Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰৰ ওপৰত খাৰিফ, ২০২৫ (০১.০৪.২০২৫ৰ পৰা ৩০.০৯.২০২৫লৈ)ৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএছ)ৰ হাৰত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰৰ ওপৰত খাৰিফ বতৰ ২০২৫ (০১.০৪.২০২৫ৰ পৰা ৩০.০৯.২০২৫লৈ) ৰ বাবে পুষ্টিভিত্তিক ৰাজসাহায্য (এনবিএছ)ৰ হাৰ নিৰ্ধাৰণৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত যাৱতীয় অনুমোদন জনাইছে।

২০২৪ চনৰ খাৰিফ ছিজনৰ বাবে বাজেটৰ প্ৰয়োজনীয়তা হ’ব প্ৰায় ৩৭,২১৬.১৫ কোটি টকা। ইফালে, ২০২৪-২৫ চনৰ ৰবি বতৰৰ বাজেটৰ প্ৰয়োজনীয়তাতকৈ এই পৰিমাণ প্ৰায় ১৩ হাজাৰ কোটি টকা বেছি।

লাভালাভ

· ৰাজসাহায্যযুক্ত, সুলভ আৰু যুক্তিসংগত মূল্যত কৃষকৰ বাবে সাৰ উপলব্ধ হোৱাটো নিশ্চিত কৰা হ’ব।

· সাৰ আৰু ইনপুটৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ শেহতীয়া ধাৰাসমূহৰ প্ৰতি লক্ষ্য ৰাখি পি এণ্ড কে সাৰৰ ওপৰত ৰাজসাহায্যৰ সমানুপাতকৰণ।

ৰূপায়ণৰ কৌশল আৰু লক্ষ্য:

খৰিফ ২০২৫ (০১.০৪.২০২৫ৰ পৰা ৩০.০৯.২০২৫লৈ প্ৰযোজ্য)ৰ বাবে অনুমোদিত হাৰৰ ভিত্তিত এন পি কে এছ গ্ৰেডকে ধৰি পি এণ্ড কে সাৰত এই সাৰসমূহ সুলভ মূল্যত কৃষকসকলৰ বাবে সুচাৰুৰূপে উপলব্ধ হোৱাটো নিশ্চিত কৰা হ’ব।

পটভূমি:

চৰকাৰে সাৰ প্ৰস্তুতকাৰী আৰু আমদানিকাৰকৰ জৰিয়তে কৃষকক ৰাজসাহায্যযুক্ত মূল্যত ২৮ গ্ৰেডৰ ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰ উপলব্ধ কৰি তুলিছে। ০১.০৪.২০১০ৰ পৰা পি এণ্ড কে সাৰৰ ৰাজসাহায্য পুষ্টি ভিত্তিক ৰাজসাহায্য (এন বি এছ) আঁচনিৰ অধীনত নিয়ন্ত্ৰণ কৰা হৈছে। কৃষক অনুকূল পন্থাৰ লগত সংগতি ৰাখি চৰকাৰে কৃষকৰ বাবে সুলভ মূল্যত পি এণ্ড কে সাৰৰ উপলব্ধতা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ইউৰিয়া, ডি এ পি, এম অ’ পি, আৰু চালফাৰকে ধৰি আন্তঃৰাষ্ট্ৰীয় সাৰ আৰু ইনপুটৰ মূল্যৰ শেহতীয়া ধাৰা বিবেচনা কৰি চৰকাৰে এন পি কে এছ গ্ৰেডকে ধৰি পি এণ্ড কে সাৰৰ ওপৰত ০১.০৪.২০২৫ৰ পৰা ৩০.০৯.২০২৫লৈকে কাৰ্যকৰী হোৱা খাৰিফ ২০২৫ৰ বাবে এন বি এছ হাৰত অনুমোদন জনাইছে। অনুমোদিত আৰু অধিসূচিত হাৰৰ ভিত্তিত সাৰ কোম্পানীসমূহক এই ৰাজসাহায্য প্ৰদান কৰা হ’ব, যাৰ ফলত কৃষকৰ বাবে সাৰ সুলভ হৈ থকাটো নিশ্চিত কৰা হ’ব।

***

MJPS/SKS