Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বাৰাণসীত শ্ৰী জগতগুৰু বিশ্বআৰাধ্য গুৰুকুলৰ শতৱৰ্ষ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

 


মই কাশীৰ জনপ্ৰতিনিধি আৰু কাশীভূমিত ইমান বিশাল সংখ্যক পূজ্য সাধুৰ আশীৰ্বাদ পোৱাৰ সূযোগ পোৱাটো মোৰে সৌভাগ্য আৰু কাশীৰ জনপ্ৰতিনিধিৰ হোৱা বাবে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো৷ সংস্কৃত আৰু সংস্কৃতিৰ সংগমস্থলীত আপোনালোকৰ মাজলৈ অহটো মোৰ বাবে সৌভাগ্যৰ বিষয়৷ বাবা বিশ্বনাথৰ সান্নিধ্যত, মা গংগাৰ আঁচলত, সাধুসকলৰ সৎ কথাৰ সাক্ষী হোৱাৰ সূযোগ বাৰে বাৰে নাহে৷

এই কাৰ্যসূচীলৈ অহাৰ বাবে মোক পূজ্য জগতগুৰু জীয়ে নিমন্ত্ৰণী পত্ৰ লিখিছিল৷ কিন্তু সেই পত্ৰৰ অপেক্ষা আৰু আগ্ৰহতকৈ মোৰ ৰাষ্ট্ৰৰ প্ৰতি অধিক চিন্তা আছিল৷ কিন্তু সাধুৰ আদেশেই হওঁক, ঋষিৰৰ বাৰ্তাৰ মহোৎসৱেই, যৱ ভাৰতৰ বাবে পৌৰাণিক ভাৰতৰ গৌৰৱগানৰ সূযোগেই হওঁক, তেনে ক্ষেত্ৰত সময় আৰু দূৰত্ব বাধা হ’ব নোৱাৰে৷

সাধুসংগ আৰু জ্ঞান অর্জনৰ এই সুযোগ যেতিয়াই পোৱা যায়, সেয়া এৰাটো উচিৎ নহয়৷ আপোনালোকেও দেশৰ বিভিন্ন প্রান্তৰ পৰা ইয়াত বিপুল হাৰত আহি সমবেত হৈছে৷ বহুতে কর্ণাটকৰ পৰা আহিছে, বহুতে মহাৰাষ্ট্ৰৰ পৰা আৰু ইয়াত বাবা ভোলেনাথৰ নগৰীকো প্ৰতিনিধিত্ব কৰিছে৷

মই আপোনালোক সকলোকে স্বাগতম আৰু অভিনন্দন জনাইছো৷

বন্ধুসকল, তুলসীদাসজীয়ে কৈছিল, “সন্ত সমাগম হৰি কথা তুলসী দুর্লভ দোও”-এই মাটিৰ এয়াই বৈশিষ্ট্য। এনে পৰিপ্রেক্ষিতত ‘বীৰশৈৱ’ৰ দৰে সন্ত পৰম্পৰাক নতুন প্ৰজন্মৰ বাবে আনি দিছে যি জগতগুৰু বিশ্বআৰাধ্য গুৰুকুল, তেওঁৰ শতৱর্ষ উদযাপন এক গৌৰৱৰ মুহূর্ত। এই মুহূর্তৰ সাক্ষী হোৱা বীৰশৈৱ পৰম্পৰাৰ সৈতে জড়িত আপোনালোকৰ দৰে মহৎ ব্যক্তিসকলৰ সান্নিধ্যলৈ অহাটো মোৰ বাবে অতি সুখৰ বিষয়। আনকি অধিকাংশ লোকে মানুহৰ ‘বীৰ’ শব্দটো বীৰত্বৰ বিশেষ্য ৰূপে জানে৷ কিন্তু ‘বীৰশৈৱ’ পৰম্পৰা এনে এক ঐতিহ্য, য’ত ‘বীৰ’ শব্দক আধ্যাত্মিক পৰিভাষা দিয়া হৈছে৷

