযোগিতাই আমাৰ সম্পৰ্কক মধুৰ কৰি তুলিছে৷ আগতে ভাৰতৰ পৰা গিৰ আৰু কংকৰেজী গাই ব্ৰাজিললৈ লৈ যোৱা হৈছিল৷ আৰু আজি ব্ৰাজিল আৰু ভাৰতে সেই বিশেষ পশুধনৰ বৃদ্ধি আৰু মানৱ সমাজক লাভান্বিত কৰিবলৈ সহযোগিতাত অৱতীৰ্ণ হৈছে৷ এই সহযোগিতাৰ আৰ্থিক, সামাজিক আৰু সাংস্কৃতিক গুৰুত্বক যিকোনো ভাৰতীয়ই শব্দেৰে প্ৰকাশ কৰিবলৈ টান পাব৷
বন্ধুসকল,
পৰম্পৰাগত ক্ষেত্ৰসমূহৰ উপৰিও বহু নতুন ক্ষেত্ৰ আমাৰ সম্বন্ধৰ সৈতে জড়িত৷ আমি প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা বৃদ্ধি কৰাৰ বাবে নতুন পদ্ধতিসমূহত গুৰুত্ব প্ৰদান কৰিছো৷ প্ৰতিৰক্ষা সহযোগিতাত আমি ব্ৰ’ড–বেছড্ সহযোগিতা বিচাৰিছো৷ এই সম্ভাৱনাসমূহ প্ৰত্যক্ষ কৰি আমি সুখী হৈছো যে অহা মাহত লক্ষ্ণৌত ডেফএক্সপ’ ২০২০ত ব্ৰাজিলৰ এক বৃহৎ প্ৰতিনিধিৰ দলে অংশগ্ৰহণ কৰিব৷ মই সুখী হৈছো যে জৈৱশক্তি, আয়ুৰ্বেদ আৰু অত্যাধুনিক কম্পিউটিঙত গৱেষণাত সহযোগিতা বৃদ্ধিৰ বাবে শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা সম্পন্ন হৈছে৷
মহোদয়,
ভাৰতৰ অৰ্থনৈতিক ৰূপান্তৰণত ব্ৰাজিলে এক গুৰুত্বপূৰ্ণ সহযোগীত ভূমিকাত অৱতীৰ্ণ হৈছে৷ খাদ্য আৰু শক্তিখণ্ডত আমাৰ আৱশ্যকতাসমূহৰ বাবে আমি ব্ৰাজিক এক বিশ্বাসযোগ্য স্ৰোতৰ ৰূপত দেখিবলৈ পাইছো৷ আমাৰ দ্বিপাক্ষিক ব্যৱসায়ো বৃদ্ধি হ’বলৈ ধৰিছে৷ দুয়োখন বৃহৎ অৰ্থব্যৱস্থাৰ মাজত পূৰকতাসমূহ প্ৰত্যক্ষ কৰি আমি ইয়াক অধিক সংবৰ্ধিত কৰাৰ অৱকাশ দেখিবলৈ পাইছো৷ আপোনাৰ সৈতে ব্ৰাজিলৰ প্ৰভাৱশালী ব্যৱসায়িক প্ৰতিনিধিমণ্ডলক ভাৰতত আদৰণি জনাবলৈ পাই সুখী অনুভৱ কৰিছো৷ মোৰ বিশ্বাস যে ভাৰতীয় উদ্যমী আৰু ব্যৱসায়ীসকলৰ সৈতে তেওঁলোকৰ সাক্ষাতে উন্নত ফলাফল প্ৰদৰ্শন কৰিব৷
বন্ধুসকল,
দুয়োখন দেশৰ তৰফৰ পৰা বিনিয়োগক সুগম কৰি তোলাৰ আৱশ্যকীয় আইনী পৰিকাঠামো প্ৰস্তুত কৰা হৈছে৷ আজিৰ আন্তঃসংযোগী বিশ্বত ভাৰত আৰু ব্ৰাজিলৰ মাজত সামাজিক প্ৰতিৰক্ষা চুক্তি প্ৰণালীক সুগম কৰি তোলাৰ ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে৷
বন্ধুসকল,
দুয়োখন দেশেই বৃহৎ গণতান্ত্ৰিক দেশ হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বজনীন তথা বহুমুখী বিষয়সমূহত ভাৰত আৰু ব্ৰাজিলৰ মৰ্যাদা সমান৷ সেয়া লাগিলে সন্ত্ৰাসবাদ অথবা পৰিবেশৰ দৰে গুৰুত্বপূৰ্ণ সমস্যাই নহওক কিয়৷ বিশ্বৰ সন্মুখত দেখা দিয়া কঠিন প্ৰত্যাহ্বানসমূহক লৈ আমাৰ দৃষ্টিভংগীৰ সাদৃশ্যতা আছে৷ বিশেষকৈ ব্ৰিকছ আৰু আইবিএছএত আমাৰ সহযোগিতাত, ভাৰতে