Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰয়াগৰাজত প্ৰধানমন্ত্ৰীঃ নতুন বিমান বন্দৰ চৌহদ, কুম্ভ মেলাৰ বাবে সংহত নিয়ন্ত্ৰণ কেন্দ্ৰ মুকলি; একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰয়াগৰাজত এটা নতুন বিমান বন্দৰ চৌহদ আৰু কুম্ভ মেলাৰ বাবে সংহত নিয়ন্ত্ৰণ কেন্দ্ৰ মুকলি কৰে৷

প্ৰধানমন্ত্ৰীয়ে লগতে গংগা পূজন আৰু স্বচ্ছ কুম্ভ প্ৰদৰ্শনী পৰিদৰ্শন কৰে৷ তেওঁ প্ৰয়াগৰাজত অক্ষয় ভাটো ভ্ৰমণ কৰে৷ অন্দাৱাত তেওঁ একাধিক উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা, উদ্বোধন তথা আধাৰশিলাও স্থাপন কৰে৷

এই উপলক্ষে এক ৰাজহুৱা সভাত ভাষণত প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ অৰ্ধ-কুম্ভৰ তীৰ্থ যাত্ৰীসকলে অক্ষয়ো ভ্ৰমণ কৰিব পাৰিব বুলি ঘোষণা কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰয়াগৰাজৰ যোগাযোগ উন্নত কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা হাতত ল’ব৷ আজি দেশবাসীৰ নামত উচৰ্গা কৰা প্ৰকল্পসমূহে আন্তঃগাঁথনি আৰু যোগাযোগ উভয়তে সহায় কৰিব৷ ইফালে, নতুন বিমান বন্দৰটো এবছৰৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ কৰি অভিলেখ ৰচনা কৰা বুলিও তেওঁ সদৰি কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় অৰ্ধ-কুম্ভৰ বাবে অহা তীৰ্থ যাত্ৰীসকলৰ বাবে এক সুকীয়া অভিজ্ঞতা নিশ্চিত কৰিবলৈ সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে৷ তেওঁ কয় যে এই প্ৰচেষ্টাই ভাৰতৰ গৌৰৱোজ্জল অতীত আৰু এক উজ্জল ভৱিষ্যতক প্ৰতিফলিত কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে এখন স্বচ্ছ গংগা সুনিশ্চিত কৰাৰৰ হকেও কাম কৰি আছে৷ এই ক্ষেত্ৰত আৱৰ্জনা নিষ্কাষণ প্ৰকল্প আৰু ঘাটসমূহৰ সৌন্দৰ্যবৰ্ধনৰ কামসমূহ উল্লেখযোগ্য৷

প্ৰধানমন্ত্ৰীয়ে কুম্ভক ভাৰত আৰু ভাৰতীয়ত্বৰ এক প্ৰতীক হিচাপে ব্যাখ্যা কৰে৷ তেওঁ কয় এইটোৱে আমাক একত্ৰিত কৰে আৰু এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ আভাস দিয়ে৷ তেওঁ কয় কুম্ভ আয়োজন কৰাটো কেৱল এক বিশ্বাসৰ বিষয়েই নহয়, বৰঞ্চ ই সন্মান তথা কুম্ভলৈ অহা প্ৰতিগৰাকী পৰ্যটকৰ সম্পূৰ্ণ যত্ন লোৱা উচিত৷ তেওঁ কয় অৰ্ধ কুম্ভই কেনেকৈ ‘নতুন ভাৰতে’ ঐতিহ্য আৰু আধূনিকতা সমাহাৰ ঘটাইছে, তাক প্ৰদৰ্শিত কৰিব৷

প্ৰধানমন্ত্ৰীয়ে সকলো সাৱধান কৰি কয় যে একাংশ শক্তিয়ে ন্যায়পালিকাৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে৷ তেওঁ কয় যে এই শক্তিসমূহে নিজকে সকলো প্ৰতিষ্ঠানৰ ঊৰ্ধত বুলি ভাৱে৷

***

AKT/KP/DB