হৰ হৰ মহাদেৱ!!!
মহাশিৱৰাত্ৰি, ৰঙীণ একাদশী আৰু হোলী উপলক্ষে আপোনালোক সকলোলৈ অশেষ শুভেচ্ছা থাকিল৷
ইয়াত বৃহৎ সংখ্যাত উপস্থিত হোৱা মোৰ ভাতৃ আৰু ভগ্নীসকল!!!
মা গংগাৰ তীৰত আজি এক অদ্ভুত মণিকাঞ্চন সংযোগৰ সৃষ্টি হৈছে৷ অবধুত বাবা ভগবান ৰামৰ তপোস্থলী এই পাৰত আৰু এতিয়া দীনদয়াল উপাধ্যায়ৰ স্মৃতিস্থলীও গংগাৰ পাৰত নিৰ্মাণ কৰা হৈছে৷
বন্ধুসকল. মা গংগা যেতিয়া কাশীত প্ৰৱেশ কৰে তেতিয়া তেওঁ উন্মুক্ত হৈ নিজৰ দুবাহু প্ৰসাৰিত কৰে৷ এটা বাহুত ধৰ্ম, দৰ্শন আৰু আধ্যাত্মিকতাৰ বিৰাট সংস্কৃতি বিকশিত হয় আৰু আনটো বাহুত অৰ্থাৎ এই পাৰত সেৱা, ত্যাগ, সমৰ্পণ আৰু তপস্যাৰ মূৰ্তিমান হয়৷ এই পাৰত সিদ্ধযোগী অবধুত বাবা ভগবান ৰামে তপ আৰু সাধনাৰ পাৰস্পৰিক ৰূপ পৰিৱৰ্তন কৰি সেৱাৰ এক নবীন তপোস্থলী বিকশিত কৰিছিল৷ আজি এই ক্ষেত্ৰ দীনদয়ালজীৰ স্মৃতিস্থলী নিৰ্মাণ হোৱাটেৱে নিজৰ নাম ‘পড়াৱ’ত সাৰ্থক আৰু শক্তিশালী কৰি তুলিছে৷ এনে এক স্থান য’ত সেৱা, ত্যাগ, বিৰাগ আৰু লোকহিত সকলো একত্ৰিত হৈ এক দৰ্শনীয় স্থলৰ ৰূপত বিকশিত হ’ব৷ মোৰ বিশ্বাস যে এই ক্ষেত্ৰ জীৱনৰ সত্য উদ্দেশ্যক জনা, বুজা আৰু সেইসমূহ প্ৰাপ্ত কৰাৰো সংকল্প ভূমি হিচাপে বিবেচিত হ’ব৷
বন্ধুসকল, আজিৰ দিনটো সেই কোটি কোটি ভাৰতীয়ৰ বাবে সপোন বাস্তৱায়িত হোৱাৰ দৰে যাক পণ্ডিত দীনদয়াল উপাধ্যায় জীয়ে সদায়েই অনুপ্ৰেৰিত কৰি আহিছে৷ ইয়াত যি দেশৰ সবাতোকৈ বৃহৎ ৰেল জংচনসমূহৰ ভিতৰত এটা আছে, সেয়া তেওঁৰ সোঁৱৰণত পূৰ্বেই সমৰ্পিত কৰা হৈছে৷ এতিয়া ইয়াত যি স্মৃতিস্থলী নিৰ্মাণ হৈছে, উদ্যান নিৰ্মাণ হৈছে, তেওঁৰ ভব্য প্ৰতিমা স্থাপিত কৰা হৈছে, ইয়াৰ জৰিয়তে অনাগত প্ৰজন্মইও দীনদয়ালজীৰ আচাৰ আৰু বিচাৰৰ দ্বাৰা অনুপ্ৰেৰিত হ’ব৷
ভাতৃ আৰু ভগ্নীসকল, যাৰ হৃদয়ত দলিত, পীড়িত, বঞ্চিত, পিছপৰা সমাজৰ কোনো ব্যক্তিৰ বাবেও যদি অনুকম্পা আছে, তেওঁলোকৰ বাবে এই ভূমি হ’ল প্ৰেৰণাৰ ভূমি যি দেশ ভক্তিৰ ৰঙত ৰঙীয়াল, যাৰ জীৱন দলতকৈ ঊৰ্ধত দেশ, স্বৰ পৰিৱৰ্তে সমস্তৰ চিন্তা, এনে দেশভক্তিৰ ৰঙত ৰঙীয়াল হৈ দেশৰ কোটি–কোটিজনৰ বাবে এয়া তীৰ্থক্ষেত্ৰ, য’ৰ পৰা দেশৰ বাবে জীয়াই থকা, দেশৰ হৈ যুঁজাৰ বাবে আৰু