Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ বিয়োগত প্রধানমন্ত্ৰীৰ শোক প্ৰকাশ


 

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ বিয়োগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷

মই বাকৰুদ্ধ হৈ পৰিছো৷ শূন্যতা অনুভৱ কৰিছো৷ আমাৰ সকলোৰে শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ী মহোদয় আমাৰ মাজত আৰু নাই৷ জীৱনৰ প্ৰতিটো মুহূৰ্ত তেওঁ ৰাষ্ট্ৰৰ কল্যাণৰ বাবে উৎসৰ্গা কৰিছিল৷ তেওঁৰ বিয়োগত এটা যুগৰ অন্ত পৰিল৷

বাজপেয়ী মহোদয় আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ প্ৰেৰণা, আদৰ্শই প্ৰতিগৰাকী ভাৰতীয় আৰু প্ৰতিগৰাকী বিজেপি কৰ্মীক উৎসাহিত কৰি যাব৷ ঈশ্বৰে তেওঁৰ আত্মাক চিৰশান্তি প্ৰদান কৰক আৰু তেওঁৰ সকলো শুভাকাংক্ষীক এই দুখ সহ্য কৰিব পৰাকৈ শক্তি দিয়ক৷ ওম শান্তি৷

আমাৰ শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ী মহোদয়ৰ বিয়োগত সমগ্ৰ দেশ আজি শোকাভিভূত৷ তেওঁৰ বিয়োগত এটা যুগৰ অন্ত পৰিল৷ তেওঁ ৰাষ্ট্ৰৰ উন্নয়নৰ নামত গোটেই জীৱন উৎসৰ্গা কৰিছিল৷ এই দুঃসংবাদৰ সময়ত মই তেওঁৰ পৰিয়ালবৰ্গ, বিজেপি কৰ্মকৰ্তা আৰু কোটি কোটি শুভাকাংক্ষীৰ ওচৰত সমবেদনা জ্ঞাপন কৰিছো৷ ওম শান্তি৷

অটল বিহাৰী মহোদয়ৰ নেতৃত্বত ২১ শতিকাত এখন শক্তিশালী, সমৃদ্ধিশালী আৰু সন্মিলিত ভাৰতবৰ্ষৰ ভেটি স্থাপিত হৈছিল৷ দেশৰ বিভিন্ন খণ্ডক সাঙুৰি ৰূপায়ন কৰা তেওঁৰ দূৰদৰ্শী নীতিয়ে  প্ৰতিগৰাকী নাগৰিকৰ জীৱনক স্পৰ্শ কৰিছিল৷

অটল মহোদয়ৰ দেহাৱসান মোৰ বাবে এক ব্যক্তিগত আৰু অপূৰণীয় ক্ষতি৷ তেওঁৰ সৈতে মোৰ অনেক মধুৰ স্মৃতি জড়িত হৈ আছে৷ মোৰ দৰে কৰ্মকৰ্তাৰ তেওঁ আছিল অনুপ্ৰেৰণাৰ উৎস৷ মই  তেওঁৰ প্ৰখৰ বুদ্ধিমত্তাক বিশেষভাৱে স্মৰণ কৰিম৷

বিজেপিৰ ক্ৰমবৰ্ধমান উত্থান আছিল অটল বিহাৰী বাজপেয়ী মহোদয়ৰ অধ্যাৱসায় আৰু সংগ্ৰামৰ ফল৷ বিজেপিৰ বাৰ্তা বিলাবলৈ তেওঁ দেশৰ প্ৰতিটো প্ৰান্ত ভ্ৰমণ কৰিছিল, যাৰ ফলস্বৰূপে দেশৰ ৰাষ্ট্ৰীয় ৰাজনীতিত বিজেপি এক শক্তিশালী দল হৈ পৰিছিল৷”, ধাৰাবাহিক টুইটত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

ইয়াৰ পূৰ্বে, নতুন দিল্লীস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানে এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছিল যে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি সন্ধিয়া ৫ বাজি ৫ মিনিটত দেহাৱসান ঘটে৷

****

AKT/KP/MS