“বিৰোধ ৰহিতং শৈবং বীৰশৈবং ভিদুর্বুধাঃ”

অর্থাৎ যি বিৰোধ আৰু শত্রু মনোভাৱাপন্নতাৰ পৰা ঊর্ধ্বত থাকি গৈছে, তেঁৱেই ‘বীৰশৈব’৷ এই নামৰ সৈতে মানৱতাৰ ইমান মহান বার্তা জড়িত হৈছে৷ সেইবাবে সমাজক শত্রুতাৰ বিৰোধিতা আৰু বিকাৰবোৰৰ পৰা বাহিৰ কৰি আনিবলৈ ‘বীৰশৈৱ’ পৰম্পৰা সদায়েই সক্রিয় নেতৃত্ব প্ৰদান কৰি আহিছে৷

বন্ধুসকল, ভাৰতত ৰাষ্ট্ৰ বুলিলে আমি কেতিয়াও এইটো নুবুজো যে কোন ক’ত জয়লাভ কৰিছে, আৰু কোনে ক’ত পৰাজিত হৈছে৷ আমাৰ দেশত ৰাষ্ট্ৰ সত্ত্বাৰ মাধ্যমত নহয়, সংস্কৃতি আৰু সভ্য আচাৰৰ মাধ্যমেৰে গঢ়ি উঠিছে; এইখন দেশত বসবাসকৰাসকলৰ সামর্থ্য লৈ গঢ়ি লৈ উঠিছে। এনে পৰিপ্রেক্ষিতত ভাৰতৰ সঠিক পৰিচয়ক ভৱিষ্যৎ প্ৰজন্মৰ ওচৰ চপাই নিয়াৰ দায়িত্ব গুৰু, সাধু, বিদ্যজন আৰু আমাৰ সকলোৰে৷

আমাৰ এই মন্দিৰৰ পৰা আৰম্ভ কৰি বাবা বিশ্বনাথসহ দেশৰ ১২টা জ্যোতির্লিংগ, চাৰধাম, ‘বীৰশৈব’ সম্প্ৰদায়ৰ পাঁচটি মহাপীঠ, শক্তিপীঠৰ যি দিব্য ব্যৱস্থা–এইবোৰ কেৱল আস্থা আৰু আধ্যাত্মৰ কেন্দ্ৰই নহয়, ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ৰ পথপ্ৰদর্শকো৷ এইবোৰে আমাৰ সকলোকে, দেশৰ প্ৰত্যেক মানুহক, দেশৰ বৈচিত্র্যক পৰস্পৰৰ সৈতে জড়িত কৰে৷

বন্ধুসকল, সংযোগবশত গুৰুকুলৰ এই শতৱৰ্ষ সমাৰোহ নতুন দশকৰ আৰম্ভণিতে উদযাপন কৰা হৈছে৷এই দশক একবিংশ শতিকাৰ জ্ঞান-বিজ্ঞানত আন্তর্জাতিক ক্ষেত্রত ভাৰতৰ ভূমিকাকে আকৌ প্ৰতিষ্ঠিত কৰাৰ দিশত আগবাঢ়িছে। এই ক্ষেত্রত ভাৰতৰ প্রাচীন জ্ঞান আৰু দর্শনৰ সাগৰ ‘শ্রীসিদ্ধান্ত শিখামণি’ক একবিংশ শতিকাৰ ৰূপ প্ৰদানৰ বাবে মই আপোনালোকক অভিনন্দন জনাইছো৷