দেশৰ বাবে জীৱন ত্যাগ কৰিবলৈ প্ৰেৰণা লাভ হয়৷ মই আজি এই ভূমিক সেৱা জনাইছো, এই পুণ্যাত্মাক সেৱা জনাইছো৷ আৰু মোৰ বিশ্বাস যে দীনদয়ালজীৰ আত্মা য’তেই থাকিব তাৰে পৰাই নিৰন্তৰে আশীৰ্বাদ বৰষি থাকিব, আমি নিৰন্তৰে প্ৰেৰণা লাভ কৰিম কাৰণ আমি সমাজৰ অন্তিম প্ৰান্তৰ ব্যক্তিৰ বাবে, সমাজৰ পিছ পৰি থকা ব্যক্তিৰ বাবে, দলিত–পীড়িত, শোষিত, বঞ্চিত লোকৰ বাবে নিজৰ জীৱন সমৰ্পিত কৰিম, তেওঁলোকৰ সেৱাৰ বাবে আমি যি দায়িত্ব লাভ কৰিছো সেয়া পালন কৰিম৷
বন্ধুসকল, দীনদয়াল উপাধ্যায়জীয়ে আমাক অন্ত্যোদয়ৰ পথ প্ৰদৰ্শিত কৰিছে৷ অৰ্থাৎ সমাজৰ অন্তিম প্ৰান্তত যিজন আছে তেওঁৰ উদয়৷ একবিংশ শতিকাৰ ভাৰতে এই চিন্তাধাৰৰে প্ৰেৰণা লাভ কৰি অন্ত্যোদয়ৰ বাবে কাম কৰি আছে৷ যি বিকাশৰ অন্তিম পৰ্যায়ত আছে, তেওঁক বিকাশৰ প্ৰথম পৰ্যায়লৈ লৈ অনাৰ বাবে কাম কৰা হৈছে৷ সেয়া লাগিলে পূৰ্বাঞ্চলেই হওক, পূব ভাৰতেই হওক, উত্তৰ পূবেই হওক, দেশৰ ১০০ত কৈও অধিক প্ৰত্যাশী জিলাই হওক, সকলো ক্ষেত্ৰৰ বিকাশৰ অভুতপূৰ্ব কাম হ’বলৈ ধৰিছে৷ আজি এই পবিত্ৰ ক্ষণত বাৰাণসীসহিতে সমগ্ৰ পূৰ্বাঞ্চলে লাভান্বিত হোৱাকৈ প্ৰায় ১২০০ কোটি টকাতকৈও অধিক টকাৰ পৰিযোজনাৰ লোকাৰ্পণ আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ ইয়াৰ ভিতৰত বৃহৎ চিকিৎসালয়, বিদ্যালয় আৰু শৈক্ষিক সংস্থাও আছে, পথ আছে, উৰণীয়া সেতু আছে, পানীৰ যোজনা আছে, উদ্যান আছে, চহৰৰ সৌন্দৰ্যবৰ্ধনকাৰী প্ৰকল্পও আছে৷ সাধাৰণ জনতাৰ বাবে স্বাস্থ্য, শিক্ষা, সুবিধা, আস্থা আৰু কৰ্ম সংস্থাপনৰ সৈতে জড়িত এই সমূহ পৰিযোজনাৰ বাবে মই আপোনালোক সকলোকে, বাৰাণসী আৰু পূৰ্বাঞ্চলৰ জনতাক অশেষ অভিনন্দন জনাইছো৷ এই প্ৰকল্পসমূহ বিগত ৫ বছৰৰ পৰা কাশীসহিতে সম্পূৰ্ণ পূৰ্বাঞ্চলত চলি অহা কায়াকল্পৰ এক সংকল্পৰ অংশ হিচাপে বিবেচিত হৈছে৷ বিগত বৰ্ষসমূহত বাৰাণসীৰ জনপদত প্ৰায় ২৫ হাজাৰ কোটি টকাৰ বিকাশমূলক কাৰ্য পূৰণ হৈছে আৰু কিছুমান পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে৷ দেৱী অহল্যাবাইৰ পিছত এনে বৃহৎ পৰিসৰত কাশী নগৰীত বিকাশৰ যি কাৰ্য হৈছে, ইয়াৰ অন্তৰালত মহাদেৱৰ ইচ্ছা আছে, বাবা ভোলেৰ আশীৰ্বাদ আছে৷ এয়া আমাৰ সৌভাগ্য যে বাবাই এই কাৰ্যসমূহৰ বাবে আমাক সকলোকে দায়িত্ব প্ৰদান কৰিছে৷ এই কাৰ্যসমূহৰ দ্বাৰা বাৰাণসীসহিতে সমগ্ৰ পূৰ্বাঞ্চল উপকৃত হৈছে৷ বিশেষকৈ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি পথ, ঘাইপথ, জলপথ, ৰে’লৱেক চৰকাৰে সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰিছে৷ পূৰ্বাঞ্চল এক্সপ্ৰেছ ৱে’ত যোগী ডাঙৰীয়াৰ দলে দ্ৰুত গতিত কাম কৰি আছে৷ অতি শীঘ্ৰেই ইয়াৰ লাভ সমগ্ৰ অঞ্চলে লাভ কৰিব৷ আজি ইয়াত চৌকাঘাট–লহৰতাৰা পথত নিৰ্মাণ হোৱা দলঙৰো লোকাৰ্পণ কৰা হৈছে৷ পূৰ্বৰ স্থিতি সন্দৰ্ভত আপোনালোক অৱগত৷ কেণ্ট ৰে’লৱে ষ্টেচনেই হওক, বিএইচইউৱেই হওক, বাছ ষ্টেচনেই হওক, বিমানবন্দৰেই হওক, এই সকলোবোৰ স্থানলৈ অহা–যোৱা কৰোতে কেনে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল, কেনে যান–জঁটৰ সৃষ্টি হৈছিল৷ এতিয়া এই যান–জঁটৰ পৰা মুক্তি পোৱা যাব৷ এই চাৰিলেনৰ দলং নিৰ্মাণৰ দ্বাৰা এতিয়া লহৰতাৰা–এলাহাবাদ আৰু চৌকাঘাট–দীনদয়াল উপাধ্যায় নগৰৰ পথো সংযোজিত হৈছে৷ ইয়াৰ লগতে ভিন্ন ভিন্ন গাঁওসমূহক সংযোজিত কৰা ১৬টা পথৰো আজি লোকাৰ্পণ হৈছে৷ ইয়াৰ জৰিয়তে প্ৰয়াগৰাজ, মিৰ্জাপুৰ, জৌনপুৰ, গাজীপুৰ, আজমগড়, গোৰখপুৰ, বলিয়াৰ পৰা বিহাৰলৈ অহা–যোৱা কৰা লোক উপকৃত হ’ব৷ যিসকলে সাৰনাথসহিহে অন্য পৰ্যটনস্থলীলৈ যাব বিচাৰে তেওঁলোকেও এই পথৰ পৰা উপকৃত হ’ব৷
বন্ধুসকল, কাশীসহিতে সমগ্ৰ অঞ্চলটোতে হোৱা এই যোগাযোগ বৃদ্ধিৰ কামে আপোনালোকৰ সুবিধাৰ সৈতে কৰ্ম সংস্থাপন বৃদ্ধিৰো বৃহৎ সংসাধনৰ সৃষ্টি কৰিছে৷ বিশেষকৈ পৰ্যটন আধাৰিত কৰ্ম সংস্থাপন যাক লৈ কাশী আৰু নিকটৱৰ্তী ক্ষেত্ৰসমূহতো বৃহৎ সম্ভাৱনাৰ সৃষ্টি হৈছে, সেয়াও সৱলীকৃত হৈছে৷ পৰ্যটন এনে এক ক্ষেত্ৰ য’ত প্ৰতিটো বৰ্গৰ ব্যক্তিয়ে কম বিনিয়োগ কৰি অধিক ধন উপাৰ্জন কৰিব পাৰে৷ এই কাৰণতেই আজি ভাৰতত ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থব্যৱস্থাৰ বিষয় উত্থাপিত হৈছে, ইয়াত পৰ্যটনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ ভাৰতৰ ওচৰত প্ৰকৃতিৰ সৈতে ঐতিহ্যভিত্তিক পৰ্যটনৰ সম্পদো আছে যাক একবিংশ শতিকাৰ ৰূপ প্ৰদান কৰা হৈছে৷ বিশেষকৈ কাশীসহিতে আমাৰ আস্থাৰ সৈতে জড়িত বিভিন্ন স্থানসমূহত নতুন প্ৰয়োজনীয়তাৰ ভিত্তিত নতুন প্ৰযুক্তিৰ সৈতে বিকশিত কৰা হৈছে৷ সাৰনাথৰ সৌন্দৰ্য বৃদ্ধিৰ কামেই হওক বা গংগাজীৰ তীৰৰ সৌন্দৰ্য বৃদ্ধিৰ কামেই হওক, আজি কাশীলৈ অহা প্ৰতিজন শ্ৰদ্ধালুৱে, প্ৰতিজন পৰ্যটকে এই সুন্দৰ অনুভৱ লাভ কৰিছে৷ কিছুদিন পূৰ্বে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীও ইয়ালৈ আহিছিল৷ তেওঁ ইয়াৰ আকৰ্ষণীয় বাতাৱৰণ, দিব্য অনুভূতিত মন্ত্ৰমুগ্ধ হৈ পৰিছিল৷ আপোনালোকেও দেখিছে যে ছ’চিয়েল মিডিয়াতো তেওঁ কাশীৰ অনেক প্ৰশংসা কৰিছিল৷
বন্ধুসকল, কাশী বিশ্বনাথ ধামৰ সৈতে জড়িত প্ৰকল্পসমূহৰ কামৰ সৈতেও আপোনালোক ভালদৰেই অৱগত৷ আজিও ইয়াত মন্দিৰ প্ৰাংগন নিৰ্মিত অন্নক্ষেত্ৰ ভৱনৰ লোকাৰ্পণ কৰা হৈছে৷ এই ভৱনৰ জৰিয়তে প্ৰসাদ বিতৰণ আৰু ভক্তসকলৰ ভোজনসম্পৰ্কীয় অসুবিধাসমূহ সৰ্বদাৰ বাবে নোহোৱা হ’ব৷ কাশী বিশ্বনাথ ধামত এনে বহু কাৰ্য দ্ৰুত গতিত সম্পন্ন কৰা হৈছে৷ অতি সোনকালেই বাবাৰ দিব্য প্ৰাংগনক এক আকৰ্ষণীয় আৰু ভব্য ৰূপত আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰা হ’ব৷ ঠিক সেইদৰে অযোধ্যাত শ্ৰীৰামৰ জন্মভূমিতো এক ভব্য মন্দিৰ নিৰ্মাণৰ বাবে ন্যাসৰ গঠন কৰা হৈছে৷ এই ন্যাসে শ্ৰীৰাম ধামৰ নিৰ্মাণ দ্ৰুত গতিত আৰম্ভ কৰিব৷
ভাতৃ আৰু ভগ্নীসকল, সমগ্ৰ দেশতে আস্থা আৰু আধ্যাত্মিকতাৰ সৈতে জড়িত বৃহৎ কেন্দ্ৰসমূহ বিকশিত কৰাৰ সৈতে শ্ৰদ্ধালু তথা পৰ্যটকসকলৰ বাবেও সুবিধাজনকভাৱে প্ৰস্তুত কৰা হৈছে৷ বিশেষকৈ এই স্থানসমূহত শ্ৰদ্ধালুসকলে যাতে নিৰৱচ্ছিন্নভাৱে যোগাযোগৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ এই পৰিপ্ৰেক্ষিতত আজি বাবা বিশ্বনাথৰ নগৰীক ঔংকেশ্বৰ আৰু মহাকালেশ্বৰৰ সৈতে সংযোজিত কৰা কাশী–মহাকাল এক্সপ্ৰেছকো সেউজ পতাকা প্ৰদৰ্শিত কৰা হৈছে৷ এতিয়া কাশীত বাবাৰ দৰ্শনৰ পিছত উজ্জেইনত মহাকালৰ দৰ্শন হ’ব আৰু এই ৰে’লেৰে আগবাঢ়ি ইন্দোৰত ঔংকেশ্বৰতো শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব পাৰিব৷ কেৱল এয়াই নহয়, এই ৰে’লে প্ৰয়াগৰাজ, লক্ষ্ণৌ, কানপুৰ, ঝাঁচী, বীনা, সন্ত হিৰদাৰামৰ দৰে ধাৰ্মিক আৰু ঐতিহাসিক গুৰুত্বপূৰ্ণ স্থানসমূহকো সংযোজিত কৰিব৷ এয়া মহাশিৱৰাত্ৰি উপলক্ষে বাবাৰ ভক্তসকলৰ প্ৰতি বিশেষ উপহাৰ হিচাপে প্ৰদান কৰা হৈছে৷
