Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত

বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত


পশ্চিমবংগৰ ৰাজ্যপাল শ্ৰীযুত জগদীপ ধনহৰজী, বিশ্ব ভাৰতীৰ উপাচাৰ্য অধ্যাপক বিদ্যুৎ চক্ৰৱৰ্তীজী, শিক্ষকবৃন্দ, কৰ্মচাৰীসকল আৰু মোৰ উদ্যমী যুৱ সহকৰ্মীসকল!

গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে মাতৃ ভাৰতীক দিয়া আশ্চৰ্যকৰ ঐতিহ্যৰ অংশ হ’বলৈ, আপোনাৰ সকলো সহকৰ্মীৰ সৈতে যোগদান কৰাটো আনন্দদায়কো তথা মোৰ বাবে অনুপ্ৰেৰণাদায়কো। এই পবিত্ৰ ভূমিলৈ আহি আপোনালোকৰ সৈতে যোগদান কৰাটো মোৰ বাবে অধিক ভাল হ’লহেতেঁন। কিন্তু যি ধৰণৰ নতুন নিয়মেৰে জীৱন ধাৰণ কৰিবলগীয়া হৈছে, মই সোঁশৰীৰ উপস্থিত নাথাকিও এই পবিত্ৰ ভূমিক দূৰৈৰ পৰা, আপোনালোক সকলোলৈ নমস্কাৰ কৰিছো। এইবাৰ, মই কিছু সময়ৰ ব্যৱধানত দ্বিতীয়বাৰৰ বাবে এই সুযোগ পাইছো। আপোনালোকৰ জীৱনৰ এই গুৰুত্বপূৰ্ণ পৰ্ব উপলক্ষে মই আপোনালোক সকলো যুৱ সহকৰ্মী, পিতৃ-মাতৃ, গুৰুজনলৈ অশেষ শুভেচ্ছা জনাইছো।

বন্ধুসকল,

আজি আন এটা অতি শুভ অনুষ্ঠান, মহান অনুপ্ৰেৰণাৰ দিন। আজি ছত্ৰপতি শিৱাজী মহাৰাজৰ জন্মজয়ন্তী। ছত্ৰপতি শিৱাজী মহাৰাজজীৰ জন্মবাৰ্ষিকীত মই মোৰ সকলো দেশবাসীলৈ শুভেচ্ছা জনাইছো। গুৰুদেৱ ৰবীন্দ্ৰ নাথ ঠাকুৰজীয়ে শিৱাজী-উৎসৱৰ নামত বীৰ শিৱাজীৰ ওপৰত এটা কবিতা লিখিছিল। তেওঁ লিখিছিল:

কোন দূৰ শতাব্দীৰ

কোনো এক অখ্যাত দিৱসে

নাহি জানি আজি, নাহি জানি আজি,

মাৰাঠাৰ কোন শোএলে অৰণ্যেৰ

অন্ধকাৰে বসে,

হে ৰাজা শিৱাজী,

তব ভাল ওদ্ৰাসিয়া এ ভাৱনা তড়িতপ্ৰভাৱত্

এসেছিল নামি-

‘‘এক ধৰ্ম ৰাজ্যপাশে খণ্ড

ছিন্ন বিক্ষিপ্ত ভাৰত

বেন্ধে দিব আমি৷’’

অৰ্থাৎ এটা শতাব্দীৰ পূৰ্বে কোনো এটা অজানা দিনত, মই সেই দিনটো আজি নাজানো, কোনো পৰ্বতৰ ওখ শৃংগৰ পৰা, কোনো ঘন বনত, অহ ৰাজা শিৱাজী, এই চিন্তাধাৰা আপুনি বিদ্যুতৰ ৰশ্মিৰ দৰে লাভ কৰিছিল নেকি? এনেকুৱা বিচাৰ আহিছিল নেকি যে ছিন্ন-ভিন্ন এই দেশৰ ভূমিক একেডাল সূতাতেই বান্ধিব লাগিব? মই নিজকে ইয়াৰ বাবে সমৰ্পিত কৰিব লাগিব নেকি? এই পংক্তিসমূহত ছত্ৰপতি বীৰ শিৱাজীৰ প্ৰেৰণাৰে ভাৰতৰ একতা, ভাৰতক একেডাল সূতাতে বন্ধাৰ আহ্বান আছিল৷ দেশৰ একতাক শক্তিশালী কৰা এই ভাৱনাসমূহ আমি কেতিয়াও পাহৰিব নালাগে৷ পল-পল, জীৱন প্ৰতিটো ক্ষেপত দেশৰ একতা-অখণ্ডতাৰ এই মন্ত্ৰত আমি মনতো ৰাখিব লাগিব, জীয়াবও লাগিব৷ এয়াইতো আছিল ঠাকুৰৰ বাৰ্তা৷

