প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত গ্ৰামীণ ভাৰত মহোৎসৱ, ২০২৫ উদ্বোধন কৰে। এই মহোৎসৱৰ বিষয়বস্তু হৈছে এখনি বিকশিত ভাৰত, ২০২৪ৰ বাবে এখন প্ৰাণোচ্ছল গ্ৰাম্য ভাৰত গঢ়ি তোলা। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ৰ আন্তৰিক শুভেচ্ছা জনায়। তেখেতে কয় যে বছৰটোৰ আৰম্ভণিতে গ্ৰামীণ ভাৰত মহোৎসৱৰ বিশাল আয়োজনে ভাৰতৰ উন্নয়ন যাত্ৰাৰ অৱলোকনেৰে এক পৰিচয় গঢ়ি তুলিছে। তেখেতে নাবাৰ্ড আৰু আন সহযোগীসকলক এই অনুষ্ঠানৰ আয়োজনৰ বাবে অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে গাঁৱত জন্মগ্ৰহণেৰে ইয়াত ডাঙৰ-দীঘল হোৱাসকলে গাঁৱৰ সম্ভাৱনাৰাজি সম্পৰ্কে জানে। তেখেতে লগতে কয় যে গাঁৱত বসবাস কৰাসকলৰ মনৰ মাজতো গাঁৱৰ আত্মা লুকাই থাকে। তেখেতে আৰু কয় যে যিসকলে গাঁৱত বসবাস কৰি আহিছে, তেওঁলোকে এখন গাঁৱৰ প্ৰকৃত জীৱনযাত্ৰা সম্পৰ্কে জানে। শ্ৰী মোদীয়ে কয় যে তেখেতে শৈশৱত এটি সৰল পৰিবেশ বিশিষ্ট এখন সৰু চহৰত কটাবলৈ পোৱাটো সৌভাগ্যৰেই কথা। তেখেতে লগতে কয় যে পিছলৈ চহৰ এৰি যোৱাৰ পাছত তেখেতে গ্ৰামাঞ্চলত দিনবোৰ কটাইছিল। “তেতিয়া মই অসুবিধাৰ সন্মুখীন হৈছিলোঁ আৰু গাঁওৰ সম্ভাৱনাৰাজি সম্পৰ্কেও জ্ঞাত হৈছিলোঁ” বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে লগতে কয় যে সৰুৰেপৰাই তেখেতে পৰ্য্যবেক্ষণ কৰিছে যে গাঁৱৰ লোকসকল যদিও কঠোৰ পৰিশ্ৰমী, তথাপিও পুঁজিৰ অভাৱত তেওঁলোকে সঠিক সুযোগ হেৰুৱাবলগীয়া হয়। তেখেতে আৰু কয় যে গাঁওবাসীৰ ভিন্ন ক্ষেত্ৰত বৈচিত্ৰ্যপূৰ্ণ শক্তি থকাৰ পিছতো তেওঁলোকৰ মৌলিক সুবিধাসমূহ পূৰণ হোৱা নাছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কৃষকসকলে প্ৰাকৃতিক দুৰ্য্যোগ, বজাৰত প্ৰৱেশৰ অভাৱৰ দৰে বৈচিত্ৰ্যপূৰ্ণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। তেখেতে লগতে কয় যে এই সকলোবোৰ দেখাৰ পিছত তেখেতে মন বান্ধিছিল আৰু তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰাজিৰে মোকাবিলা কৰিবলৈ সংকল্পবদ্ধ হৈছিল। তেখেতে আৰু কয় যে আজি গ্ৰামাঞ্চলসমূহত গ্ৰহণ কৰা উন্নয়নমূলক পদক্ষেপৰাজি তেখেতৰ গাঁৱৰ অভিজ্ঞতাৰাজিৰে সংগতিপূৰ্ণ। শ্ৰী মোদীয়ে কয় যে ২০১৪ৰ পৰা তেখেতে অহৰহভাৱে ভাৰতৰ গ্ৰামাঞ্চলসমূহক সেৱা কৰি আহিছে। “ভাৰতৰ গ্ৰামাঞ্চলৰ জনসাধাৰণৰ বাবে এটা মৰ্য্যাদাপূৰ্ণ জীৱন নিশ্চিতকৰণত আমাৰ চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে লগতে