প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত বৈদ্যুতিক যন্ত্রাংশ আৰু ছেমিকণ্ডাক্টৰ নির্মাণত উৎসাহ যোগোৱাৰ আঁচনি(স্কিম ফৰ প্ৰমোচন অৱ ইলেকট্ৰনিক কম্পোনেণ্টছ এণ্ড ছেমিকণ্ডাক্টৰ-এছপিইচিএছ)ত মুলধনী ব্যয়ৰ ২৫ শতাংশ উপৰুৱা বিত্তীয় সাহায্য ৰেহাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে৷ দেশত বৈদ্যুতিক সামগ্রী নির্মাণক শক্তিশালী কৰিবলৈ আভ্যন্তৰীণ উদ্যোগক এই আঁচনিয়ে সহায় কৰিব৷
প্ৰয়োজনীয় ধনঃ
ইয়াৰ ফলত ৩,২৫২ কোটি টকাৰ সহায় ৰেহাই দিয়াৰ সুযোগৰ বাবে হ’বলগীয়া ব্যয় তথা ৩২ কোটি টকাৰ প্ৰশাসনিক ব্যয়সহ মুঠ ৩,২৮৫ কোটি টকাৰ আঁচনি ৰূপায়ণ কৰা হ’ব৷
লাভালাভঃ
• এই প্ৰস্তাৱৰ জৰিয়তে বৈদ্যুতিক ক্ষেত্রত ২০হাজাৰ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনা দেখা দিছে৷
• যাৰ জৰিয়তে ডেৰ লাখ লোকৰ প্ৰত্যক্ষ কর্ম সংস্থাপনৰ লগতে মুঠ ৬ লাখ লোকৰ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব৷
• ইয়াৰ ফলত ম’বাইল, উপভোক্তা, উদ্যোগ খণ্ড, স্বয়ংক্রিয়, চিকিৎসা সম্পৰ্কীয়, কৌশলগত, বিদ্যুৎ, টেলিকম, কম্পিউটাৰ হার্ডৱেকৰে ধৰি সকলো বৈদ্যুতিক ক্ষেত্রৰ চাহিদা পূৰণ হ’ব৷
• ইয়াৰ জৰিয়তে দেশত ব্যাপক হাৰত ঘৰুৱা সামগ্ৰীৰ নিৰ্মাণ বৃদ্ধিৰে আমদানি হ্ৰাস কৰাৰ লগতে দেশৰ ডিজিটেল সুৰক্ষাও বৃদ্ধি কৰিব৷
*******
VRRK/AK/DB