ভাতৃ আৰু ভগ্নীসকল, কাশী আস্থা আৰু আধ্যাত্মিকতাৰ সৈতে জ্ঞানৰো মুখ্য কেন্দ্ৰ হিচাপে বিবেচিত হৈছে৷ বিগত ৫টা বৰ্ষত বিএইচইউৰ দৰে জ্ঞান আৰু বিজ্ঞানৰ বৃহৎ কেন্দ্ৰক বিস্তাৰিত কৰা হৈছে৷ আজিও ইয়াত বৈদিক জ্ঞান–বিজ্ঞানৰ পৰা আৰম্ভ কৰি আধুনিক চিকিৎসাৰ সৈতে জড়িত অনেক সুবিধাৰ লোকাৰ্পণ কৰা হৈছে৷ আজি বাৰাণসী পূৰ্বাঞ্চলৰ এক বৃহৎ চিকিৎসা হাব হিচাপে উদ্ভাসিত হৈ উঠিছে৷ ইয়াত কৰ্কটৰ দৰে গুৰুতৰ ৰোগসমূহৰ আধুনিক চিকিৎসাৰ বাবে বহু চিকিৎসালয় প্ৰস্তুত হৈ উঠিছে৷ পূৰ্বে যিবোৰ ৰোগৰ বাবে দিল্লী, মুম্বাইলৈ যাবলগীয়া হৈছিল, সেইসমূহৰ চিকিৎসা এতিয়া ইয়াতেই উপলব্ধ হৈছে৷ ইয়াৰ ব্যাপক লাভ উত্তৰ প্ৰদেশৰ সৈতে–পূব ভাৰতৰ বৃহৎ অংশই লাভ কৰিছে৷ বিএইচইউত আজি যি ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়ৰ লোকাৰ্পণ হৈছে, তাৰ আধাৰশিলা ২০১৬ৰ শেষৰ ফালে ময়েই স্থাপন কৰিছিলো৷ কেৱল ২১ মাহৰ ভিতৰত ৪৩০খন বিচনাযুক্ত এই চিকিৎসালয় কাশী আৰু পূৰ্বাঞ্চলৰ জনতাৰ বাবে প্ৰস্তুত হৈ উঠিছে৷ কবীৰচোড়াত জিলা মহিলা চিকিৎসালয়ত ১০০ বিচনাযুক্ত প্ৰসূতি বিভাগৰ দ্বাৰা চহৰখনৰ মহিলাসকল উপকৃত হ’ব৷ মই যোগী মহোদয় আৰু তেওঁৰ দলক অভিনন্দন জনাইছো কিয়নো সমগ্ৰ উত্তৰ প্ৰদেশতে চিকিৎসা মহাবিদ্যালয় আৰু আয়ুষ্মান যোজনাৰ অধীনত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ নিৰ্মাণত গুৰুত্ব প্ৰদান কৰা হৈছে৷ ইয়াৰ সৈতে বিশুদ্ধ খোৱা পানী আৰু স্বচ্ছতাক লৈ যিবোৰ প্ৰয়াস বিগত ২–৩ বছৰত ইয়াত কৰা হৈছে, তাৰ জৰিয়তে এনকেফেলাইটিছৰ দৰে ৰোগসমূহ প্ৰতিৰোধ কৰাত সহায়ক হৈছে৷
বন্ধুসকল, এয়া যিবোৰ বিগত পাঁচ, চাৰে পাঁচ বছৰত আমি লাভ কৰিছো, এতিয়া তাক অধিক দ্ৰুতি প্ৰদান কৰাৰ সময় আহি পৰিচে৷ স্বচ্ছতাক লৈ যিবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে সেইবোৰ আমি অব্যাহত ৰাখিব লাগিব৷ ঠিক সেইদৰে জল জীৱন অভিযানৰ অধীনত আগন্তুক পাঁচ বছৰত প্ৰতিখন ঘৰলৈ পানী যোগানৰ বাবেও আমি সম্পূৰ্ণ শক্তিৰে কাম কৰিব লাগিব৷ মই আপোনাক আশ্বস্ত কৰিছো যে এই কামৰ বাবে না বাজেটৰ সমস্যা হ’ব না চৰকাৰৰ দৃঢ়তা দুৰ্বল হ’ব৷ বাৰাণসীৰ কায়াকল্পৰ মহাদেৱৰ ইচ্ছা আমি সকলোৱে মিলি পূৰণ কৰিম৷