কয় যে তেওঁলোকৰ দৃষ্টিভংগী হৈছে এখনি শক্তিশালী গ্ৰাম্য ভাৰত নিশ্চিত কৰা, গাঁওবাসীক যথেষ্ট সুযোগ প্ৰদান কৰা, বাহিৰলৈ প্ৰব্ৰজন হ্ৰাস কৰা আৰু গাঁৱৰ জনসাধাৰণৰ জীৱন-যাপনৰ সহজতা নিশ্চিত কৰা। সেয়েহে চৰকাৰে প্ৰতিখন গাঁৱতে মৌলিক সুবিধাসমূহ নিশ্চিতকৰণৰ বাবে এক কাৰ্য্যসূচী ৰূপায়ণ কৰিছে বুলিও তেখেতে কয়। শ্ৰী মোদীয়ে কয় যে স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে প্ৰতিঘৰ গৃহস্থীতে একোটাকৈ শৌচালয়ৰ ব্যৱস্থা কৰা হয়, ভাৰতৰ গ্ৰামাঞ্চলসমূহৰ কোটি-কোটি লোকক পিএম আৱাস যোজনাৰ অংশ হিচাপে একোটাকৈ পকী ঘৰ প্ৰদান কৰা হৈছে আৰু গাঁৱৰ লাখ-লাখ ঘৰ গৃহস্থীলৈ জল জীৱনৰ জৰিয়তে সুৰক্ষিত আৰু বিশুদ্ধ খোৱাপানী নিশ্চিত কৰা হৈছে।
“আজি ১.৫ লাখৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰত ৰাইজক স্বাস্থ্য সুবিধা আগবঢ়োৱা হৈছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে লগতে কয় যে ডিজিটেল প্ৰযুক্তিৰ সহায়ত টেলিমেডিচিনে গাঁওসমূহলৈ শ্ৰেষ্ঠ চিকিৎসক আৰু চিকিৎসালয়ৰ বিকল্প নিশ্চিত কৰিছে। ই-সঞ্জীৱনীৰ জৰিয়তে গ্ৰামাঞ্চলসমূহৰ কোটি-কোটি লোক এই টেলিমেডিচিনৰদ্বাৰা উপকৃত হৈছে বুলিও তেখেতে আৰু কয়। শ্ৰী মোদীয়ে কয় যে ক’ভিড-১৯ মহামাৰীৰ সময়ত ভাৰতৰ গাঁওসমূহে কেনেদৰে ইয়াৰ সৈতে মোকাবিলা কৰিব, সেই কথা বিশ্ববাসীয়ে ভাবিছিল। তেখেতে লগতে কয় যে প্ৰতিখন গাঁৱৰ অন্তিমজন লোকেও ভেকচিন লাভ কৰাটো অৱশ্যে চৰকাৰে নিশ্চিত কৰিছিল।
প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰাম্য অৰ্থনীতি সুদৃঢ়কৰণৰ বাবে গ্ৰাম্য সমাজৰ প্ৰতিটো শ্ৰেণীকে বিবেচনা কৰা অৰ্থনৈতিক নীতি যুগুতৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেখেতে সন্তোষ প্ৰকাশেৰে কয় যে বিগত ১০ বছৰত চৰকাৰে গাঁৱৰ প্ৰতিটো শ্ৰেণীৰ বাবে বিশেষ নীতি প্ৰণয়ণেৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে কয় যে মাত্ৰ কেইদিনমানৰ পূৰ্বে কেবিনেটে পিএম শস্য বীমা আঁচনিখন আৰু এবছৰৰ বাবে সম্প্ৰসাৰণত অনুমোদন জনাইছিল আৰু ডিএপিৰ ক্ষেত্ৰত ৰাজসাহায্য অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছিল। তেখেতে কয় যে চৰকাৰৰ উদ্দেশ্য, নীতি, সিদ্ধান্তৰাজিয়ে ভাৰতৰ গ্ৰামাঞ্চলসমূহত নতুন শক্তিৰ সঞ্চাৰ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কোনো এখন গাঁৱৰ গাঁওবাসীক সৰ্বাধিক অৰ্থনৈতিক সাহায্য প্ৰদান, খেতিৰ কামত নিয়োজিত হ’ব পৰাকৈ আৰু নতুন কৰ্মসংস্থাপন তথা স্বনিয়োজনৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে কৃষকসকলে প্ৰায় ৩ লাখ কোটি টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে। বিগত ১০ বছৰত কৃষি ঋণৰ পৰিমাণ ৩.