Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফিনটেক সন্দৰ্ভত ভাৰত আৰু ছিংগাপুৰৰ মাজত যৌথ কৰ্মগোটৰ বাবে সম্পাদিত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ফিনটেক সন্দৰ্ভত ভাৰত আৰু ছিংগাপুৰৰ মাজত ২০১৮ চনৰ জুন মাহত যৌথ কৰ্মগোট (জেডব্লিউজি)ৰ বাবে সম্পাদিত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰিছে৷

লাভসমূহঃ

ভাৰত আৰু ছিংগাপুৰৰ মাজত ফিনটেকৰ এই যৌথ কৰ্মগোটে দুয়োখন দেশৰ মাজত ফিনটেক খণ্ডত সহযোগিতাৰে কাম সম্পন্ন হোৱাত সহায় কৰিব৷ ছিংগাপুৰৰ সৈতে ভাৰতৰ সংবদ্ধতাই দুয়োখন দেশকে এপ্লিকেচন প্ৰগ্ৰামিং ইণ্টাৰফেচৰ বিকাশ (এপিআই), ৰেগুলেটৰী ছেণ্ডবক্স, লেনদেন আৰু ডিজিটেল কেশ্ব ফ্লত সুৰক্ষা, ইলেক্ট্ৰনিক স্থানান্তৰণৰ বাবে ৰুপেৰ সংবদ্ধকৰণ, ইউপিআইফাষ্ট পেমেণ্ট লিংক, আধাৰ ষ্টেক আৰু এছিয়ান (ASEAN)অঞ্চলত ইকেৱাইচি, নিয়ামক সন্দৰ্ভত সহযোগিতা, বিত্তীয় বজাৰৰ সমাধান আৰু বীমা ক্ষেত্ৰ তথা ছেণ্ডবক্স মডেল আদি ক্ষেত্ৰত প্ৰচুৰভাৱে লাভান্বিত কৰিব৷

জেডব্লিউজিৰ প্ৰসংগৰ সংজ্ঞাসমূহঃ

. উন্নত অনুশীলনৰ বিনিময়

উন্নত অনুশীলনৰ বিনিময়ৰ দিশৰ পৰা নিয়ামক সংযোগসমূহ উন্নত কৰাৰ বাবে

) ফিনটেক সম্বন্ধীয় নিয়মাৱলী আৰু নিয়ামকসমূহৰ অভিজ্ঞতা বিনিময়ৰ উত্তৰণ;

) ফিনটেক ফাৰ্ম আৰু সংস্থাসমূহৰ দ্বাৰা অবৈষম্যমূলকভাৱে তথ্য ব্যৱহাৰত গুণগততা সৃষ্টিত উৎসাহ প্ৰদান;

) নতুন বিশ্বজনীন ভাবুকি যেনে চাইবাৰ সুৰক্ষা, বিত্তীয় ফাঁকি ইত্যাদিকে ধৰি নিয়ামক প্ৰতিষ্ঠানসমূহৰ প্ৰাসংগিক বিষয়সমূহৰ সামৰ্থ নিৰ্মাণ৷

. সহযোগিতাৰ উত্তৰণ

ভাৰত আৰু ছিংগাপুৰৰ মাজত বিত্তীয় প্ৰযুক্তি উদ্যোগৰ সহযোগিতাৰ উত্তৰণ কৰাৰ বাবে

) ফিনটেক খণ্ডত ফাৰ্মসমূহৰ মাজত সহযোগিতাৰ উত্তৰণ;

) ব্যৱসায়/বিত্তীয় খণ্ডত ফিনটেক সমাধানৰ বিকাশৰ উত্তৰণ;

) দুয়োখন দেশৰ প্ৰাসংগিক নিয়মাৱলীসমূহক অন্তৰ্ভুক্ত কৰি ছিংগাপুৰ আৰু ভাৰতত ফিনটেকত উদ্যমী/ষ্টাৰ্ট আপ প্ৰতিভাৰ সংবদ্ধকৰণক উৎসাহ প্ৰদান কৰা৷

. আন্তৰ্জাতিক গুণগত মানৰ বিকাশ

) ভাৰত আৰু ছিংগাপুৰত ৰাজহুৱা প্ৰণালীসমূহত সৃষ্টি কৰা এপ্লিকেচন প্ৰগ্ৰামিং ইণ্টাৰফেচৰ গুণগতমানৰ সৈতে আন্তঃসমন্বয়ী হোৱাকৈ এপ্লিকেচন প্ৰগ্ৰামিং ইণ্টাৰফেচৰ আন্তঃৰাষ্ট্ৰীয় সংস্কৰণ সৃষ্টিত উৎসাহ প্ৰদান কৰিবলৈঃ

) ডিজিটেল পৰিচয় ব্যৱহাৰ কৰি বাসিন্দাসকলৰ ক্ৰৰ্ডাৰ অথেনটিকেচন আৰু ইলেক্ট্ৰনিক নোইউৰ কাষ্টমাৰ (কেৱাইচি) সক্ৰিয় কৰা;

) ইউনিফাইড পেমেণ্ট ইণ্টাৰফে(ডিপিআই) আৰু ফাষ্ট এণ্ড ছিকিউৰ ট্ৰেন্সফাৰ (ফাষ্ট) ডিজিটেল পুঁজি স্থানান্তৰণ প্লেটফৰ্মৰ মাজত লেনদেন সংযোগ সক্ৰিয় কৰা;

) নেচনেল পেমেণ্ট কৰ্পৰেচন অব্ ইণ্ডিয়া (এনপিচিআই) আৰু নেটৱৰ্ক ফৰ ইলেক্ট্ৰনিক ট্ৰেন্সফাৰ্ছ (এনইটিএছ) পেমেণ্ট নেটৱৰ্কৰ মাজত সংযোগৰ জৰিয়তে ৰুপে’/ডেবিট কাৰ্ডৰ ক্ৰলাৰ্ণিং সক্ৰিয় কৰা;

) ডিপিআই আৰু কুইক ৰেচপন্স (কিউআৰ) কোড ভিত্তিক লেনদেন গ্ৰহণযোগ্যতাক সক্ৰিয় কৰা; আৰু

) ছাইন আদিৰ জৰিয়তে ডিজিটেল ছিগনেচাৰ সক্ৰিয় কৰা৷

) ভাৰত আৰু ছিংগাপুৰৰ মাজত নিম্নোক্ত ক্ষেত্ৰত সহযোগিতা বৃদ্ধিক উৎসাহ প্ৰদান কৰা হবঃ

) ডিজিটেল গৰ্ভানেন্স;

) বিত্তীয় সমাপন; আৰু

) এছিয়ান ফিনান্সিয়েল ইনভেচন নেটৱৰ্ক (এএফআইএন)কাৰ্যসূচীত সহযোগিতা৷  

 

*****

NW/AKT/SH/MANN