ভক্তিৰ পৰাৰ মুক্তিৰ পথপ্ৰদর্শনকাৰী এই দর্শনক ভৱিষ্যৎ প্ৰজন্মৰ ওচৰ চপাব লাগিব৷ এটা এপৰ জৰিয়তে এই পবিত্ৰ জ্ঞানগ্ৰন্থৰ ডিজিটাইজেশনে নতুন প্ৰজন্মক জড়িত কৰাৰ ক্ষেত্রত সহজ মাধ্যম হৈ উঠিব, তেওঁলোকৰ জীৱনক প্রেৰণা যোগাব৷ মই বিচাৰো যে অনাগত দিনত এই এপৰ জৰিয়তে এই গ্ৰন্থ সম্পর্কে প্ৰতি বছৰে কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হওক আৰু প্ৰতিখন ৰাজ্যৰ পৰা সর্বোচ্চ নম্বৰ পোৱা তিনি জনক পুৰস্কৃত কৰা হওক। এই সমগ্ৰ ব্যৱস্থা অনলাইনত হ’ব পাৰে৷

দেশ আৰু বিশ্বৰ কোনে কোনে শ্রী জগতগুৰু ৰেণুকাচার্যজীৰ পবিত্ৰ উপদেশ প্ৰেৰণ শ্রী সিদ্ধান্ত শিৰোমণি গ্ৰন্থক ১৯টা ভাষালৈ অনুবাদ কৰা হৈছে৷ আজি ইয়াতো শুভ প্ৰকাশ ঘটিল৷ সাধুসকলৰ এই জ্ঞানকে প্ৰতিগৰাকী মানুহৰ ওচৰলৈ প্ৰেৰণ কৰাটো মানৱতাৰ পক্ষে এক গুৰুত্বপূর্ণ সেৱা৷ সেইবাবে আমি প্ৰত্যেকেই যি যিমান কৰিব পাৰো, সিমানেই কাম কৰা উচিৎ৷

বন্ধুসকল, ‘বীৰশৈব’ আৰু ‘লিংগায়েত’ সম্প্ৰদায়ৰ সাধুসকল আৰু তেওঁলোকৰ সহযোগীসকলে শিক্ষা আৰু সংস্কৃতিক সাধাৰণ মানুহৰ ওচৰলৈ নিয়াটো অত্যন্ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। কর্ণাটককে ধৰি দেশৰ বিভিন্ন প্রান্তত মঠবোৰ অজ্ঞানতাৰ অন্ধকাৰ দূৰ কৰাৰ মাধ্যমে মানৱ গৰিমাক যি নতুন মাত্রা প্ৰদান কৰা হৈছে, সেয়া অতি প্ৰশংসনীয়। জংগমবাড়ী মঠ দার্শনিক আৰু মানসিক ৰূপত বঞ্চিত বন্ধুৰ বাবে প্রেৰণা আৰু উপার্জনৰ মাধ্যম হৈ উঠিছে। আপোনালোকৰ এই প্ৰচেষ্টা অত্যন্ত প্ৰশংসনীয়। কেৱল ইমানেই নহয়, সংস্কৃত আৰু অন্যান্য ভাৰতীয় ভাষাক জ্ঞানৰ মাধ্যম কৰি আপোনালোকে অদ্ভুত প্ৰযুক্তিৰ সমাৱেশ ঘটাইছে৷ আমাৰ চৰকাৰেও এই চেষ্টাই চলাইছে যে সংস্কৃতকে ধৰি সকলো ভাৰতীয় ভাষাৰ চর্চা বৃদ্ধি পাওক, আমাৰ নতুন প্ৰজন্ম ইয়াৰ দ্বাৰা লাভবান হওক৷

ইয়াত মই শ্রী কাশী জগতগুৰু, শ্রী চন্দ্ৰশেখৰ শিবাচার্য মহাস্বামীজীৰও বিশেষ প্ৰশংসা কৰিব বিচাৰিছো, যি ‘ভাৰতীয় দর্শনকোষ’ ৰচনাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ ‘শ্রীসিদ্ধান্ত শিৰোমণি’য়েতো পিএইচডিও কৰিছিল৷ তেওঁৰ লেখা কেইবাশ গ্ৰন্থই যুৱ প্ৰজন্মক পথ দেখাইছে, তেওঁলোকৰ ৰাষ্ট্ৰ নির্মাণৰ দর্শনত সমৃদ্ধ কৰিছে৷

