Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী ৭ ডিচেম্বৰ আগ্ৰা মেট্ৰো প্ৰকল্পেৰ নিৰ্মাণ কাৰ্য সূচনা কৰি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ ডিচেম্বৰৰ দিনৰ চাৰে ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে আগ্ৰা মেট্ৰ’ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব। কেন্দ্ৰীয় গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে আগ্ৰাৰ পিএচি-ৰ ১৫ নম্বৰ বেটেলিয়নৰ কুচকাৱাজৰ এই অনুষ্ঠানত উপস্থিত থাকিব।

 

আগ্ৰা মেট্ৰো প্ৰকল্প সম্পৰ্কে :

আগ্ৰা মেট্ৰো প্ৰকল্পটোত দুটা কৰিডৰ থাকিব। ২৯.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পই তাজমহল, আগ্ৰা দূৰ্গ, ছেকেন্দ্ৰাৰ দৰে পৰ্যটকৰ আকৰ্ষণীয় স্থানৰ লগতে ৰে’ল ষ্টেশ্যন তথা বাছ ষ্টেণ্ডৰ মাজত যোগাযোগ ৰক্ষা কৰিব। ইয়াৰ ফলত ২৬ লাখ জনবসতিৰ আগ্ৰা চহৰৰ জনসাধাৰণৰ যিদৰে উপকাৰ হ’ব, তাৰ সমান্তৰালকৈ প্ৰতি বছৰে ৬০ লক্ষাধিক পৰ্যটক, যিয়ে এই চহৰলৈ আহিবলৈ বিচাৰে তেওঁলোকৰো যথেষ্ট সুবিধা হ’ব। আগ্ৰাৰ দৰে ঐতিহাসিক এক চহৰত ইয়াৰ ফলত পৰিৱেশ অনুকূল গণ পৰিবহণ ব্যৱস্থা গঢ়ি উঠিব। ৮ হাজাৰ ৩৭৯ কোটি ৬২ লাখ টকাৰ এই প্ৰকল্পটো ৫ বছৰত শেষ হ’ব।

 

২০১৯ চনৰ ৮ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে লক্ষ্ণৌ মেট্ৰ’ৰ বাণিজ্যিক চলাচল আৰম্ভ কৰাৰ সময়তো আগ্ৰা মেট্ৰ’ প্ৰকল্পৰ শিলান্যাস কৰিছিল। সিদিনা লক্ষ্ণৌ মেট্ৰ’ৰ উত্তৰ-দক্ষিণ কৰিডৰৰ চিচিএছ বিমান বন্দৰৰ পৰা মুন্সিপুলিয়া পৰ্যন্ত ২৩ কিলোমিটাৰ মেট্ৰো ৰে’লৰ চলাচল আৰম্ভ হৈছিল।

******

DS/VJ/RD