Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্বৰ তেল আৰু গেছ প্ৰতিষ্ঠাসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষজ্ঞৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে সোমবাৰে বিশ্বৰ তেল আৰু গেছ প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া তথা আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ সৈতে এক আলোচনাত মিলিত হয়। ৰছনেফট্‌, বিপি, ৰিলায়েন্স, ছৌদি আৰামকো, এক্সন মোবিল, ৰয়েল ডাচ্চ শেল, বেদান্ত, উড মেকেনজী, আইএইচএছ মার্কিট, স্কালমবার্গাৰ, হালিবাৰ্টন্, এক্সকোল, অ’এনজিচি, ইণ্ডিয়ান অইল, গেইল, পেট্রোনেট এলএনজি, অইল ইণ্ডিয়া, এইচপিচিএল, ডেলোনেক্স এনার্জি, এনআইপিএফপি, ইন্টাৰনেচনেল গেছ ইউনিয়ন, বিশ্ব বেংক আৰু ইন্টাৰনেচনেল এনার্জি এজেন্সিৰ মুখ্য কাৰ্যবাহী বিষয়া তথা বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে।

আলোচনাত কেন্দ্রীয় মন্ত্রী শ্রী ধর্মেন্দ্র প্রধান আৰু শ্রী আৰ কে সিঙৰ উপৰি নীতি আয়োগ, প্রধানমন্ত্রীৰ কাৰ্যালয়, পেট্র’লিয়াম মন্ত্রালয় তথা বিত্ত মন্ত্রানয়ৰ উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।

এই আলোচনামুলৰ বৈঠকৰ আয়োজন কৰে নীতি আয়োগে। বৈঠকত কেন্দ্রীয় পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ বিভাগৰ মন্ত্রী শ্রী ধর্মেন্দ্র প্রধান আৰু শ্রী ৰাজীৱ কুমাৰ সিং তথা নীতি আয়োগৰ উপাধ্যক্ষই তেল আৰু গেছ খণ্ডৰ কাম-কাজ তথা সাফল্যৰ এটি চমু খতিয়ান তুলি ধৰে। ভাৰতৰ বিদ্যুৎ আৰু ৰন্ধন গেছৰ খণ্ডৰ সম্ভাব্য চাহিদাৰ বিষয়টো তেওঁলোকে বৈঠকত ব্যাখ্যা আগবঢ়ায়। বৈদ্যুতিকৰণ আৰু এলপিজিৰ প্রসাৰৰ ক্ষেত্রত যি গুৰুত্বপূর্ণ অগ্রগতি লক্ষ্য কৰা হৈছে, সেই সন্দৰ্ভতো ব্যখা আগবঢ়ায়।

চমু উপস্থাপনৰ জৰিয়তে সাম্প্রতিক সময়ত ভাৰতৰ তেল আৰু গেছ খণ্ডৰ যি উন্নয়ন আৰু প্ৰত্যাহ্বান লক্ষ্য কৰা গৈছে, তাৰ বিষয়ে সকলোৰে আগত তুলি ধৰে নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া শ্রী অমিতাভ কান্তে।

বৈঠকত উপস্থিত মুখ্য কাৰ্যবাহী বিষয়া আৰু বিষয়াসকলে যোৱা তিনি বছৰত প্ৰধানমন্ত্ৰীয়ে ভাৰত লোৱা সংস্কাৰ আৰু অগ্রগতিমুলক প্রচেষ্টাৰ ভুয়সী প্রশংসা কৰে। শক্তি খণ্ডৰ সংস্কাৰমুলক প্রচেষ্টাত যি গতি আৰু চালিকা শক্তি ৰূপে বহন কৰিছে, সেই ক্ষেত্ৰতো প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ শলাগ লয় মুখ্য কাৰ্যবাহী বিষয়াসকলে। এটা একক শক্তি নীতি, ঠিকা সম্পর্কীয় পৰিকাঠামো ব্যৱস্থা, ভূ-কম্পন সম্পর্কীত তথ্য আৰু পৰিসংখ্যা, জৈৱ শক্তি ব্যৱহারত উৎসাহ যোগোৱা, গেছৰ যোগান বৃদ্ধি, এটি গেছ হাব গঢ়ি তোলা আৰু নিয়ন্ত্রণ ব্যৱস্থা সম্পর্কীত বিভিন্ন বিষয়ৰ সন্দৰ্ভতো তেওঁলোকে আলোকপাত কৰে। জিএছটি’ৰ পৰিকাঠামোত গেছ আৰু বিদ্যুতৰ অন্তর্ভুক্তিৰ সমর্থনত অংশগ্রহণকাৰী বিষয়াসকলৰ অধিকাংশই পৰামৰ্শ প্ৰদান কৰে। এই সন্দৰ্ভত কেন্দ্রীয় ৰাজহ সচিব শ্রীহংসমুখ আধিয়াই তেওঁৰ বক্তব্যত তেল আৰু গেছ খণ্ডৰ সম্পর্কে জিএছটি পৰিষদৰ শেহতীয়া সিদ্ধান্তসমূহ উল্লেখ কৰে।