বন্ধুসকল, কেৱল চৰকাৰে দেশ গঠন নকৰে, প্ৰত্যেক নাগৰিকৰ সদাচাৰৰ জৰিয়তে দেশ গঢ় লৈ উঠে। নাগৰিকৰ কর্তব্য ভাৱনাই তেওঁলোকৰ সদাচাৰক শ্রেষ্ঠ কৰি তোলে। এজন নাগৰিক হিচাপে আমাৰ আচৰণেই ভাৰতৰ ভৱিষ্যৎ নির্ণয় কৰিব, নতুন ভাৰতৰ লক্ষ্য স্থিৰ কৰিব৷ আমাৰ সনাতন পৰম্পৰাত ‘ধর্ম’ শব্দটোৱেই কর্তব্যৰ এক পর্যায়। আৰু ‘বীৰশৈব’ সাধুসকলেতো শ শ বছৰ ধৰি ধর্ম শিক্ষাক তেওঁলোকৰ কর্তব্যৰ অংশ কৰি লৈছে৷ জংগমবাড়ি মঠে সদায়েই এই মূল্যবোধ গঢ়ি তোলাৰ কাম কৰি আহিছে৷ কিমান যে শিক্ষা প্ৰতিষ্ঠানৰ জন্য ভূমি দান আৰু অর্থ সহায্য এই মঠ কৰে – তাৰ কোনো ইয়ত্তা নাই। এই ধৰণৰ মঠসমূহ আৰু সাধুসকলৰ প্ৰদর্শিত পথত আগুৱাই গৈ আমাৰ জীৱনৰ সংকল্পবোৰ বাস্তবায়িত কৰা আৰু ৰাষ্ট্ৰনির্মাণত পূর্ণ সহযোগিতা কৰি যাব লাগিব৷ ভগবান বস্বেশ্বৰে যি কৰুণা ভাবৰেৰে আনৰ সেৱা কৰাৰ কথা কৈছে, আমিও সেই কৰুণা ভাৱ লৈয়েই আগুৱাই যাব লাগিব৷ আমি দেশৰ সংকল্পৰ সৈতে নিজকে জড়িত কৰিব লাগিব৷

বিগত পাঁচ বছৰত ভাৰতত স্বচ্ছতাৰ প্ৰতি সজাগতা বৃদ্ধিৰ ক্ষেত্রত সাধু, সন্ন্যাসী, মঠ, গুৰুকুল, বিদ্যালয় আৰু মহাবিদ্যালয়সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কাশী তথা দেশৰ সকলো প্রান্তৰ যুবসম্প্ৰদায়ে যিদৰে স্বচ্ছ ভাৰত অভিযানক দেশৰ কোনে-কোনে পোৱাইছিল, আমিও তেনেকৈয়ে অন্যান্য সংকল্পও বাস্তবায়িত কৰাৰ পথত আগুৱাই নিব লাগিব৷ এনে এক ডাঙৰ সংকল্প হ’ল – ভাৰতত উৎপাদিত সামগ্ৰী, আমাৰ শিপিনী আৰু হস্তশিল্পীৰ উৎপাদিত সামগ্ৰীক সন্মান প্ৰদর্শন। মই লালকিল্লাৰ প্রাচীৰৰ পৰা দেশবাসীকে অনুৰোধ কৰিছিলো, সকলোৱে যেন স্থানীয় উৎপাদিত সামগ্ৰী ক্ৰয় কৰে৷ আমাৰ প্ৰত্যেকেই এইটো দেখা উচিৎ, যাতে আমি সকলোৱেই আৰু আমাৰ ঘনিষ্ঠ লোকসকলেও ভাৰতত উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰে৷ আজি ভাৰতত আন্তর্জাতিক মানৰ সামগ্ৰী উৎপাদিত হৈছে৷ আমি সেই মানসিকতা সলনি কৰিব লাগিব, য’ত কেৱল আমদানিকৃত সামগ্ৰীকে শ্রেষ্ঠ বুলি ভবা হয়৷

