Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিত ভাৰত আৰু ডেনমাৰ্কৰ মাজত স্বাক্ষৰিত চুক্তি সম্পৰ্কে কেবিনেটক অৱগত


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিত ভাৰত আৰু ডেনমাৰ্কৰ মাজত স্বাক্ষৰিত চুক্তি সম্পৰ্কে অৱগত কৰা হয়।

ভাৰত আৰু ডেনমাৰ্কৰ মাজত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ২০১৮ৰ ২২ মে’ত স্বাক্ষৰিত চুক্তিখনে ইণ্ডো-ডাচ্চ বিজ্ঞান আৰু প্ৰযুক্তিগত সম্পৰ্কত এক ঐতিহাসিক মাইলৰখুঁটি হিচাপে বিবেচিত হৈছে।

লাভালাভঃ

এই চুক্তিখনে দ্বিপাক্ষিক সম্পর্কৰ ক্ষেত্রত এক নতুন অধ্যায়ৰ সূচনা কৰিব, কাৰণ উভয় পক্ষই এতিয়া বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱনৰ জৰিয়তে পাৰস্পৰিক স্বার্থৰ উল্লেখযোগ্য সংহতিৰ জৰিয়তে অনুপ্রাণিত হৈ পৰিপূৰক শক্তিবৃদ্ধি কৰিব। এই চুক্তিখনৰ উদ্দেশ্য হৈছে ভাৰত আৰু ডেনমাৰ্কৰ মাজত পাৰস্পৰিত স্বাৰ্থত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত উৎসাহ যোগোৱাৰ লগতে উন্নয়ন তথা সহযোগিতা বৃদ্ধি কৰা। ভাৰত আৰু ডেনমাৰ্কৰ বৈজ্ঞানিক সংস্থা, শৈক্ষিক প্ৰতিষ্ঠান, গৱেষণা আৰু উন্নয়ন গৱেষণাগাৰ আৰু কোম্পানীৰ গৱেষকসকল ইয়াৰ অংশীদাৰ হ’ব পাৰিব। নবীকৰণযোগ্য শক্তি, পানী, বস্তুগত বিজ্ঞান, সুলভ স্বাস্থ্য সেৱা, চিন্থেটিক বায়’লজী, ক্ৰিয়াত্মক খাদ্য আৰু নীল অৰ্থনীতিক ইয়াৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ হিচাপে চিনাক্ত কৰি এই ক্ষেত্ৰসমূহত ক্ষীপ্ৰতাৰে সহযোগিতা আগবঢ়োৱা হৈছে।

***

KS/SNC/SH/DB