বন্ধুসকল,

আপোনালোক কেৱল এখন বিশ্ববিদ্যালয়ৰ সৈতেই জড়িত নহয়, বৰঞ্চ এক জীৱন্ত পৰম্পৰাৰ বাহকো৷ গুৰুদেৱে যদি বিশ্ব ভাৰতীক কেৱল এখন বিশ্ববিদ্যালয়ৰ ৰূপত চাবলৈ বিচাৰিলে হৈ তেন্তে তেওঁ ইয়াক গ্ল’বেল বিশ্ববিদ্যালয় অথবা অন্য নাম দিলেহেঁতেন৷ কিন্তু তেওঁ ইয়াৰ নাম বিশ্বভাৰতী বিশ্ববিদ্যালয় ৰাখিলে৷ তেওঁ কৈছিল- ‘’Visva-Bharati acknowledges India’s obligation to offer to others the hospitality of her best culture and India’s right to accept from others their best.’’

গুৰুদেৱৰ বিশ্বভাৰতীৰ পৰা এয়া আশা কৰা হৈছিল যে ইয়ালৈ যি শিকিবলৈ আহিব তেওঁ সমগ্ৰ বিশ্বক ভাৰত আৰু ভাৰতীয়ত্বৰ দৃষ্টিৰে দেখিব৷ গুৰুদেৱৰ এই মডেল ব্ৰহ্ম, ত্যাগ আৰু আনন্দৰ মূল্যৰ দ্বাৰা অনুপ্ৰেৰিত আছিল৷ সেইবাবে তেওঁ বিশ্বভাৰতীক শিক্ষাৰ এনে এক স্থান হিচাপে গঢ়ি তুলিছিল যিয়ে ভাৰতৰ সমৃদ্ধ ধৰোহৰক আত্মস্থ কৰিব পাৰে, তাৰ ওপৰত গৱেষণা কৰিব পাৰে আৰু দৰিদ্ৰতম ব্যক্তিৰ সমস্যাৰ সমাধানৰ বাবে কাম কৰিব পাৰে৷ এই সংস্কাৰ মই পূৰ্বে শিক্ষা সাং কৰা শিক্ষাৰ্থীসকলৰ মাজত দেখা পৈাইছো আৰু আপোনালোকৰ পৰাও দেশবাসীয়ে এয়া আশা কৰিছে৷

বন্ধুসকল,

গুৰুদেৱ ঠাকুৰৰ বাবে, বিশ্বভাৰতী কেৱল জ্ঞান-প্ৰদান কৰা প্ৰতিষ্ঠান নাছিল। এয়া হ’ল ভাৰতীয় সংস্কৃতিৰ শীৰ্ষ লক্ষ্যত উপনীত হোৱাৰ এক প্ৰচেষ্টা, যাক আমি কও- নিজকে প্ৰাপ্ত কৰা৷ যেতিয়া বুধবাৰে ‘উপাসনা’ৰ বাবে আপোনালোকে চৌহদত যোগদান কৰে তেতিয়া আপুনি নিজৰেই সাক্ষাৎকাৰ গ্ৰহণ কৰে। যেতিয়া আপুনি গুৰুদেৱে আৰম্ভ কৰা অনুষ্ঠানত যোগদান কৰে, নিজকে সাক্ষাৎকাৰ কৰাৰ সুযোগ লাভ কৰে। যেতিয়া গুৰুদেৱে কয়-

