প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে ৰেৱা আল্ট্ৰা মেগা সৌৰ শক্তি প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰে৷ এইটো এছিয়া মহাদেশৰ সৰ্ববৃহৎ শক্তি প্ৰকল্প৷
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰেৱাৰ এই সৌৰ প্ৰকল্পই সমগ্ৰ অঞ্চলক এই দশকত বিশুদ্ধ আৰু স্বচ্ছ শক্তিৰ ডাঙৰ কেন্দ্ৰ হৈ উঠাত সহায় কৰিব৷ এই বিদ্যুৎ প্ৰকল্পটো ৰেৱাৰ পার্শ্বৱর্তী অঞ্চলৰ উপৰি দিল্লী মেট্রো ৰে’লকো বিদুৎ যোগান ধৰিব৷ প্ৰধানমন্ত্রীয়ে ইয়াৰ বাবে সকলোকে প্ৰশংসা কৰে৷
তেওঁ কয় যে মধ্যপ্ৰদেশ নিশ্চিতভাৱে ভাৰতৰ সৌৰ শক্তিৰ প্ৰধান কেন্দ্ৰ হৈ উঠিব৷ কাৰণ সাজাপুৰ, মিনচ, ছত্তৰপুৰ আৰু ওংকাৰেশ্বৰত ডাঙৰ ডাঙৰ সৌৰ প্ৰকল্পৰ কাম চলি আছে।
ইয়াৰ জৰিয়তে সৰ্বাধিক লাভবান হ’ব মধ্যপ্ৰদেশৰ দুখীয়া, মধ্যবিত্ত পৰিয়াল, কৃষক আৰু জনজাতিলোকসকল৷
প্ৰধানমন্ত্ৰীয়ে কয় যে একবিংশ শতিকাত উচ্চাকাংক্ষী ভাৰতত সৌৰ বিদ্যুৎৰ ইন্ধনৰ চাহিদা পুৰণ কৰিব৷
সৌৰ বিদ্যুতক তেওঁ ‘নিশ্চিত, বিশুদ্ধ আৰু নিৰাপদ’ বুলি উল্লেখ কৰে৷ সূর্যৰ পৰা অবিৰত শক্তি পোৱাৰ বাবে নিশ্চিত, পৰিৱেশ অনুকূল বাবে বিশুদ্ধ আৰু আমাৰ ইন্ধনৰ চাহিদা পুৰণৰ বাবে সূর্য আটাইতকৈ নিৰাপদ৷ এই ধৰণৰ সৌৰ বিদ্যুৎ প্ৰকল্পই আত্মনির্ভৰ ভাৰতৰ উপযুক্ত উদাহৰণ বুলিও প্ৰধানমন্ত্রী উল্লেখ কৰে৷
তেওঁ কয় যে আত্মনির্ভৰতা আৰু প্ৰগতি অর্থনীতিৰ দুটা গুৰুত্বপূর্ণ দিশ৷ সমগ্ৰ বিশ্বৰ নীতি নির্ধাৰণকাৰীসকলে বছৰৰ পাছত বছৰ ধৰি দ্বিধাবোধ কৰি আছিল যে তেওঁলোকে অর্থনীতিৰ কথা ভাবিব নে পৰিৱেশৰ কথা ভাৱিব। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে এইটো কৰি দেখুৱাইছে যে এই অর্থনীতি আৰু পৰিবেশ সুৰক্ষা পৰস্পৰ বিৰোধী নহয়, বৰঞ্চ এইবোৰ পৰস্পৰৰ সহযোগীহে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ সকলো কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা আৰু সহজ জীৱনশৈলীত এই বিষয়কে গুৰুত্ব দিয়া হয়। এই প্ৰসংগত তেওঁ স্বচ্ছ ভাৰত অভিযান, দৰিদ্ৰ লোকসকলক ৰন্ধন গেছৰ বিতৰণ আৰু চিএনজি পৰিৱেশ অনুকূল ইন্ধনৰ জৰিয়তে পৰিবহন ব্যৱস্থাৰ ডাঙৰ নেটৱর্ক গঢ়ি তোলাৰ কথা উল্লেখ কৰে৷ ইয়াৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্তসকলৰ জীৱনযাত্রাৰ মানৰ উন্নহয়ন ঘটিব৷
