প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদীয়ে আজি ম্যানমাৰৰ বাগানত অৱস্থিত আনন্দ মন্দিৰ পৰিদর্শন কৰে।
দ্বাদশ শতিকাতে এই বৌদ্ধ মন্দিৰটো নির্মাণ কৰা হৈছিল। বাগান অঞ্চলৰ এইটো হৈছে দ্বিতীয় বৃহত্তম মন্দিৰ। ভাৰতীয় প্ৰত্নতাত্ত্বিক বিভাগে এই মন্দিৰটোৰ ভাস্কর্যৰ ৰাসায়নিক ব্যৱস্থাৰে সংৰক্ষণৰ দায়িত্ব গ্রহণ কৰিছে। যোৱা বছৰৰ ভূমিকম্পৰ পাছত মন্দিৰটো যি ক্ষতি হৈছিল, তাৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কামো বর্তমান কৰি থকা হৈছে। মন্দিৰটোৰ পুনৰ র্নিমাণ কাৰ্যৰ এটি ফটো প্রদর্শনী আজি প্ৰধানমন্ত্ৰীক দেখুওৱা হয়। তেওঁ মন্দিৰত প্রার্থনা জনোৱাৰ লগতে মন্দিৰটোত চাৰিওফালে পৰিক্রমাও কৰে। ভাৰতীয় প্ৰত্নতাত্ত্বিক বিভাগৰ প্রতিনিধিসকলে পুনৰ নিৰ্মাণ প্রক্রিয়াৰ খুঁটিনাটিসমূহৰ সন্দৰ্ভত প্রধানমন্ত্রীক অৱগত কৰে।
প্ৰধানমন্ত্ৰীয়ে মন্দিৰটোৰ দৰ্শনাৰ্থীৰ স্বাক্ষৰ বহীত স্বাক্ষৰ কৰাৰ লগতে আনন্দ মন্দিৰৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ অৱদানৰ চিন স্বৰূপে এখনি ফলকো মুকলি কৰে।
ভাৰতীয় প্ৰত্নতাত্ত্বিক বিভাগে এছিয়াৰ বিভিন্ন দেশৰ একাধিক বৃহৎ বৃহৎ সংস্কাৰ আৰু সংৰক্ষণৰ কামত জড়িত হৈছে। ম্যানমাৰৰ আনন্দ মন্দিৰৰ উপৰি আফগানিস্তানৰ বামিয়ান বুদ্ধজ, কম্বোডিয়াৰ আংকাৰ ভাট, কম্বোডিয়াই তা প্রহম মন্দিৰ, লাওছৰ ভাট ফোউ মন্দিৰ আৰু ভিয়েটনামৰ মাই চন মন্দিৰৰ বিভিন্ন সংস্কাৰমুলক প্রচেষ্টাৰ সৈতে জড়িত হৈ আছে ভাৰতীয় প্ৰত্নতাত্ত্বিক বিভাগ।
****
AKT/NT/SH/DB
Happy to have visited the beautiful & blissful Ananda Temple in the historic city of Bagan. Here are some pictures. pic.twitter.com/M7VwZOALGQ
— Narendra Modi (@narendramodi) September 6, 2017
It is a matter of immense pride that ASI has carried out structural conservation and chemical preservation work of the Temple.
— Narendra Modi (@narendramodi) September 6, 2017
ASI has been undertaking many major conservation projects across Asia. https://t.co/FVwzRhJjG9
— Narendra Modi (@narendramodi) September 6, 2017