ভাতৃ আৰু ভগ্নীসকল, পৰিৱৰ্তিত ভাৰতত দেশৰ বিকাশ কাহিনীত নতুন অধ্যায় সংযোজিত কৰাৰ কাম ডাঙৰ ডাঙৰ মেট্ৰ’ চহৰ বিশেষকৈ বাৰাণসীৰ দৰে টায়াৰ–২ আৰু টায়াৰ–৩ৰ চহৰসমূহেই কৰিব৷ দীনদয়ালজীয়ে যিদৰে অন্ত্যোদয়ৰ কথা কৈছিল, ঠিক সেইদৰেই দেশৰ সৰু চহৰৰ উদয়ে দেশৰ বিকাশক নতুন গতি প্ৰদান কৰিব৷ কেন্দ্ৰ চৰকাৰৰ যোজনাসমূহৰ অধিকাংশ লাভ এই সৰু চহৰ আৰু ইয়াৰ বাসিন্দাসকলে লাভ কৰিছে৷ অলপতে যি বাজেট গৃহীত হ’ল তাত চৰকাৰে আন্তঃগাঁথনিখণ্ডত ১০০ লাখ কোটি টকা ব্যয় কৰিব বুলি জনাইছে৷ ইয়াৰে এক বৃহৎ অংশ দেশৰ সৰু সৰু চহৰসমূহে লাভ কৰিব৷
বন্ধুসকল, দীনদয়ালজীয়ে কৈছিল যে আত্মনিৰ্ভৰতা আৰু স্ব–সাহায্য সকলো যোজনাৰ কেন্দ্ৰত থাকিব লাগে৷ তেওঁৰ এই চিন্তাধাৰাক চৰকাৰৰ যোজনাসমূহ আৰু চৰকাৰৰ কৰ্ম সংস্কৃতিত নিৰন্তৰে প্ৰণয়ন কৰাৰ প্ৰয়াস কৰা হৈছে৷ আপোনালোকে দেখিছে, মেক ইন ইণ্ডিয়াৰ কেন্দ্ৰত আত্মনিৰ্ভৰতা আছে৷ আজি ৰে’লৰ ডবাৰ পৰা আৰম্ভ কৰি ম’বাইল ফোন আৰু সেনাৰ বাবে আধুনিক অস্ত্ৰ–শস্ত্ৰ পৰ্যন্ত ভাৰতত নিৰ্মাণ হ’বলৈ ধৰিছে৷ পূৰ্বাঞ্চলসহিতে সমগ্ৰী উত্তৰ প্ৰদেশত অনেক নতুন কাৰখানা বিগত পাঁচ বছৰত স্থাপন কৰা হৈছে৷ ঠিক সেইদৰে ষ্টাৰ্ট আপ ইণ্ডিয়াৰ কেন্দ্ৰতো আত্মনিৰ্ভৰতা আছে৷ বিগত পাঁচ বছৰত প্ৰায় ২৬ হাজাৰ নতুন ষ্টাৰ্ট আপ পঞ্জীকৃত হৈছে যাৰ দ্বাৰা ভাৰতৰ লক্ষাধিক যুৱকে কৰ্ম সংস্থাপন লাভ কৰিছে৷ মুদ্ৰা যোজনাৰ কেন্দ্ৰতো আত্মনিৰ্ভৰতা আৰু স্বয়ং সাহায্য আছে৷ এই যোজনাই সমগ্ৰ দেশত প্ৰায় চাৰে পাঁচ কোটি নতুন উদ্যমীৰ সৃষ্টি কৰিছে৷ প্ৰায় ৩ হাজাৰ কোটি টকাৰ মুদ্ৰা ঋণ বাৰাণসীৰ প্ৰায় চাৰে ৬ লাখ লোকে লাভ কৰিছে৷ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ মূলতো আছে স্বয়ং সাহায্যতা৷ ইয়াৰ অধীনত উত্তৰ প্ৰদেশৰ প্ৰায় ২ কোটি কৃষকৰ একাউণ্টলৈ প্ৰায় ১২ হাজাৰ কোটি টকা স্থানান্তৰ কৰা হৈছে৷