‘আলো আমাৰ

আলো ওগো

আলো ভুৱন ভাৰা’

এয়া সেই প্ৰকাশৰ আহ্বান যিয়ে আমাৰ চেতনাক জাগ্ৰত কৰে৷ গুৰুদেৱ ঠাকুৰে জানিছিল যে বিবিধতা থাকিবই, বিচাৰ ধাৰাও থাকিব, এই আটাইবোৰৰ মাজতেই আমি নিজৰে বিচাৰিব লাগিব৷ সেয়ে বঙালীত কোৱা হয়,

বাংলাৰ মাটী,

বাংলাৰ জোল,

বাংলাৰ বায়ু, বাংলাৰ ফোল,

পুণ্য হোক,

পুণ্য হোক,

পুণ্য হোক,

হে ভগৱান..

কিন্তু লগতে ভাৰতৰ বৈচিত্ৰতাৰো গৌৰৱগানো তেনেদৰেই কৰা হয়৷ তেওঁ কৈছিল-

হে মোৰ চিত্ত পুণ্য তীৰ্থে জাগো ৰে ধীৰে,

ই ভাৰতৰ মহামানৱৰ সাগৰে তীৰে

হেথায় দাৰায় দু বাহু বাৰায় নমো

নৰোদে-বোতাৰে,

আৰু এয়া গুৰুদেৱৰ বিশাল দৃষ্টিভংগী আছিল যে শান্তিনিকেতনৰ মুক্ত আকাশৰ তলত তেওঁ বিশ্বমানৱক প্ৰত্যক্ষ কৰিছিল৷

এশো কৰ্মী, এশো জ্ঞানী

এশো জনকল্যাণী, এশো তপশৰাজো হে!

এশো হে ধীশক্তি শাংপদ মুক্তবোধো শোমাজ হে!

হে শ্ৰমিক সতীৰ্থসকল, হে জ্ঞানী সমাজ, হে সমাজসেৱীসকল, হে সন্ত, সমাজৰ সকলো সজাগ সতীৰ্থ, আহক, সমাজৰ মুক্তিৰ বাবে মিলিত হোৱাৰ প্ৰয়াস কৰো৷ আপোনাৰ কেম্পাছত জ্ঞান প্ৰাপ্তিৰ এটা পলো কটোৱাৰ সৌভাগ্য লাভ কৰোঁতাজনে গুৰুদেৱৰ দৃষ্টিভংগীৰ সৈতে একাত্ম হ’ব পাৰে৷

বন্ধুসকল,

বিশ্ব ভাৰতী হৈছে নিজেই এক জ্ঞানৰ সাগৰ, যাক অভিজ্ঞতা আধাৰিত শিক্ষাৰ বাবে স্থাপন কৰা হৈছিল। জ্ঞান, সৃষ্টিশীলতাৰ কোনো সীমা নাই, এই চিন্তাৰ সৈতে যে গুৰুদেৱে এই মহান বিশ্ববিদ্যালয়খন স্থাপন কৰিছিল। আপুনি সদায় মনত ৰাখিব লাগিব যে জ্ঞান, চিন্তা আৰু দক্ষতা স্থিৰ নহয়, শিলৰ দৰে নহয়, স্থিৰ নহয়, ই জীৱন্ত। এইটো এটা নিৰন্তৰ প্ৰক্ৰিয়া আৰু পাঠ্যক্ৰম সংশোধনৰ বাবে সদায় সুযোগ থাকে, কিন্তু জ্ঞান আৰু শক্তি দুয়ো দায়িত্বৰ সৈতে আহে।

যিদৰে সংযম আৰু সংবেদনশীলতা ক্ষমতাত থাকিব লাগিব, এয়া থকাটো প্ৰয়োজনো, ঠিক সেইদৰে প্ৰতিজন পণ্ডিত, প্ৰতিজন জ্ঞানী, সেই শক্তি নথকাসকলৰ বাবে দায়বদ্ধ হ’ব লাগিব। আপোনাৰ জ্ঞান কেৱল আপোনাৰ নহয়, সমাজ, দেশ, ভৱিষ্যত প্ৰজন্মৰ ঐতিহ্য। আপোনাৰ জ্ঞান, আপোনাৰ দক্ষতা, এখন সমাজক, এটা জাতিক গৌৰৱান্বিত কৰিব পাৰে আৰু সমাজক বদনাম আৰু অপচয়ৰ অন্ধকাৰলৈও ঠেলি দিব পাৰে। ইতিহাস আৰু বৰ্তমানত এনে বহুতো উদাহৰণ আছে।