সেইদৰে দেশত ‘জল জীৱন মিচন’ক লৈ আপোনালোক সকলোৰে ভূমিকা তথাৰ ভাৰতবাসীৰ ভূমিকা গুৰুত্বপূর্ণ হৈ পৰিছে। আমাৰ ঘৰৰ পৰা আৰম্ভ কৰি কৃষিৰ ক্ষেত্ৰ আৰু অন্যান্য পানী সংৰক্ষণ আৰু পুনর্ব্যৱহাৰৰ দিশত লক্ষ্য ৰাখিব লাগিব৷ ভাৰতক খৰাংমুক্ত আৰু জলযুক্ত কৰিবলৈ প্ৰতিগৰাকী ভাৰতীয়ৰ অৱদান ফলপ্ৰসূ হ’ব৷

বন্ধুসকল, দেশত ইমান ডাঙৰ অভিযান কেৱল চৰকাৰৰ জৰিয়তে চলোৱাটো সম্ভৱ নহয়। সাফল্যৰ বাবে প্ৰয়োজন গণঅংশীদাৰিত্ব। বিগত ৫-৬ বছৰত গংগাজলত যে অভূতপূর্ব উৎকর্ষ দেখা গৈছে, তাৰ অন্তৰালত গণঅংশীদাৰিত্বৰ গুৰুত্ব অপৰিসীম। মা গংগাৰ প্ৰতি আস্থা আৰু কর্তব্যবোধ আজি অভূতপূর্ব পৰ্যায় পাইছেগৈ৷ আজি গংগানদীৰ দুয়োপাৰে যিমান গাওঁ, অৰ্ধ-চহৰ আৰু চহৰ আছে, সেইবোৰৰ জনসাধাৰণৰ মনত গংগানদীৰ প্ৰতি দায়িত্ববোধ অভূতপূর্ব পৰ্যায় পাইছেগৈ৷ এই দায়িত্ব আৰু কর্তব্যবোধে মা গংগাক পৰিচ্ছন্ন কৰি তুলিবলৈ নমামি গঙ্গে অভিযানৰ উল্লেখযোগ্য অৱদান আছে। নমামি গঙ্গে অভিযানৰ জৰিয়তে ৭ হাজাৰ কোটি টকাৰ প্ৰকল্প সম্পূর্ণ হৈছে৷ আৰু ২১ হাজাৰ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ প্ৰকল্প চলি আছে। এই প্ৰকল্পবোৰ দ্রুতগতিত বাস্তবায়িত কৰাৰ চেষ্টা কৰা হৈছে৷ আপোনালোক সকলোৰে সহযোগিতা আৰু যথাসম্ভৱ গণঅংশীদাৰিত্বৰ মাধ্যমেৰে এই প্ৰচেষ্টা সফল হ’ব৷ আপোনালোকে নিজেই দেখিছে যে যোৱা বছৰ প্ৰয়াগত কুম্ভমেলাৰ সময় গংগাজলৰ স্বচ্ছতাক লৈ প্ৰতিগৰাকী সাধু-সন্ন্যাসী আৰু শ্ৰদ্ধালুয়ে সন্তোষ ব্যক্ত কৰিছে আৰু আশীর্বাদ দিছে৷ দেশ-বিদেশৰ সংবাদ মাধ্যমত ইয়াক লৈ যি উচ্চ প্ৰশংসা, সেয়া এই গণঅংশীদাৰিত্বেৰই সুফল৷

