Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বেলজিয়ামৰ মহামহিম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা শ্ৰী বাৰ্ট ডি ৱেভাৰক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেলজিয়ামৰ মহামহিম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা শ্ৰী বাৰ্ট ডি ৱেভাৰক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ভাৰত-বেলজিয়ামৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে গোলকীয় বিষয়সমূহৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে একেলগে কাম কৰাৰ বাবেও আত্মবিশ্বাস ব্যক্ত কৰে।

‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:

কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী @Bart_DeWever আন্তৰিক অভিনন্দন জনাইছোঁ। মই ভাৰত-বেলজিয়ামৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে আৰু গোলকীয় বিষয়সমূহৰ ক্ষেত্ৰত আমাৰ সহযোগিতা বৃদ্ধিৰ বাবে একেলগে কাম কৰাৰ বাবে আশাবাদী। আগন্তুক সফল কাৰ্যকালৰ বাবে আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।”

 

 

***

MJPS/SR/KB