বৈঠকত উপস্থিত অন্যান্য লোকসকলে আগবঢ়োৱা আলোচনা আৰু মতামতৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ধন্যবাদ জনায়। তেওঁ কয় যে ২০১৬ বৰ্ষত অনুষ্ঠিত অন্তিম বৈঠককে এনে বহু প্রস্তাৱ আৰু পৰামৰ্শ পোৱা গৈছিল, যি নীতি ৰচনাৰ ক্ষেত্রত বিশেষভাবে সহায় কৰিছিল। প্ৰধানমন্ত্ৰীয়ে এতিয়াও বিভিন্ন ক্ষেত্রত যথেষ্ট পৰিমাণে সংস্কাৰৰ সুযোগ আৰু সম্ভাৱনা আছে বুলি উল্লেখ কৰে। আজিৰ বৈঠক উপস্থিত থকা মুখ্য কাৰ্যবাহী বিষয়া আৰু অন্যান্য বিষয়াসকলে যিদৰে মূল্যবান প্রস্তাৱ আৰু পৰামর্শ আগবঢ়ালে তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সকলোকে ধন্যবাদ জনায়।

বৈঠকত অংশগ্রহণকাৰী মুখ্য কাৰ্যবাহী বিষয়া আৰু বিষয়াসকলে কেৱল তেওঁলোকৰ নিজৰ নিজৰ সংস্থা আৰু প্রতিষ্ঠানৰ সমস্যা তথা সম্ভাৱনাকে তুলি নধৰি তেল আৰু গেছ খণ্ডৰ সৰ্বাংগীন উন্নয়নত যিভাবে মতামত আগবঢ়ালে, তাৰবাবে বিষয়াসকলক ভুয়সী প্রশংসা কৰে প্রধানমন্ত্রীয়ে। তেওঁ কয় যে যিবোৰ প্রস্তাৱ আৰু পৰামর্শ আজিৰ বৈঠকত উত্থাপন হৈছে, সেয়া নীতি, প্রশাসন আৰু নিয়ন্ত্রক ব্যৱস্থাৰ বাবে যথেষ্ট মূল্যবান।

প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্র মোদীয়ে ভাৰতৰ শক্তি আৰু ৰন্ধন গেছৰ সহযোগিতা প্রসাৰত প্ৰতিস্ৰুতি প্ৰদান কৰাৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ৰছনেফ্‌ট কর্তৃপক্ষক অশেষ ধন্যবাদ জনায়। ২০৩০ চনৰ লক্ষ্যৰে ছৌদি আৰৱৰ সৈচে গৃহীত দৃষ্টিভংগীৰো বিশেষ প্রশংসা কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁৰ ছৌদি আৰৱ ভ্ৰমণৰ স্মৃতি ৰোমন্থণ কৰি প্রধানমন্ত্রীয়ে কয় যে সেই দেশত শক্তি খণ্ডৰ প্রসাৰ আৰু উন্নয়নত কেইবাটাও সুদূৰপ্ৰসাৰী সিদ্ধান্ত গ্রহণ কৰা হৈছে। অদূৰ ভৱিষ্যতে ভাৰত আৰু ছৌদি আৰবৰ মাজত সহযোগিতাৰ নতুন নতুন সুযোগ পৰিলক্ষিত হ’ব বুলি আশা ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ শক্তি খণ্ডত বর্তমান যি অৱস্থাত আছে, তাৰ উন্নতি ঘটোৱা অতি প্রয়োজন। এক সুসংবদ্ধ শক্তি নীতি অনুসৰণৰ বাবে বিভিন্ন প্রস্তাৱ আৰু পৰামর্শক আদৰণী জনাই প্ৰধানমন্ত্ৰীয়ে। পূর্ব ভাৰতত শক্তি আন্তঃগাঁথনিৰ প্রসাৰ আৰু সুলভ মুল্যত বিদ্যুৎ প্ৰদানৰ প্রয়োজনীয়তা আছে বুলি তেওঁ বিশ্বাস কৰে। জৈৱ শক্তিৰ সম্ভাৱনাৰ বিষয়টো বিশেষভাবে গুৰুত্ব আৰোপ কৰে প্রধানমন্ত্রীয়ে। কয়লাৰ পৰা গেছ উৎপাদনৰ লক্ষ্যৰে যৌথ উদ্যোগৰ ওপৰত জোৰ দি তেল আৰু গেছ খণ্ডৰ উদ্ভাৱন আৰু গৱেষণা প্রচেষ্টাৰ সম্ভাৱনাৰ বিষয়সমূহক আন্তৰিকতাৰে আদৰণী জনায় প্ৰধানমন্ত্ৰীয়ে।

তেওঁ কয় যে ভাৰত বর্তমান অধিক স্বচ্ছতাৰ লক্ষ্যৰে আগুৱাই গৈছে। সেয়েহে স্বচ্চ শক্তিৰ উদ্ভাৱন আৰু বিদ্যুতৰ জৰিয়তে এক দক্ষ অর্থনীতিৰ বিকাশ ঘটোৱা প্রয়োজন। ইয়াৰ সুফল যাতে সমাজৰ সকলো স্তৰৰ মানুহে লাভ কৰে, বিশেষকৈ দৰিদ্রসকলৰ ওচৰত পায়, সেই লক্ষ্যৰে সামূহিক প্রচেষ্টাৰ আহ্বান জনায় প্রধানমন্ত্রীয়ে।

***

AKT/SH/DB