প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেট বৈঠকত প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা(PMSSY)ৰ অধীনত বিলাসপুৰ(হিমাচলপ্ৰদেশ) নতুন এইম্ছ স্থাপনত কেবিনেটে অনুমোদন জনায়। এই প্ৰকল্পৰ বাবে সৰ্বমুঠ ১,৩৫১ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে।
মুল বৈশিষ্ট্যসমূহঃ
প্ৰভাৱঃ
নতুনকৈ স্থাপন হ’বলগীয়া এই এইম্চৰ জৰিয়তে জনসাধাৰণক ছুপাৰস্পেচিয়েলিটি স্বাস্থ্য সেৱা আগবঢ়োৱাৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান(NHM)ৰ অধীনত অঞ্চলটোৰ প্ৰাথমিক আৰু উচ্চ পৰ্যায়ৰ প্ৰতিষ্ঠানত সেৱা আগবঢ়াব পৰাকৈ চিকিৎসক তথা স্বাস্থ্য কৰ্মী গঢ় দিয়াৰ দৰে দুটা কাম সমাধা হ’ব।
পটভূমিঃ
প্রধানমন্ত্রী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত ইতিমধ্যে ভুৱনেশ্বৰ, ভূপাল, ৰায়পুৰ, যোধপুৰ, ঋষিকেশ আৰু পাটনাত এইম্চ নিৰ্মাণ কাম চলি থকাৰ লগতে ৰায়বেৰেইলীত এইম্চ নির্মাণৰো অগ্ৰগতি লাভ কৰিছে। তদুপৰি, ২০১৫ চনত মহাৰাষ্ট্রৰ নাগপুৰ, পশ্চিমবংগৰ কল্যাণী আৰু অন্ধ্রপ্রদেশৰ গুন্টুৰৰ মংগলাগিৰিত এখনকৈ এইম্চ স্থাপনত অনুমোদন কৰা হৈছে। ২০১৬ত ভাটিণ্ডা আৰু গোৰখপুৰত দুখন আৰু অসমৰ কামৰূপত এখন এইম্চ স্থাপনৰ প্রস্তাৱত অনুমোদন দিয়া হৈছে।
******
AKT/VBA/SH/DB