৫ গুণ বৃদ্ধি হোৱাৰ কথাটো উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এতিয়া পশুপালক আৰু মীনপালকসকলক কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হৈছে। তেখেতে লগতে কয় যে ইয়াৰ উপৰিও দেশৰ ৯ হাজাৰৰো অধিক কৃষক উৎপাদক সংস্থাই (FPO) আৰ্থিক সাহায্য লাভ কৰিছে। তেখেতে কয় যে বিগত ১০ বছৰত চৰকাৰে একাধিক শস্যৰ বাবে ধাৰাবাহিকভাৱে এমএছপি বৃদ্ধি কৰি আহিছে।
শ্ৰী মোদীয়ে স্বামিত্ব যোজনাৰ দৰে অভিযানৰ শুভাৰম্ভত আলোকপাত কৰে, যাৰ জৰিয়তে গাঁওবাসীয়ে সম্পত্তিৰ নথি লাভ কৰিছে। তেখেতে কয় যে বিগত ১০ বছৰত এমএছএমইসমূহক প্ৰোৎসাহিতকৰণৰ বাবে একাধিক নীতি ৰূপায়ণ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ক্ৰেডিট লিংক নিশ্চয়তা আঁচনিৰদ্বাৰা এমএছএমইসমূহ লাভান্বিত হৈছে, ইয়াৰ সুবিধা লাভ কৰিছে এক কোটিৰো অধিক গ্ৰামাঞ্চলৰ এমএছএমইয়ে। তেখেতে উল্লেখ কৰে যে আজি গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলে মুদ্ৰা যোজনা, ষ্টাৰ্ট-আপ ইণ্ডিয়া আৰু ষ্টেণ্ড-আপ ইণ্ডিয়াৰ দৰে আঁচনিৰপৰা সহায় লাভ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰামাঞ্চলৰ পৰিবেশৰ ৰূপান্তৰত সমবায়সমূহৰ উল্লেখযোগ্য অৱদানৰ ওপৰত আলোকপাত কৰে। তেখেতে কয় যে ভাৰত সহকাৰ সে সমৃদ্ধিৰ পথত আগবাঢ়িছে আৰু ইয়াৰ বাবে ২০২১ত সমবায় মন্ত্ৰালয় স্থাপন কৰা হৈছিল। তেখেতে উল্লেখ কৰে যে কৃষক আৰু গাঁওবাসীয়ে তেওঁলোকৰ সামগ্ৰীৰ বিনিময়ত উচিত মূল্য লাভ কৰাটো নিশ্চিতকৰণৰ বাবে প্ৰায় ৭০ হাজাৰ প্ৰাথমিক কৃষি ঋণ সমিতি (PACS) কম্পিউটাৰাইজ কৰা হৈছে, যাৰ ফলত গ্ৰাম্য অৰ্থনীতি সুদৃঢ় হৈছে।
শ্ৰী মোদীয়ে কয় যে কৃষিৰ বাহিৰেও আমাৰ গাঁওসমূহত ভিন্ন পৰম্পৰাগত কলা আৰু দক্ষতাৰ প্ৰচলন আছে, যেনেঃ কমাৰ শিল্প, কাঠমিস্ত্ৰী, মৃৎশিল্প। তেখেতে কয় যে এই বৃত্তিসমূহে গ্ৰাম্য আৰু স্থানীয় অৰ্থনীতিত যথেষ্ট অৰিহণা যোগাইছে, কিন্তু পূৰ্বতে এইসমূহ অৱহেলিত হৈছিল। তেখেতে লগতে কয় যে তেওঁলোকৰ দক্ষতাৰ বৰ্ধন আৰু তেওঁলোকলৈ সাহায্য আগবঢ়াবলৈ বিশ্বকৰ্মা যোজনা ৰূপায়ণ কৰা হৈছে, যিয়ে লাখ-লাখ বিশ্বকৰ্মা শিল্পীৰ অগ্ৰগতি সুনিশ্চিত কৰিছে।
