Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্ব পৰ্যটন দিবস উপলক্ষে অবিশ্বাস্য ভাৰতৰ সৌন্দৰ্য আৱিষ্কাৰ কৰিবলৈ বিশ্ববাসীক আহ্বান প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্ববাসীক ভাৰতৰ সৌন্দৰ্য আৱিষ্কাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে দেশৰ নৱপ্ৰজন্মক সমগ্ৰ দেশ ভ্ৰমণ কৰি ইয়াৰ বৈচিত্ৰতাৰ সন্ধান কৰিবলৈও আহ্বান জনায়।

 

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বিশ্ব পৰ্যটন দিবসত মই বিশ্ববাসীক ভাৰতলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকক অবিশ্বাস্য ভাৰতৰ সৌন্দৰ্য আৱিষ্কাৰ কৰাৰ লগতে আমাৰ লোকসকলৰ আতিথ্য গ্ৰহণৰ বাবেও আহ্বান জনাইছোঁ।

 

মই বিশেষকৈ মোৰ যুৱ বন্ধুসকলক সমগ্ৰ দেশ ভ্ৰমণ কৰাৰ লগতে আমাৰ বিশাল দেশৰ বৈচিত্ৰতা স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ আহ্বান জনাইছোঁ।

 

প্ৰধানমন্ত্ৰীয়ে লগতে যোৱা দেওৱাৰে মন কী বাতৰ ৩৬ সংখ্যক অনুষ্ঠানত পৰ্যটন সন্দৰ্ভত দিয়া বক্তব্যৰ এটা ক্লিপো শ্বেয়াৰ কৰে।”

https://soundcloud.com/narendramodi/unity-in-diversity-is-indias-speciality

***

AKT/HS/DB