আপোনালোকে দেখিছে, বহুতো উচ্চ শিক্ষিত, উচ্চ দক্ষতাসম্পন্ন লোক আছে যি সকলে বিশ্বত সন্ত্ৰাস বিয়পাই আছে, যি সকলে বিশ্বত হিংসা বিয়পাই আছে। অন্যহাতে, এনে লোক আছে যিয়ে বিশ্বক ক’ৰোনাৰ দৰে বিশ্বব্যাপী মহামাৰীৰ পৰা মুক্ত কৰিবলৈ অহৰ্নিশে প্ৰয়াস কৰিছে। তেওঁলোক চিকিৎসালয়ত থিয় হৈ আছে, পৰীক্ষাগাৰসমূহত নিযুক্ত হৈ আছে।

এইটো কেৱল আদৰ্শৰ প্ৰশ্ন নহয়, মৌলিক বস্তুটো হৈছে মানসিকতা। আপুনি যি কৰে সেয়া আপোনাৰ মানসিকতা ইতিবাচক নে ঋণাত্মক তাৰ ওপৰত নিৰ্ভৰ কৰে। সুযোগ টো দুয়োটাৰ বাবে, পথবোৰ দুয়োটাৰ বাবে খোলা আছে। আপুনি সমস্যাটোৰ অংশ হ’ব বিচাৰে নে সমাধান হ’ব বিচাৰে, সিদ্ধান্ত লোৱাটো আমাৰ নিজৰ হাতত আছে। যদি আমাৰ একেই শক্তি, একেই জ্ঞান, সত্যৰ বাবে একেই জপনা মেলা থাকে, ফলাফল এক হ’ব, বেয়া কামত ফলাফল দ্বিতীয় হ’ব।  যদি আমি কেৱল আমাৰ স্বাৰ্থ দেখিম তেতিয়া কেৱল চাৰিওফালে থকা সমস্যাবোৰ দেখিম, ক্ষোভ দেখিম, আক্ৰেশ দেখিম।

কিন্তু যদি আপুনি নিজৰ ঊৰ্ধলৈ উঠিছে, আপোনাৰ স্বাৰ্থপৰতাৰ ঊৰ্ধলৈ উঠি প্ৰথমে ৰাষ্ট্ৰৰ দৃষ্টিভঙ্গী লৈ আগবাঢ়ি যাওক, আপুনি প্ৰতিটো সমস্যাৰ মাজত সমাধান বিচাৰিবলৈ অনুভৱ কৰিব, সমাধান দৃশ্যমান হ’ব। আনকি অশুভ শক্তিতো আপুনি মংগল অনুভৱ কৰিব আৰু আপুনি পৰিস্থিতি সলনি কৰিব পাৰিব, আপুনি নিজকে এক সমাধান হিচাপে উদ্ভাসিত কৰিব পাৰিব।

যদি আপোনাৰ উদ্দেশ্য মাতৃ ভাৰতীৰ প্ৰতি স্পষ্ট আৰু আনুগত্য হয়, আপোনাৰ প্ৰতিটো সিদ্ধান্ত, আপোনাৰ প্ৰতিটো আচৰণ, আপোনাৰ প্ৰতিটো কাম সমস্যা সমাধানৰ দিশত আগবাঢ়ি যাব। সফলতা আৰু বিফলতাই আমাৰ বৰ্তমান আৰু ভৱিষ্যত নিৰ্ধাৰণ নকৰে। আপুনি এটা সিদ্ধান্তৰ পিছত ফলাফল নাপাব পাৰে, কিন্তু আপুনি সিদ্ধান্ত ল’বলৈ ভয় কৰিব নালাগে।