প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ বাবে পৰিৱেশৰ নিৰাপত্তা কেৱল কেইটামান প্ৰকল্পৰ মাজতে সীমাবদ্ধ নহয়। এয়া আমাৰ জীৱনশৈলীৰ সৈতে জড়িত৷
তেওঁ কয় যে চৰকাৰে যেতিয়া বিভিন্ন প্ৰকল্প আৰম্ভ কৰিছে তেতিয়া এইটো নিশ্চিত কৰা হৈছে যে স্বচ্ছ ইন্ধনৰ ব্যৱহাৰ যেন জীৱনৰ প্ৰতিটো প্রান্তত পাইগৈ৷ দেশৰ প্ৰতিটো কোন, সমাজৰ প্ৰতিটো স্তৰত, প্ৰতিগৰাকী নাগৰিকে যেন ইয়াৰ সুফল পায় চৰকাৰে সেয়া নিশ্চিত কৰিছে৷ এই প্ৰসংগত তেওঁ বিগত ৬ বছৰত সমগ্ৰ দেশত এলইডি বাল্বৰ ব্যৱহাৰেৰ কথা উল্লেখ কৰে। যাৰ ফলত বিদ্যুতৰ বিলত ৰাহি হৈছে। এলইডি বাল্ব ব্যৱহাৰ কৰাৰ বাবে পৰিৱেশ ৪ কোটি টন কার্বন ডাই অক্সাইড কম নিৰ্গমণ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত বছৰি প্রায় ৬,০০০ কোটি ইউনিট বিদ্যুতৰ ৰাহি হৈছে আৰু ২৪,০০০ কোটি টকা জমা হৈছে৷
তেওঁ কয় যে চৰকাৰে আমাৰ পৰিৱেশ, আমাৰ বতাহ, আমাৰ পানী সকলো যাতে বিশুদ্ধ থাকে সেই ভাৱনাৰে কাম কৰি আহিছে। আমাৰ সৌৰশক্তিৰ উৎপাদন নীতি তাৰেই প্ৰতিফলন৷
প্ৰধানমন্ত্ৰীয়ে কয় যে সৌৰশক্তিৰ বিষয়ত ভাৰতৰ উন্নতিয়ে সমগ্ৰ বিশ্বক উৎসাহ যোগাইছে৷ তেওঁ কয় যে এই ধৰণৰ গুৰুত্বপূর্ণ পদক্ষেপৰ জৰিয়তে বিশুদ্ধ ইন্ধনৰ আকর্ষণীয় বজাৰ হৈ উঠাৰ দিশে অগ্ৰসৰ হৈছে ভাৰত৷
প্ৰধানমন্ত্ৰীয়ে কয় যে সৌৰশক্তিৰ কথা বিবেচনা কৰি সমগ্ৰ বিশ্বক একত্রিত কৰাৰ প্ৰচেষ্টাৰে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ সূচনা হৈছে৷ এক বিশ্ব, এক সূর্য, এক গ্রিড-এই ভাৱনাৰে এই মৈত্ৰী গঠন কৰা হৈছে৷
প্ৰধানমন্ত্ৰী আশা প্ৰকাশ কৰে যে মধ্যপ্ৰদেশৰ কৃষকসকলে চৰকাৰৰ ‘কুসুম’ প্ৰকল্পৰ সুবিধা গ্ৰহণ কৰিব আৰু সৌৰশক্তি উৎপাদক যন্ত্ৰ তেওঁৰ ভূমিত লগাব৷ ইয়াৰ ফলত তেওঁলোকৰ অতিৰিক্ত উপার্জনৰ এক উৎস সৃষ্টি হ’ব৷
অতি শীঘ্ৰে ভাৰত বিদ্যুৎ ৰপ্তানীৰ ক্ষেত্রত প্ৰধান দেশ হিচাপে আত্মপ্ৰকাশ কৰিব বুলি প্ৰধানমন্ত্রীয়ে আশা ব্যক্ত কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ফটোভল্টিক চেল বেটাৰী আৰু ইন্ধন ৰাহিৰ দৰে বিভিন্ন গুৰুত্বপূর্ণ সামগ্রী আমদানিৰ ওপৰত নির্ভৰশীলতা হ্ৰাস কৰিব বিচাