ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ কূটনৈতিক উপদেষ্টা ফিলিপ এটিনে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
শ্ৰীযুত এটিনে প্ৰধানমন্ত্ৰীক ভাৰত আৰু ফ্ৰান্সৰ মাজত সকলোক্ষেত্ৰতে সহযোগিতাৰ ভেটি সবল কৰা, বিশেষকৈ প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ দিশত দুয়োখন দেশৰ সহযোগিতাৰ ভেটি শক্তিশালী কৰি তোলাৰ ওপৰত বাৰ্তালাপ কৰে৷
এই সাক্ষাৎকালতেই প্ৰধানমন্ত্ৰীয়ে ২০১৭ চনৰে জুন মাহত কৰা ফ্ৰান্স ভ্ৰমণৰ কথা স্মৰণ কৰে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত-ফ্ৰান্সৰ মাজৰ কৌশলপূৰ্ণ সহযোগিতাৰ বাবে প্ৰতিৰক্ষা আৰু নিৰাপত্তা হৈছে দুটা অতিকৈ গুৰুত্বপূৰ্ণ স্তম্ভ৷ প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত সকলো ক্ষেত্ৰতেই ক্ৰমাৎ বৃদ্ধি পোৱা দ্বিপাক্ষিক সহযোগিতাৰ প্ৰতি সন্তুষ্টি ব্যক্ত কৰে৷
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে অতিশীঘ্ৰেই ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মাৰকণক তেওঁৰ সুবিধা অনুসৰি ভাৰতলৈ আদৰণি জনাবলৈ উন্মুখ হৈ আছে৷
******
AKT/HS/Rang