ভাতৃ আৰু ভগ্নীসকল, আমাৰ চৰকাৰে সমাজৰ অন্তিম প্ৰান্তৰ ব্যক্তিজনলৈও, তেওঁক বিকশিত কৰিবলৈও নিৰন্তৰে কাম কৰি আছে৷ আপোনালোকে কওক, ৫০ কোটিতকৈও অধিক দেশবাসী যিয়ে আজি আয়ুষ্মান ভাৰত যোজনাৰ অধীনত ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰি আছে, তেওঁলোক কোন হয়? তেওঁলোক বিগত ৭০ বছৰত বিকাশৰ অন্তিম প্ৰান্তৰেই লোক৷ আজি দেশত প্ৰায় ৯০ লাখ দুখীয়া লোকে চিকিৎসা লাভ কৰিছে য’ত উত্তৰ প্ৰদেশৰ ৩ লাখ আৰু বাৰাণসীৰ প্ৰায় ১৬ হাজাৰ লোক আছে৷ দেশৰ সেই ১১ কোটি লোকে অন্তিম প্ৰান্তৰেই লোক আছিল যিসকলৰ ঘৰত প্ৰথমবাৰলৈ শৌচালয় স্থাপন কৰা হৈছে৷ দেশৰ সেই ৮ কোটিতকৈও অধিক পৰিয়াল অন্তিম প্ৰান্তৰেই লোক আছিল যিসকলে উজ্বলাৰ গেছ সংযোগ লাভ কৰিছে৷ ইয়াতো উত্তৰ প্ৰদেশৰ ডেৰ কোটি আৰু বাৰাণসীৰ প্ৰায় আঢ়ৈ লাখ পৰিয়ালে উপকৃত হৈছে৷ ইয়াতো প্ৰায় ৫০ লাখ লোক হ’ল মোৰ দলিত ভাই–ভনীসকল যিয়ে উজ্বলাৰ গেছ সংযোগ লাভ কৰিছে৷ দেশৰ প্ৰায় ২ কোটি লোকে পকী ঘৰ লাভ কৰিছে, তেওঁলোকে অন্তিম প্ৰান্তৰেই লোক আছিল৷ আজি যি ২৪ কোটি দেশবাসীয়ে ৪ লাখ টকাৰ দুৰ্ঘটনা আৰু জীৱন বীমা লাভ কৰিছে তেওঁও অন্তিম প্ৰান্ততেই আছিল৷ যি কোটি কোটি কৃষক, শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে ৬০ বছৰৰ আয়ুৰ পিছত ৩ হাজাৰ কোটি টকাৰ মাহিলী পেঞ্চনৰ বাবে সুবিধা কৰা হৈছে তেওঁলোকে বিকাশৰ অন্তিম প্ৰান্তৰেই লোক আছিল৷
বন্ধুসকল, স্বাধীনতাৰ দীৰ্ঘতম কালখণ্ড এওঁলোকক বিকাশৰ অন্তিম প্ৰান্তত ৰখা হ’ল কাৰণ ইয়াৰ সমস্যা সমাধানত নহয় বৰঞ্চ অধিক সমস্যা বৃদ্ধিতহে ৰাজনৈতিক লোকসকল সিদ্ধ৷ কিন্তু এতিয়া স্থিতি পৰিৱৰ্তন হৈছে, দেশ পৰিৱৰ্তিত হৈছে৷ যি অন্তিম প্ৰান্তত আছে তেওঁক সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰা হৈছে৷ মহাদেশৰ আশীৰ্বাদত দেশে আজি সেই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছে যাক আমি সদায়েই পিছুৱাই থৈছিলো৷ জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ সিদ্ধান্ত অথবা নাগৰিকত্ব সংশোধনী আইন, বৰ্ষজুৰি দেশে ইয়াৰ সিদ্ধান্তৰ অপেক্ষা কৰি আছিল৷ দেশহিতাৰ্থে এই সিদ্ধান্ত আৱশ্যকীয় আছিল আৰু বিশ্বই ইমান চাপ প্ৰয়োগ কৰাৰ পিছতো আমি এই সিদ্ধান্তত অটল হৈ থাকিলো আৰু আগলৈও থাকিম৷ আজি বাবা