ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ কূটনৈতিক উপদেষ্টা শ্ৰী ইমানুৱেল বনে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ আগন্তুক ফ্ৰান্স ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশত হোৱা অগ্ৰগতি সন্দৰ্ভত শ্ৰী বনে প্ৰধানমন্ত্ৰীক অৱগত কৰে।
প্ৰধানমন্ত্ৰীয়ে ১৪ জুলাইত বাষ্টিল দিৱস উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ তেওঁক আমন্ত্ৰণ জনোৱাৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰনক কৃতজ্ঞতা জ্ঞাপন কৰে।
হিৰোছিমাত ৰাষ্ট্ৰপতি মেক্ৰ’নৰ সৈতে হোৱা তেওঁৰ শেহতীয়া বৈঠকৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ পেৰিছত তেওঁলোকৰ আগন্তুক বাৰ্তালাপক লৈ অধীৰ আগ্ৰহেৰে অপেক্ষাৰত, যিয়ে ভাৰত-ফ্ৰান্স কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰিব।
*************
Pleased to receive Mr. Emmanuel Bonne, Diplomatic Advisor to President @EmmanuelMacron. Looking forward to meeting with my friend President Macron in Paris on Bastille Day. The India-France Strategic Partnership holds great significance for global good. pic.twitter.com/0oI4OIYUYz
— Narendra Modi (@narendramodi) July 6, 2023