Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানিত


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি ৰাষ্ট্ৰপতি দিছানায়কে ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানিত কৰে। ইয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয় যে ই ভাৰত আৰু শ্ৰীলংকাৰ জনগণৰ মাজত গভীৰভাৱে শিপাই থকা বন্ধুত্ব আৰু ঐতিহাসিক সম্পৰ্কৰ প্ৰতীক।

এক্সৰ বিভিন্ন পোষ্টত তেওঁ লিখিছে, ‘আজি ৰাষ্ট্ৰপতি দিছানায়কে ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ সন্মান প্ৰদান কৰাটো মোৰ বাবে অপৰিসীম গৌৰৱৰ বিষয়। এই সন্মান অকল মোৰ নহয় – ই ভাৰতৰ ১৪ কোটি জনসাধাৰণৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। ই ভাৰত আৰু শ্ৰীলংকাৰ জনগণৰ মাজত গভীৰভাৱে শিপাই থকা বন্ধুত্ব আৰু ঐতিহাসিক সম্পৰ্কৰ প্ৰতীক। এই সন্মানৰ বাবে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি, চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

******

MJPS/SR/SKS/MS