Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্ব ঊমিয়াধাম কমপ্লেক্সৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্রীৰ

বিশ্ব ঊমিয়াধাম কমপ্লেক্সৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্রীৰ

বিশ্ব ঊমিয়াধাম কমপ্লেক্সৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্রীৰ

বিশ্ব ঊমিয়াধাম কমপ্লেক্সৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্রীৰ


এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে কয় যে সমাজক শক্তিশালী কৰাৰ বাবে আমাৰ দেশৰ সাধু-সন্ন্যাসীসকলে আমাক মূল্যবান উপদেশ দি গৈছে। তেওঁলোকে অন্যায় আৰু উৎপীড়ণৰ বিৰুদ্ধে মোকাবিলা কৰাৰ শক্তিও যোগাই আহিছে বুলি সদৰি কৰে প্ৰধানমন্ত্রীয়ে।

প্ৰধানমন্ত্রীয়ে কয় যে আমাৰ সাধু-সন্ন্যাসীসকলে অতীতৰ সেই ভাল দিশসমূহ যাতে আমি গ্ৰহণ কৰিব পাৰো, তাৰ শিক্ষা দিয়াৰ লগতে সময়ৰ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই চলাৰ শিক্ষাও প্ৰদান কৰি গৈছে৷

জনসাধাৰণক উপকৃত কৰা প্ৰচেষ্টাসমূহ সন্দৰ্ভত ক’বলৈ গৈ প্ৰধানমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰে সৰু পৰিসৰত কাম কৰিব নিবিচাৰে, বিশাল পৰিসৰত সমাজৰ সকলো শ্রেণীৰ লোকক উপকৃত কৰিব পৰাধৰণৰ কাম কৰিব বিচাৰে৷

সামাজিক পৰ্যায়ত দেশৰ তৰুণ প্ৰজন্মক ভাল শিক্ষা প্ৰদানৰ গুৰুত্ব সম্পৰ্কেও কয় প্ৰধানমন্ত্রীয়ে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যিসকলে মা ঊমিয়াক বিশ্বাস কৰে, তেওঁলোকে কেতিয়াও কন্যাভ্রূণ হত্যা কৰাটোক সমর্থন কৰিব নোৱাৰে।

প্ৰধানমন্ত্রীয়ে প্ৰসংগক্ৰমে লিংগ বৈষম্যহীন সমাজ গঢ় দিবলৈ উপস্থিত ৰাইজৰ প্ৰতি আহ্বান জনায়৷

***

AKT/SH/DB