Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বদোদৰাত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে একাধিক উন্নয়নমূলক কাৰ্যসূচী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বদোদৰাত উপস্থিত হৈ দেশৰ প্ৰতি উৎসৰ্গা কৰে একাধিক উন্নয়নমূলক কাৰ্যসূচী৷ বদোদৰাত আয়োজিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি বদোদৰা নগৰ নিৰ্দেশ নিয়ন্ত্ৰণ কেন্দ্ৰ, ৱাগোড়িয়া আঞ্চলিক পানী যোগান আঁচনি আৰু বেংক অৱ বৰোদাৰ মুখ্য কাৰ্যালয়ৰ নতুন ভৱনটো মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে৷

প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ (নগৰ-চহৰ দুয়োটা)ৰ অধীনত হিতাধিকাৰীসকলক ঘৰৰ চাবিও অৰ্পন কৰে আজি৷ তেওঁ ভালেমান আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলাও মুকলি কৰে আজি, ইয়াৰ ভিতৰত সন্নিৱিষ্ট আছে এটা পূৰ্ণাঙ্গ পৰিবহণ কেন্দ্ৰ, আঞ্চলিক পানী যোগান আঁচনি, হাউচিং প্ৰকল্প আৰু এখন উৰণীয়া সেঁতু৷ প্ৰধানমন্ত্ৰীয়ে লগতে মাণ্ড্ৰা-দিল্লী পেট্ৰ’লিয়ামজাত সামগ্ৰী পাইপলাইনৰ সামৰ্থ্য সম্প্ৰসাৰণৰ বাবেও আধাৰশিলা মুকলি কৰে, তদুপৰি বদোদৰাতেই হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেড চমুকৈ HPCL ৰ গ্ৰীণফিল্ড মাৰ্কেটিং টাৰ্মিনেল প্ৰজেক্টৰো আধাৰশিলা মুকলি কৰে৷

সভাত উপস্থিত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি বদোদৰাত যিদৰে উন্নয়নমূলক কাৰ্যসূচীৰ শুভাৰম্ভ হৈছে এয়া অভূতপূৰ্ব, এয়া নজিৰবিহীন৷

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দেশৰ উন্নয়ণৰ প্ৰতি গুৰুত্ব তথা অগ্ৰাধিকাৰ আৰু দেশৰ নাগৰিকৰ হিতৰ বাবে দেশৰ উৎসৰ ব্যৱহাৰৰ প্ৰতি চৰকাৰ সদান্মুখ

প্ৰধানমন্ত্ৰীয়ে কয় যে ঘগাৰ পৰা দেহেজলৈ ফেৰী সেৱাৰ কথা তেওঁ শৈশৱৰ পৰাই শুনি আহিছে৷ চৰকাৰে এতিয়া সামগ্ৰিক উন্নয়ণৰ কথা চিন্তা কৰিছে আৰু এই ফেৰী সেৱা আজিৰ পৰা পুনৰ সক্ৰিয় কৰি তোলা হৈছে৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিগত বছৰৰ দৰেকৈ এইবছৰো অহা ৩১ অক্টোবৰৰ দিনটোত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তীৰ দিনটো স্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে ‘একতাৰ দৌৰ’ (ৰাণ ফৰ ইউনিটি) আয়োজন কৰা হ’ব৷ দেশৰ জনসাধাৰণক উৎসাহেৰে ইয়াত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে৷

***

AKT/AK/Rang