Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশিষ্ট হিন্দী সাহিত্যিক পণ্ডিত হৰিৰাম দ্বিবেদীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট হিন্দী সাহিত্যিক পণ্ডিত হৰিৰাম দ্বিবেদীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷ শ্ৰী মোদীয়ে কয় যে অংগনাইয়া আৰু জীৱনদায়িনী গংগাৰ দৰে কবিতা সংকলনৰ লগতে তেওঁৰ বিভিন্ন ৰচনাৱলীৰ জৰিয়তে তেওঁ আমাৰ জীৱনত সদায় স্মৰণীয় হৈ ৰ’ব৷

টুইটাৰত প্ৰধানমন্ত্ৰীয়ে কয়;

“হিন্দী সাহিত্যৰ মহান ৰচক তথা কাশীৰ বাসিন্দা পণ্ডিত হৰিৰাম দ্বিবেদীৰ মৃত্যুত মৰ্মাহত হৈছো। অংগনাইয়া আৰু জীৱনদায়িনী গংগাৰ দৰে কবিতা সংকলনৰ লগতে তেওঁৰ বিভিন্ন ৰচনাৰ জৰিয়তে তেওঁ আমাৰ জীৱনত সদায় স্মৰণীয় হৈ ৰ’ব৷ তেওঁৰ শ্ৰীচৰণত ঠাই পাওক, ভগৱানৰ ওচৰত এয়াই মোৰ প্ৰাৰ্থনা।”

********

DS/ST/DB