ভোলানাথৰ নগৰত, অৱধুত বামা ভগৱান ৰামৰ সান্নিধ্যত, দীনদয়ালৰ স্মৃতিত মই কাশীৰ বাসিন্দাক, দেশৰ জনতাক এই আশ্বাস প্ৰদান কৰিছো যে দেশৰ বাবে এই কাম নিৰন্তৰে চলি থাকিব৷ পুনৰ বাৰ আপোনালোক সকলোকে এই বৃহৎ সংখ্যাত ইয়াত উপস্থিত হোৱাৰ বাবে, মোক আশীৰ্বাদ দিয়াৰ বাবে অশেষ ধন্যবাদ!!!
ভাৰত মাতাৰ জয়!!!
ভাৰত মাতাৰ জয়!!!
ভাৰত মাতাৰ জয়!!!
*****
Inaugurated an iconic statue of Pandit Deen Dayal Upadhyaya Ji in Kashi. pic.twitter.com/9ofEvtqJhs
— Narendra Modi (@narendramodi) February 16, 2020
दीनदयाल उपाध्याय जी ने हमें अंत्योदय का मार्ग दिखाया था। यानि जो समाज की आखिरी पंक्ति में हैं, उनका उदय। 21वीं सदी का भारत इसी विचार से प्रेरणा लेते हुए अंत्योदय के लिए काम कर रहा है। जो विकास के आखिरी पायदान पर है, उसे विकास के पहले पायदान पर लाने के लिए काम हो रहा है। pic.twitter.com/kCZUnuPJcX
— Narendra Modi (@narendramodi) February 16, 2020
देशभर में आस्था और अध्यात्म से जुड़े तमाम बड़े केंद्रों को विकसित करने के साथ श्रद्धालुओं और पर्यटकों के लिए उन्हें सुविधाजनक भी बनाया जा रहा है। इसी कड़ी में आज बाबा विश्वनाथ की नगरी को ओंकारेश्वर और महाकालेश्वर से जोड़ने वाली काशी-महाकाल एक्सप्रेस को भी हरी झंडी दिखाई गई है। pic.twitter.com/4AoEXZsZKd
— Narendra Modi (@narendramodi) February 16, 2020
आज वाराणसी, पूर्वांचल का बहुत बड़ा मेडिकल हब बनकर उभर रहा है। यहां कैंसर जैसी गंभीर बीमारियों के आधुनिक इलाज के लिए कई अस्पताल तैयार हो चुके हैं। पहले जिन बीमारियों के इलाज के लिए दिल्ली और मुंबई जैसे बड़े शहरों में जाना पड़ता था, उनका इलाज यहीं पर मिल रहा है। pic.twitter.com/OfnfsZZPtV
— Narendra Modi (@narendramodi) February 16, 2020
दीनदयाल जी कहते थे- आत्मनिर्भरता और स्वयंसहायता सभी योजनाओं के केंद्र में होनी चाहिए। इन विचारों को सरकार की योजनाओं और कार्यसंस्कृति में निरंतर लाने का प्रयास किया जा रहा है। pic.twitter.com/Z4cAkDSyBX
— Narendra Modi (@narendramodi) February 16, 2020