“উদ্দেশ্য সঠিক হ’লে ফলাফল সন্তোষজনক হয়”, শ্ৰী মোদীয়ে কয়। তেখেতে লগতে কয় যে বিগত ১০ বছৰত কৰা কঠোৰ পৰিশ্ৰমৰ সুফল এতিয়া দেশবাসীয়ে লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ এক বৃহৎ পৰিসৰৰ সমীক্ষাৰ উদ্ধৃতি দি কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ২০১১ৰ তুলনাত ভাৰতৰ গ্ৰামাঞ্চলসমূহত ব্যৱহাৰ প্ৰায় তিনিগুণ বৃদ্ধি পাইছে, ইয়াৰপৰা বুজা যায় যে জনসাধাৰণে নিজৰ পছন্দৰ সামগ্ৰীৰ বাবে অধিক ব্যয় কৰিছে। তেখেতে উল্লেখ কৰে যে পূৰ্বে গাঁৱৰ লোকে আয়ৰ ৫০%ৰো অধিক খাদ্যৰ বাবে ব্যয় কৰিবলগীয়া হৈছিল যদিও স্বাধীনতাৰ পিছত পোন-প্ৰথমবাৰৰ বাবে গ্ৰামাঞ্চলৰ খাদ্যৰ বাবে ব্যয় ৫০%ৰ হ্ৰাস পাইছে। তেখেতে কয় যে ইয়াৰ অৰ্থ হ’ল জনসাধাৰণে এতিয়া অন্যান্য উদ্দেশ্য আৰু প্ৰয়োজনীয়তাৰ বাবে ব্যয় কৰিছে, তেওঁলোকৰ জীৱন যাত্ৰাৰ অগ্ৰগতি সাধন হৈছে।
চহৰ আৰু গ্ৰামাঞ্চলসমূহৰ মাজত ব্যৱহাৰৰ ব্যৱধান হ্ৰাস পোৱাৰ কথা প্ৰকাশ কৰা সমীক্ষাৰ আন এক উল্লেখযোগ্য তথ্যৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বে চহৰৰ ব্যক্তিসকলে গাঁৱৰ ব্যক্তিতকৈ অধিক ব্যয় কৰিব পাৰে বুলি বিশ্বাস কৰা হৈছিল, কিন্তু নিৰন্তৰ প্ৰচেষ্টাই এই বৈষম্য হ্ৰাস কৰিছে। তেখেতে কয় যে ভাৰতৰ গ্ৰামাঞ্চলসমূহৰ অগণন সফলতাৰ কাহিনীয়ে আমাক অনুপ্ৰাণিত কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে পূৰ্বৰ চৰকাৰসমূহৰ কাৰ্য্যকালতে এনে সাফল্যৰাজি বাস্তৱায়িত কৰিব পাৰিলেহেঁতেন, কিন্তু স্বাধীনতাৰ পিছত দশক-দশক ধৰি লাখ-লাখ গাঁও মৌলিক প্ৰয়োজনীয়তাৰাজিৰপৰাই বঞ্চিত হৈ আহিছিল। তেখেতে আঙুলিয়াই দিয়ে যে অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST) আৰু অন্যান্য পিছপৰা শ্ৰেণী (OBC) লোকসকলৰ অধিকাংশই গাঁৱত বসবাস কৰে আৰু পূৰ্বৰ চৰকাৰসমূহে তেওঁলোকক অৱহেলা কৰিছিল। ইয়াৰ ফলত গাঁৱৰপৰা প্ৰব্ৰজন, দৰিদ্ৰতা বৃদ্ধি, গ্ৰামাঞ্চল আৰু চহৰাঞ্চলৰ মাজত ব্যৱধান বৃদ্ধি পায়। সীমান্তৱৰ্তী গাঁওসমূহক দেশৰ শেষ গাঁও বুলি পূৰ্বৰ ধাৰণাৰ উদাহৰণ দাঙি ধৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেখেতৰ চৰকাৰে এনে গাঁওসমূহক প্ৰথম গাঁৱৰ মৰ্য্যাদা প্ৰদান কৰিছে আৰু ইয়াৰ উন্নয়নৰ বাবে স্পন্দনশীল গাঁও আঁচনিৰ শুভাৰম্ভ কৰিছে। তেখেতে কয় যে সীমান্তৱৰ্তী গাঁওসমূহৰ উন্নয়নে ইয়াৰ বাসিন্দাসকলৰ আয় বৃদ্ধি কৰিছে। তেখেতে কয় যে পূৰ্বতে যিসমূহ ক্ষেত্ৰত আওকাণ কৰা