বন্ধুসকল,

‘বীৰশৈব’ সাধুসকলে তেওঁলোকৰ উপদেশত মানৱতাৰ যি মূল্যবোধেৰে আমাক ঋদ্ধ কৰিছে, সেইবোৰে আমাৰ চৰকাৰকো নিৰন্তৰ প্রেৰণা যোগায়। এই প্রেৰণাৰ পৰাই আজি দেশত এইবোৰ সিদ্ধান্ত লোৱাটো সম্ভৱ হৈছে, এইবোৰ পুৰণি সমস্যা সমাধান কৰাটো সম্ভৱ হৈছে, যিবোৰ আগতে কোনেও কল্পনাও কৰা নাছিল৷ দশকৰ পাছত দশক ধৰি ৰামমন্দিৰ নির্মাণৰ গোচৰ আদালত পৰি আছিল, এতিয়া অযোধ্যাত সুদৃশ্য ৰামমন্দিৰ নির্মাণৰ পথ প্ৰশস্ত হৈছে৷ কিছুদিন পূৰ্বে চৰকাৰে ৰামমন্দিৰ নির্মাণৰ বাবে এখন স্বায়ত্ত্বশাসিত ট্রাষ্ট ‘শ্রীৰাম জন্মভূমি তীর্থ ক্ষেত্ৰ’ গঠনৰ সিদ্ধান্ত ঘোষণা কৰিছে। এই ট্রাষ্টে অযোধ্যাত ভগবান শ্রীৰামৰ জন্মস্থলত সুদৃশ্য আৰু পবিত্ৰ শ্রীৰাম মন্দিৰ নির্মাণৰ কাম আগুৱাই নিব আৰু এই বিষয়ত সকলো সিদ্ধান্ত গ্ৰহণ কৰিব৷ কর্ণাটককে ধৰি বহু স্থানৰ সাধুসকল এই ট্রাষ্টৰ সদস্য। এই কাম পূজনীয় সাধুসকলৰ আশীর্বাদত আৰম্ভ হৈছে আৰু তেওঁলোকৰ আশীর্বাদতে সম্পূর্ণ হ’ব৷

বন্ধুসকল, অযোধ্যাত ৰামমন্দিৰ নির্মাণক লৈ আন এটা ডাঙৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ অযোধ্যা আইনৰ যোগেদি যি ৭০০ একৰ ভূমি অধিগ্ৰহণ কৰা হৈছিল, সেই সমগ্ৰ ভূমি নৱগঠিত শ্রীৰাম জন্মভূমি তীর্থ ক্ষেত্ৰক হস্তান্তৰ কৰা হ’ব৷ ইমান বিশাল পৰিসৰ ভূমি হাতত পালে এই মন্দিৰৰ সৌন্দর্য আৰু পবিত্ৰতা বৃদ্ধিৰ কাম সহজ হ’ব৷

এবাৰ ভাৱক, এফালে অযোধ্যাত ৰামমন্দিৰ নির্মাণ আৰ আনফালে ইয়াত বাৰাণসীত কাশী বিশ্বনাথ ধাম সংস্কাৰ ভাৰতৰ ইতিহাসত এই সময়ছোৱাক ঐতিহাসিক কৰি তুলিছে৷

বন্ধুসকল, আপোনালোক সকলোৰে আশীর্বাদত, সকলো সাধুৰ আশীর্বাদতে আজি দেশ তথা কাশীত বহুত নতুন কাম হৈছে৷ এতিয়া ইয়াত এই কাৰ্যসূচীৰ পাছত মই বাৰাণসীত আৰু দুটা কার্যসূচীত অংশগ্ৰহণ কৰিম, য’ত কেইবা হাজাৰ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হ’ব৷ এই সকলো কার্যসূচীয়ে কাশীক শক্তিশালী কৰি তুলিব, নতুন ভাৰতক শক্তিশালী কৰিব৷

আহক, গুৰুকুলৰ শতৱর্ষৰ এই অন্তিম দিনচ আমি সংকল্প লও, নতুন ভাৰত নির্মাণত আমি যথাসম্ভৱ অৱদান আগবঢ়াও৷ ৰাষ্ট্ৰহিতাৰ্থ এক উন্নত আৰু কর্তব্য প্রেৰিত নাগৰিক হিচাপে গোটেই সমাজক আগুৱাই নিও৷ মোক এই অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ দিয়াৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ কৃতজ্ঞতা জনাইছো৷

*****

VRRK/KP/DB