এজন যুৱক হিচাপে, এজন মানুহ হিচাপে, যেতিয়াই আমি সিদ্ধান্ত ল’বলৈ ভয় কৰোঁ, ই আমাৰ বাবে আটাইতকৈ ডাঙৰ সংকট হ’ব। যদি আপোনাক সিদ্ধান্ত ল’বলৈ উৎসাহিত নহয় তেন্তে জানি লওক আপোনাৰ যুৱাৱস্থা আঁতৰি গৈছে। আপুনি সৰু হৈ থকা নাই।

যেতিয়ালৈকে ভাৰতৰ যুৱচামৰ নতুনত্ব ৰখা, বিপদাশংকা ল’বলৈ আৰু আগবাঢ়ি যোৱাৰ আবেগ আছে, তেতিয়ালৈ মই দেশৰ ভৱিষ্যতৰ বিষয়ে চিন্তিত নহয়। আৰু যদি দেশত মোৰ ইমান সংখ্যক যুৱ শক্তি আছে যি যুৱ ১৩০ কোটি জনসংখ্যাৰ ভিতৰৰ, মোৰ আত্মবিশ্বাস শক্তিশালী হয়, মোৰ বিশ্বাস শক্তিশালী হৈ পৰে। আৰু আপোনাক প্ৰয়োজন হোৱা সমৰ্থনৰ বাবে, আপোনাক প্ৰয়োজন হোৱা পৰিৱেশৰ বাবে, মই নিজেও আৰু চৰকাৰেও… কেৱল সেইটোৱেই নহয়, সপোন বাস্তৱায়িত কৰিবলৈ  ১৩০ কোটি সংকল্পও আপোনাৰ সমৰ্থনত থিয় হ’ব।

বন্ধুসকল,

যেতিয়া মই বিশ্বভাৰতীৰ ঐতিহাসিক ১০০ বছৰ উপলক্ষে আপোনালোকৰ সৈতে কথা পাতিছিলো, মই ভাৰতৰ আত্মসন্মান আৰু স্বাৱলম্বীতাৰ বাবে আপোনালোক সকলো যুৱসকলৰ অৱদানৰ কথা উল্লেখ কৰিছিলো। ইয়াৰ পৰা যোৱাৰ পিছত, জীৱনৰ পৰৱৰ্তী পৰ্যায়ত, আপোনালোক সকলো যুৱসকলে বহুতো অভিজ্ঞতা লাভ কৰিব।

বন্ধুসকল,

আজি ছত্ৰপতি শিবাজী মহাৰাজৰ জন্মবাৰ্ষিকীত আমি গৌৰৱান্বিত হৈছোঁ, মই আজি ধৰ্মপালজীৰ কথা মনত পেলাইছো। আজি মহান গান্ধীবাদী ধৰ্মপালজীৰো জন্মবাৰ্ষিকী৷ তেওঁৰ এটা সৃষ্টি হৈছে- The Beautiful Tree- Indigenous Indian Education in the Eighteenth Century.

আজি আপোনালোকৰ সৈতে  এই পবিত্ৰ ধামৰ পৰা কথা পাতি আছো, এনেস্থলত মই কি অনুভৱ কৰো সেয়া উল্লেখ কৰিব লাগিব। আৰু যেতিয়া মই বংগভূমি, উদ্যমী ভূমিৰ মাজত কথা পাতি আছো, মই স্বাভাৱিকতে অনুভৱ কৰো যে মই ধৰ্মপালজীৰ সেই বিষয়টো আপোনাৰ সন্মুখত ৰাখিব লাগিব। এই কিতাপখনত ধৰ্মপালজী থমাছ মুন’ৰ’ৰ দ্বাৰা কৰা এক ৰাষ্ট্ৰীয় শিক্ষা জৰীপৰ বিৱৰণ প্ৰদান কৰিছে।