হৈছিল, সেইসমূহ ক্ষেত্ৰত এতিয়া তেখেতৰ চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনজাতীয় লোকৰ বসতিপ্ৰধান অঞ্চলসমূহৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী জনমান যোজনা আৰম্ভৰ কথা উল্লেখ কৰে। এই আঁচনিৰ উদ্দেশ্য হৈছে দশক-দশক ধৰি উন্নয়নৰপৰা বঞ্চিত অঞ্চলসমূহৰ বাবে সম অধিকাৰ নিশ্চিত কৰা। তেখেতে কয় যে বিগত ১০ বছৰত তেখেতৰ চৰকাৰে পূৰ্বৰ চৰকাৰসমূহৰ বহু ভুল শুধৰণি কৰিছে। তেখেতে কয় যে চৰকাৰে গ্ৰাম্য উন্নয়নৰ জৰিয়তে ৰাষ্ট্ৰীয় উন্নয়নৰ মন্ত্ৰ শিৰোধাৰ্য্য কৰি আগবাঢ়িছে। শ্ৰী মোদীয়ে কয় যে এনে প্ৰচেষ্টাৰাজিৰ ফলশ্ৰুতিত বিগত ১০ বছৰত ২৫ কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্ত হৈছে, ইয়াৰে গৰিষ্ঠসংখ্যক লোক গ্ৰামাঞ্চলসমূহৰ। তেখেতে ভাৰতীয় ষ্টেট বেংকৰ শেহতীয়া এক অধ্যয়নৰ কথা উল্লেখ কৰে। ইয়াত প্ৰকাশ পাইছে যে ভাৰতৰ গ্ৰামাঞ্চলৰ দৰিদ্ৰতা ২০১২ত প্ৰায় ২৬%ৰ পৰা ২০২৪ত ৫%ৰো কমলৈ হ্ৰাস পাইছে, দেশত এতিয়া প্ৰকৃততে দৰিদ্ৰতা হ্ৰাস পোৱা দেখা গৈছে।
ভাৰতৰ গ্ৰাম্য অৰ্থনীতিত মহিলাৰ উল্লেখযোগ্য ভূমিকা আৰু এই ভূমিকা সম্প্ৰসাৰণৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপেৰে শ্ৰী মোদীয়ে কয় যে মহিলাসকলে গ্ৰাম্য জীৱনক বেংক সখী আৰু বীমা সখী হিচাপে পুনৰ সংজ্ঞায়িত কৰিছে আৰু আত্মসহায়ক গোটসমূহৰ জৰিয়তে এক নতুন বিপ্লৱৰ নেতৃত্ব প্ৰদান কৰিছে। তেখেতে উল্লেখ কৰে যে গাঁৱে-ভূঞে ১.১৫ কোটি মহিলা লাখপতি দিদি হৈ পৰিছে আৰু চৰকাৰে ৩ কোটি মহিলাক লাখপতি দিদি হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেখেতে লগতে কয় যে দলিত, বঞ্চিত আৰু জনজাতীয় সমাজৰ মহিলাসকলৰ বাবেও বিশেষ আঁচনি ৰূপায়ণ কৰা হৈছে।
গ্ৰামাঞ্চলৰ আন্তঃগাঁথনিত অভূতপূৰ্ব মনোনিৱেশ কাৰ্য্যত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বেছিভাগ গাঁও এতিয়া ঘাইপথ, এক্সপ্ৰেছৱে আৰু ৰেলৱেৰ সৈতে সংযুক্ত হৈছে। তেখেতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত বিগত ১০ বছৰত প্ৰায় ৪ লাখ কিলোমিটাৰ পথ গ্ৰামাঞ্চলত নিৰ্মাণ কৰা হৈছে। “ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত গাঁওসমূহ একবিংশ শতিকাৰ আধুনিক গাঁওলৈ ৰূপান্তৰিত হৈছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে উল্লেখ কৰে যে গ্ৰামাঞ্চলৰ ৯৪%ৰো অধিক গৃহস্থীয়ে এতিয়া টেলিফোন বা ম’বাইল ফোন আৰু বেংকিং সেৱাৰ সুবিধা লাভ কৰিছে