প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ দিনা লালকিল্লাৰ প্ৰাচীৰৰ পৰা ভাষণ প্ৰদান কৰি অনাগত দিনত ‘বিশ্বকৰ্মা যোজনা’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। এই আঁচনিখন পৰম্পৰাগত কাৰুশিল্পত দক্ষ ব্যক্তিসকলক লাভান্বিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে কয়, “অনাগত সময়ত আমি বিশ্বকৰ্মা জয়ন্তী উপলক্ষে এক আঁচনি আৰম্ভ কৰিম, যাৰ ফলত পৰম্পৰাগত কাৰুশিল্পত দক্ষ ব্যক্তি, বিশেষকৈ অ’বিচি সম্প্ৰদায় উপকৃত হ’ব।” প্ৰধানমন্ত্ৰীয়ে কয়, “শিপিনী, সোণাৰি, কমাৰ, ধোবা, নাপিত আদি ধৰণৰ কাৰিকৰী দক্ষ পৰিয়ালক ‘বিশ্বকৰ্মা যোজনা’ৰ জৰিয়তে সবলীকৃত কৰা হ’ব। এই আঁচনি প্ৰায় ১৩,০০০-১৫,০০০ কোটি টকাৰ আৱণ্টনেৰে আৰম্ভ হ’ব।”
On #VishwakarmaJayanti, we will launch ‘Vishvakarma Yojana’ with outlay of Rs 13,000-15,000 crore to empower our workers: PM @narendramodi#IndependenceDay #NewIndia#IndependenceDay2023 #RedFort pic.twitter.com/fPXZkfR8y4
— PIB India (@PIB_India) August 15, 2023
ইয়াৰ পূৰ্বে ভাষণত শ্ৰী মোদীয়ে দৰিদ্ৰতা দূৰীকৃত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰি অহা প্ৰচেষ্টাৰ বিষয়ে কয়। তেওঁ কয়, “আমাৰ কাৰ্যকালৰ প্ৰথম পাঁচ বছৰত এই প্ৰচেষ্টাৰ ফলস্বৰূপে ১৩.৫ কোটি দৰিদ্ৰ দেশবাসী আৰু মহিলাই নিজকে দৰিদ্ৰতাৰ বান্ধোনৰ পৰা মুক্ত হৈ নতুন মধ্যবিত্ত শ্ৰেণীত প্ৰৱেশ কৰিছে।”
প্ৰধানমন্ত্ৰীয়ে বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে যিয়ে ১৩.৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ সমৰ্থ কৰি তুলিছে। সেইবোৰৰ ভিতৰত প্ৰধানতঃ প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি, যাৰ জৰিয়তে পদপথৰ বিক্ৰেতাসকলক ৫০,০০০ কোটি টকা প্ৰদান কৰা হৈছিল আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি, যাৰ জৰিয়তে কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ ২.৫ লাখ কোটি টকা জমা কৰা হৈছিল।
*****
On #VishwakarmaJayanti, we will launch 'Vishvakarma Yojana' with outlay of Rs 13,000-15,000 crore to empower our workers: PM @narendramodi#IndependenceDay #NewIndia#IndependenceDay2023 #RedFort pic.twitter.com/fPXZkfR8y4
— PIB India (@PIB_India) August 15, 2023