১৮২০ চনত হোৱা শিক্ষা জৰীপটোত বহুতো বস্তু আছে যিয়ে আমাৰ সকলোকে আচৰিত কৰে আৰু আমাক গৌৰৱেৰে ভৰাই পেলায়। সেই জৰীপটোত ভাৰতৰ সাক্ষৰতাৰ হাৰ অতি বেছি বুলি মূল্যায়ন কৰা হৈছিল। জৰীপটোত লগতে লিখা হৈছিল যে প্ৰতিখন গাঁৱত কেনেকৈ এটাতকৈ অধিক গুৰুকুল আছিল। আৰু কেৱল উপাসনাৰ স্থান থকা গাঁৱৰ মন্দিৰবোৰত কেৱল উপাসনাই নহয়, এক অতি পবিত্ৰ কামৰ সৈতে, যিয়ে শিক্ষাকো উৎসাহিত কৰিছিল৷ তেওঁলোকে গুৰুকুলৰ পৰম্পৰাক শক্তি দিবলৈ চেষ্টা কৰিছিল। প্ৰতিটো ক্ষেত্ৰত, প্ৰতিখন ৰাজ্যত, মহাবিদ্যালয়বোৰে তেওঁলোকৰ নেটৱৰ্ক কিমান ডাঙৰ আছিল দেখি অতি গৌৰৱান্বিত হৈছিল। উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰো বৃহৎ পৰিমাণত আছিল।

ভাৰতত ব্ৰিটিছ শিক্ষা ব্যৱস্থা আৰোপ কৰাৰ পূৰ্বে থমাছ মুন’ৰ’ৱে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ শক্তি অনুভৱ কৰিছিল। তেওঁ দেখিছিল যে আমাৰ শিক্ষা ব্যৱস্থা কিমান প্ৰাণৱন্ত, এয়া ২০০ বছৰৰ আগৰ কথা। একেখন কিতাপত উইলিয়াম এডমৰ কথাৰো উল্লেখ আছে, যিয়ে দেখিছিল যে ১৮৩০ চনত বংগ আৰু বিহাৰত এক লাখৰো অধিক গাওঁ বিদ্যালয়, গ্ৰাম্য বিদ্যালয় আছিল।

বন্ধুসকল,

মই আপোনাক বিতংকৈ কৈছো কাৰণ আমি জানিব লাগিব যে আমাৰ শিক্ষা ব্যৱস্থা কি আছিল, সেয়া কিমান গৌৰৱময় আছিল, ই প্ৰতিজন মানুহৰ ওচৰত কেনেকৈ উপনীত হৈছিল। আৰু পিছত, ব্ৰিটিছ কালত আৰু পৰৱৰ্তী সময়ত ক’ৰ পৰা কি হ’ল।

বিশ্ব ভাৰতীত গুৰুদেৱে বিকশিত কৰা ব্যৱস্থাবোৰ হৈছে ভাৰতৰ শিক্ষা ব্যৱস্থাক অধীনতাৰ শৰীৰৰ পৰা মুক্ত কৰা, ভাৰতক আধুনিক কৰাৰ এক উপায়। এতিয়া, আজি ভাৰতত সৃষ্টি হোৱা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়েও শিক্ষাৰ্থীসকলক পুৰণি শৰীৰ ভাঙি তেওঁলোকৰ শক্তি দেখুৱাবলৈ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰে। এই শিক্ষা নীতিয়ে আপোনাক বিভিন্ন বিষয় পঢ়িবলৈ স্বাধীনতা প্ৰদান কৰে। এই শিক্ষা নীতিয়ে আপোনাক আপোনাৰ ভাষাত পঢ়িবলৈ বিকল্প প্ৰদান কৰে। ই শিক্ষা নীতি, স্ব-নিয়োগকো প্ৰচাৰ কৰে।

এই শিক্ষা নীতিয়ে গৱেষণা, উদ্ভাৱনৰ প্ৰচাৰ কৰে। এই শিক্ষা নীতি এক স্বাৱলৱী ভাৰত গঢ়ি তোলাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। চৰকাৰে দেশত এক শক্তিশালী গৱেষণা আৰু উদ্ভাৱন পৰিৱেশতন্ত্ৰ সৃষ্টি কৰিবলৈ নিৰন্তৰভাৱে কাম কৰি আছে। শেহতীয়াকৈ, চৰকাৰে ইয়াৰ পণ্ডিতসকলক দেশ আৰু বিশ্বৰ লাখ লাখ পত্ৰিকাৰ বিনামূলীয়া প্ৰৱেশ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। এই বছৰৰ বাজেটত গৱেষণাৰ বাবে ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচনৰ জৰিয়তে অহা ৫ বছৰত ৫০ হাজাৰ কোটি টকা ব্যয় কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