আৰু ইউপিআইৰ দৰে বিশ্বমানৰ প্ৰযুক্তি গাঁৱত উপলব্ধ হৈছে। শ্ৰী মোদীয়ে কয় যে ২০১৪ৰ পূৰ্বে কমন চাৰ্ভিচ চেন্টাৰৰ সংখ্যা ১ লাখৰো কমৰপৰা আজি ৫ লাখৰো অধিকলৈ বৃদ্ধি পাই কেইবা ডজন চৰকাৰী সেৱা অনলাইন মাধ্যমেৰে আগবঢ়াই আছে। তেখেতে কয় যে এই আন্তঃগাঁথনিয়ে গাঁৱৰ উন্নয়নক ত্বৰান্বিত কৰিছে, নিয়োগৰ সুযোগ সৃষ্টি কৰিছে আৰু গাঁওসমূহক ৰাষ্ট্ৰৰ প্ৰগতিৰ সৈতে একত্ৰিত কৰিছে।
আত্ম-সহায়ক গোটৰপৰা কিষাণ ক্ৰেডিট কাৰ্ডলৈকে ভিন্ন পদক্ষেপৰ সফলতাত নাবাৰ্ডৰ জ্যেষ্ঠ ব্যৱস্থাপনাই পালন কৰা উল্লেখযোগ্য ভূমিকা স্বীকাৰেৰে শ্ৰী মোদীয়ে কয় যে নাবাৰ্ডে ৰাষ্ট্ৰখনৰ লক্ষ্য পৰিপূৰণৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেখেতে কৃষক উৎপাদক সংস্থাসমূহৰ (FPO) শক্তি আৰু কৃষকে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰাটো নিশ্চিতকৰণৰ ক্ষেত্ৰত এইসমূহৰ ভূমিকাত আলোকপাত কৰে। তেখেতে অধিক এফপিঅ’ গঠনৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান দুগ্ধ উৎপাদনে কৃষকসকলক সৰ্বাধিক লাভ প্ৰদান কৰিছে। তেখেতে আমূলৰ দৰে আৰু ৫-৬ খন সমবায় স্থাপনৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে, যিসমূহৰ প্ৰসাৰতা দেশজুৰি থাকিব। তেখেতে কয় যে দেশখনে মিছন ম’ডত প্ৰাকৃতিক কৃষিকাৰ্য্যক আগুৱাই নিছে আৰু এই পদক্ষেপত অধিক কৃষকক অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে সমগ্ৰ দেশতে সামগ্ৰীৰ চাহিদা পূৰণৰ বাবে আত্মসহায়ক গোটসমূহক ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহৰ (MSME) সৈতে সংযুক্তকৰণৰ গুৰুত্বত আলোকপাত কৰে। তেখেতে এই সামগ্ৰীসমূহৰ সঠিক ব্ৰেণ্ডিং আৰু বিপণনৰ প্ৰয়োজনীয়তাতো গুৰুত্ব আৰোপ কৰে। তেখেতে জিআই সামগ্ৰীৰ গুণগত মান, পেকেজিং, ব্ৰেণ্ডিঙতো গুৰুত্ব আৰোপ কৰে।
গ্ৰামাঞ্চলসমূহত আয়ৰ বৈচিত্ৰ্যতাৰ বৰ্ধনৰ ক্ষেত্ৰত কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে জলসিঞ্চনক সুলভ কৰি তোলা, ক্ষুদ্ৰ জলসিঞ্চনক প্ৰসাৰিত কৰা, অধিক গ্ৰামোদ্যোগ সৃষ্টি কৰা আৰু গ্ৰাম্য অৰ্থনীতিৰ বাবে প্ৰাকৃতিক কৃষি কাৰ্য্যৰ সৰ্বাধিক লাভৰ ওপৰত আলোকপাত কৰে। এই দিশত সময়সীমাবদ্ধ প্ৰচেষ্টা চলাবলৈ তেখেতে আহ্বান জনায়।
