মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰীযুত জেক ছুলিয়ানে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
এনএছএ ছুলিয়ানে প্ৰধানমন্ত্ৰীক দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰৰ অগ্ৰগতিৰ চমু আভাস ডাঙি ধৰে৷
তেওঁ জনায় যে প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ আগ্ৰহেৰে বাট চাই ৰৈছে ৰাষ্ট্ৰপতি বাইডেন৷
ভাৰত-মাৰ্কিন বিস্তৃত বিশ্ব কৌশলগত অংশীদাৰিত্বৰ বিকাশ আৰু গভীৰতাকৰৈ সন্তুষ্টি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে৷
প্ৰধানমন্ত্ৰীয়ে জনায় যে তেওঁ এই ভ্ৰমণ ফলপ্ৰসূ আৰু ৰাষ্ট্ৰপতি বাইডেনৰ দ্বিপাক্ষিক, আঞ্চলিত আৰু পাৰস্পৰিক স্বাৰ্থজড়িত গোলকীয় বিষয়সমূহ আলোচনা কৰিবলৈ আগ্ৰহী হৈ আছে৷
*****
Glad to receive US National Security Advisor @JakeSullivan46. Reviewed progress under India-US Initiative on Critical & Emerging Technologies (iCET) and other issues of bilateral cooperation. Look forward to meeting @POTUS @JoeBiden during my upcoming State Visit to the US. pic.twitter.com/jqG77WgMIE
— Narendra Modi (@narendramodi) June 13, 2023