বন্ধুসকল,

দেশৰ কন্যাসকলৰ আত্মবিশ্বাস অবিহনে ভাৰতৰ স্বাৱলম্বীতা সম্ভৱ নহয়। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত প্ৰথমবাৰৰ বাবে লিংগ অন্তৰ্ভুক্তি পুঁজিৰ ব্যৱস্থাও কৰা হৈছে। আঁচনিখনে ষষ্ঠ শ্ৰেণীৰ পৰাই কাৰ্পেণ্ট্ৰিৰ পৰা কোডিঙলৈ অনেক দক্ষতা ছেট শিকাবলৈ পৰিকল্পনা কৰিছে যিবোৰৰ পৰা ছোৱালীবোৰক আঁতৰাই ৰখা হৈছিল। শিক্ষা নীতি প্ৰস্তুত কৰোঁতে কন্যাসকলৰ মাজত ড্ৰপ-আউটৰ হাৰ অধিক হোৱাৰ কাৰণবোৰ গুৰুতৰভাৱে অধ্যয়ন কৰা হৈছে। সেয়েহে ডিগ্ৰী পাঠ্যক্ৰমত অধ্যয়ন, প্ৰৱেশ আৰু প্ৰস্থান বিকল্প আৰু প্ৰতি বছৰৰ ক্ৰেডিটত নিৰন্তৰতাৰ বাবে এক নতুন প্ৰকাৰৰ ব্যৱস্থা কৰা হৈছে।

বন্ধুসকল,

বেংগলে অতীতত ভাৰতৰ সমৃদ্ধ জ্ঞান বিজ্ঞানক আগুৱাই নিয়াত দেশক নেতৃত্ব দিছিল আৰু ই এক গৌৰৱময় কথা। বেংগল, এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ অনুপ্ৰেৰণা আৰু কৰ্মস্থানো হৈ আহিছে। শতবাৰ্ষিকী উদযাপনত আলোচনাৰ সময়ত, মই ইয়াৰ বিষয়েও বিতংভাৱে কথা পাতিছিলো। আজি যেতিয়া ভাৰতে একবিংশ শতিকাৰ জ্ঞান অৰ্থনীতি সৃষ্টি কৰাৰ দিশত আগবাঢ়ি আছে, আপোনাৰ দৰে যুৱসকলৰ ওপৰত, বংগৰ জ্ঞান, বংগৰ উদ্যমী নাগৰিকসকলৰ ওপৰত সকলোৱে চকু দিছে। ভাৰতৰ জ্ঞান আৰু ভাৰতৰ পৰিচয় বিশ্বৰ প্ৰতিটো কোণলৈ লৈ যোৱাত বিশ্ব ভাৰতী-ৰ এক ডাঙৰ ভূমিকা আছে।

এই বছৰটোত আমি আমাৰ স্বাধীনতাৰ ৭৫ তম বছৰত প্ৰৱেশ কৰি আছো। বিশ্ব ভাৰতীৰ প্ৰতিজন শিক্ষাৰ্থীৰ হৈ, দেশৰ সকলোৰে বাবে ভাৰতৰ প্ৰতিচ্ছবি আৰু অধিক দাঙি ধৰাৰ বাবে আৰু বিশেষকৈ মোৰ যুৱ সহকৰ্মীসকলক অধিক লোকৰ বিষয়ে অৱগত কৰিলে সেয়া আটাইতকৈ ডাঙৰ উপহাৰ হ’ব। ভাৰত, মানৱতা, আমাৰ তেজৰ কণা কণাই আছে, বিশ্ব কল্যাণৰ চেতনা বাকী দেশবোৰক দিবলৈ বিশ্বভাৰতী দেশৰ শিক্ষা প্ৰতিষ্ঠানসমূহক নেতৃত্ব দিয়া উচিত।