শ্ৰী মোদীয়ে সমগ্ৰ গাঁওসমূহে সামূহিকভাৱে নিজ-নিজ গাঁৱত খন্দোৱা অমৃত সৰোবৰসমূহৰ যত্ন ল’ব লাগে বুলি কয়। তেখেতে অব্যাহত ‘এক পেড় মা কে নাম’ অভিযানৰ কথা উল্লেখেৰে এই পদক্ষেপত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী গাঁওবাসীয়ে অধিক গছপুলি ৰোপণত গুৰুত্ব আৰোপ কৰে। তেখেতে গাঁৱৰ পৰিচয়ত সম্প্ৰীতি আৰু প্ৰেমৰ তাৎপৰ্য্যৰ ওপৰত আলোকপাত কৰে। একাংশ লোকে ৰাষ্ট্ৰৰ নামত সমাজত বিষবাষ্প বিয়পাই সামাজিক তন্ত্ৰক দুৰ্বল কৰাৰ অপচেষ্টা চলাইছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে এই ষড়যন্ত্ৰসমূহ বিফল কৰি গাঁৱৰ সহভাজিত সংস্কৃতি ৰক্ষা কৰিবলৈ আহ্বান জনায়।
ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে গাঁওসমূহক সবলীকৰণৰ দিশত নিৰন্তৰভাৱে কাম কৰাৰ লগতে প্ৰতিখন গাঁৱৰ সংকল্পসমূহ যাতে প্ৰতিখন গাঁৱলৈ যায়, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে গাঁৱৰ উন্নয়নে এখনি উন্নত ভাৰতক বাস্তৱায়িত কৰিব বুলি কয়।
ইয়াত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমন আৰু বিত্ত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধাৰীকে প্ৰমুখ্য কৰি বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে।
পটভূমি
গ্ৰাম্য ভাৰতৰ উদ্যমিতাৰ মনোভাৱ আৰু সাংস্কৃতিক ঐতিহ্যক উদযাপনেৰে ২০২৫ৰ ৪-৯ জানুৱাৰীত গ্ৰামীণ ভাৰত মহোৎসৱ, ২০২৫ৰ আয়োজন কৰা হৈছে। এই উদযাপনাৰ বিষয়বস্তু হৈছে ‘এখনি বিকশিত ভাৰত, ২০২৪ৰ বাবে এখন প্ৰাণোচ্ছল গ্ৰাম্য ভাৰত গঢ়ি তোলা’। ইয়াৰ মন্ত্ৰ হ’ল “गांव बढ़े, तो देश बढ़े”। এই মহোৎসৱৰ লক্ষ্য হৈছে গ্ৰাম্য ভাৰতৰ উদ্যোগী মনোভাৱ আৰু সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা।
ভিন্ন আলোচনা, কৰ্মশালা আৰু মাষ্টাৰক্লাছৰ জৰিয়তে এই মহোৎসৱৰ লক্ষ্য হৈছে গ্ৰাম্য আন্তঃগাঁথনি বৃদ্ধি কৰা, আত্ম-নিৰ্ভৰ অৰ্থনীতি গঢ়ি তোলা আৰু গ্ৰাম্য সমাজৰ মাজত উদ্ভাৱনক লালন-পালন কৰা। ইয়াৰ উদ্দেশ্যৰাজি হৈছে আৰ্থিক অন্তৰ্ভুক্তিৰে মোকাবিলাকৰণ আৰু বহনক্ষম কৃষি পদ্ধতিক সমৰ্থনেৰে উত্তৰ-পূব ভাৰতক বিশেষ গুৰুত্ব আৰোপেৰে গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত অৰ্থনৈতিক সুস্থিৰতা আৰু আৰ্থিক নিৰাপত্তাক প্ৰোৎসাহিতকৰণ।
এই মহোৎসৱত উদ্যমিতাৰ জৰিয়তে গ্ৰামাঞ্চলৰ মহিলাসকলক সবলীকৰণ কৰা; ভিন্ন খণ্ডৰ চৰকাৰী বিষয়া, চিন্তাবিদ, গ্ৰাম্য উদ্যোগী, শিল্পী আৰু অংশীদাৰসকলক একত্ৰিতকৰণেৰে সহযোগিতামূলক আৰু সামূহিক গ্ৰাম্য ৰূপান্তৰৰ বাবে এক ৰোডমেপ নিৰ্ধাৰণ কৰা; গ্ৰামাঞ্চলত জীৱিকাৰ বৰ্ধনৰ বাবে প্ৰযুক্তি আৰু উদ্ভাৱনীমূলক পদ্ধতিৰ অভিযোজনা সম্পৰ্কে আলোচনাক উৎসাহিত কৰা তথা স্পন্দনশীল প্ৰদৰ্শন আৰু প্ৰদৰ্শনীৰ জৰিয়তে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰদৰ্শনত গুৰুত্ব আৰোপ কৰা হয়।