বৈদেশিক নীতিত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷ আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে দুয়োখন দেশেই বহুমুখী বিষয়সমূহত নিজৰ সহযোগিতা অধিক দৃঢ় কৰিব৷ আৰু নিৰাপত্তা পৰিষদ, ৰাষ্ট্ৰসংঘ আৰু অন্য আন্তৰ্জাতিক সংস্থাসমূহত প্ৰয়োজনীয় সংশোধনৰ বাবে একত্ৰিতভাৱে প্ৰয়াস কৰিম৷
বন্ধুসকল,
মই পুনৰবাৰ ৰাষ্ট্ৰপতি বল্স’নাৰো আৰু তেওঁৰ প্ৰতিনিধিমণ্ডলক ভাৰতলৈ স্বাগতম জনাইছো৷ তেওঁৰ এই যাত্ৰাই ভাৰত–ব্ৰাজিলৰ সম্পৰ্কৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে৷
মুইট’ অব্ৰিগাড’৷
ধন্যবাদ৷
*****
VRRK/KP
पिछले आठ महीनों में यह हमारी तीसरी मुलाकात है।
— PMO India (@PMOIndia) January 25, 2020
यह हमारे बीच बढ़ती मित्रता और दोनों देशों के बीच गहराते संबंधों को दर्शाती है: PM @narendramodi pic.twitter.com/dXNJEnPrRM
ब्राजील खुद भी उल्लास से भरे पर्वों का देश है।
— PMO India (@PMOIndia) January 25, 2020
एक मित्र के साथ इस विशेष पर्व पर हम अपनी खुशी साझा करेंगे।
भारत का निमंत्रण स्वीकार करने के लिए मैं आपको धन्यवाद देता हूं: PM @narendramodi pic.twitter.com/BHtLIIdGC2
हमारी Strategic Partnership को और मज़बूत करने के लिए एक वृहद् Action Plan तैयार किया गया है।
— PMO India (@PMOIndia) January 25, 2020
सन् 2023 में दोनों देशों के बीच diplomatic संबंधों की platinum jubilee होगी: PM @narendramodi pic.twitter.com/kc2avKixdR
विविध क्षेत्रों जैसे Bio-Energy,
— PMO India (@PMOIndia) January 25, 2020
Cattle Genomics, Health and Traditional Medicine, Cyber Security, विज्ञान और प्रोद्योगिकी, तेल और गैस तथा संस्कृति में हमारा सहयोग और तेज़ी से आगे बढ़ेगा: PM @narendramodi pic.twitter.com/Zmtl1RFpmI
हम defence industrial cooperation को बढ़ाने के लिए नए तरीकों पर focus कर रहे हैं।
— PMO India (@PMOIndia) January 25, 2020
रक्षा सहयोग में हम broad-based partnership चाहते हैं: PM @narendramodi pic.twitter.com/pWNPXhUs0k
आज हमने तय किया है कि दोनों देश multilateral मुद्दों पर अपने सहयोग को और दृढ़ बनायेंगे।और हम सुरक्षा परिषद,
— PMO India (@PMOIndia) January 25, 2020
संयुक्त राष्ट्र और अन्य अंतर्राष्ट्रीय संगठनों में आवश्यक सुधार के लिए मिलकर प्रयासरत रहेंगे: PM @narendramodi