মোৰ অনুৰোধ হৈছে, পৰৱৰ্তী ২৫ বছৰৰ বাবে বিশ্ব ভাৰতীৰ শিক্ষাৰ্থীসকলে একেলগে এটা ভিজন ডকুমেণ্টৰ সৃষ্টি কৰক। যেতিয়া স্বাধীনতাৰ ১০০ বছৰ হ’ব, ২০৪৭ চনত, তেতিয়ালৈ বিশ্বভাৰতী ২৫টা আটাইতকৈ ডাঙৰ লক্ষ্য কি হ’ব সেইটো এই ভিজন ডকুমেণ্টত ৰাখিব পাৰি। আপোনালোকে গুৰুসকলৰ সৈতে চিন্তা কৰা উচিত, কিন্তু কিবা নহয় কিবা এটা লক্ষ্য নিৰ্ধাৰণ কৰিবই লাগিব।

আপোনালোকে আপোনালোকৰ অঞ্চলৰ বহুতো গাওঁ গ্ৰহণ কৰিছে। প্ৰতিখন গাঁৱক স্বাৱলম্বী কৰি তুলিব পাৰি নেকি? পুজ্য বাপুৱে গ্ৰাম স্বৰাজৰ বিষয়ে কথা কৈছিল। মোৰ যুৱ বন্ধুসকল, গাঁৱৰ লোকসকল, তাত থকা কাৰুশিল্পী, তাত থকা কৃষকসকলে তেওঁলোকক আত্মনিৰ্ভৰ কৰি কৰি ৰাখে, বিশ্বৰ ডাঙৰ বজাৰৰ সৈতে এক সংযোগ হিচাপে গঢ়ি তোলে।

বিশ্ব ভাৰতী হৈছে বোলপুৰ জিলাৰ মূল আধাৰ। সকলো অৰ্থনৈতিক-শাৰীৰিক, সাংস্কৃতিক কাৰ্যকলাপত বিশ্বভাৰতী এক জীৱন্ত সত্তা। ইয়াত জনসাধাৰণৰ সৱলীকৰণৰ বাবে, সমাজৰ সৱলীতকৰণৰ বাবে, আপোনালোকেও  বৃহৎ দায়িত্ব পালন কৰিব লাগিব।

আপোনালোক সকলো প্ৰচেষ্টাত সফল হওক, আপোনালোকৰ সংকল্পবোৰ পূৰ্ণতালৈ সলনি হওক। পৃথিৱীয়ে আপোনালোকৰ পৰা বহুত বিচাৰে৷ এই মাটিয়ে আপোনাক তৈয়াৰ কৰিছে, আপোনাক পৰিচালনা কৰিছে। আৰু আপোনাক পৃথিৱীৰ আশা পূৰণযোগ্য কৰি তুলিছে৷ আপোনালোক আত্মবিশ্বাসেৰে পৰিপূৰ্ণ, আপোনালোক সংকল্পৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ৷ ই পৰৱৰ্তী প্ৰজন্মৰ বাবেও কাম কৰিব৷ একবিংশ শতিকাত, ভাৰতৰ বাবে ইয়াৰ সঠিক স্থান লাভ কৰাৰ এক মহান শক্তি হিচাপে উদ্ভৱ হ’ব, ই এক মহান বিশ্বাস, আৰু আপোনালোকৰ মাজত আপোনালোকৰ সহযাত্ৰী হিচাপে মই আজি এই গৌৰৱময় মুহূৰ্তত নিজকে ধনী বুলি বিবেচনা কৰো। আৰু গুৰুদেৱ ঠাকুৰে যি সংস্কৃতিৰ সৃষ্টি কৰিছে, আমাক শিক্ষিত কৰা এই পবিত্ৰ মাটিৰ সৈতে আমি সকলোৱে আগবাঢ়ি যাওঁ, এয়াই মোৰ আপোনালোকলৈ শুভেচ্ছা।

মোৰ তৰফৰ পৰা  অনেক শুভকামনা৷ আপোনালোকৰ পিতৃ-মাতৃলৈ মোৰ প্ৰণাম, আপোনালোকৰ গুৰুজনলৈ প্ৰণাম৷

মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ থাকিল৷

 

*****