***
MJPS/SR/SB
Our vision is to empower rural India by transforming villages into vibrant centres of growth and opportunity. Addressing the Grameen Bharat Mahotsav in Delhi. https://t.co/XZ20St4QX9
— Narendra Modi (@narendramodi) January 4, 2025
हमने गाँव-गाँव में मूलभूत सुविधाओं की गारंटी का अभियान चलाया: PM @narendramodi pic.twitter.com/Kqfw6nKmi6
— PMO India (@PMOIndia) January 4, 2025
हमारी सरकार की नीयत, नीति और निर्णय ग्रामीण भारत को नई ऊर्जा से भर रहे हैं: PM @narendramodi pic.twitter.com/YcCILkhUG0
— PMO India (@PMOIndia) January 4, 2025
आज भारत सहकार से समृद्धि का रास्ता तय करने में जुटा है: PM @narendramodi pic.twitter.com/LW6fVPqgvs
— PMO India (@PMOIndia) January 4, 2025
बचपन से ही मैंने गांव की समस्याओं को जिया है। इसीलिए गांव-गरीब की सेवा के संकल्प को साकार करने में निरंतर जुटा हूं। pic.twitter.com/zPpc7EtFKm
— Narendra Modi (@narendramodi) January 4, 2025
मुझे खुशी है कि हमारी सरकार की नीयत, नीति और निर्णय ग्रामीण भारत को नई ऊर्जा से भर रहे हैं। pic.twitter.com/wbd50yTr8G
— Narendra Modi (@narendramodi) January 4, 2025
बीते 10 वर्षों के हमारे प्रयासों से खर्च के मामले में गांव और शहर का अंतर बहुत कम हुआ है। pic.twitter.com/iHAEg9vmUF
— Narendra Modi (@narendramodi) January 4, 2025
आज हम गांवों के विकास से राष्ट्र के विकास का मंत्र लेकर आगे बढ़ रहे हैं। pic.twitter.com/0wWWdryEZB
— Narendra Modi (@narendramodi) January 4, 2025
भारत की ग्रामीण अर्थव्यवस्था में भी नारीशक्ति की भूमिका बहुत अहम है। महिला सशक्तिकरण की हमारी योजनाओं से उनके जीवन में एक नई क्रांति आ रही है। pic.twitter.com/IB2gJIc4Iv
— Narendra Modi (@narendramodi) January 4, 2025
डिजिटल इन्फ्रास्ट्रक्चर पर फोकस से आज हमारे गांव 21वीं सदी के आधुनिक गांव बन रहे हैं। pic.twitter.com/gob7anTPST
— Narendra Modi (@narendramodi) January 4, 2025
देश के अपने ग्रामीण भाई-बहनों से मेरा यह विशेष आग्रह… pic.twitter.com/ijKGQX1cMJ
— Narendra Modi (@narendramodi) January 4, 2025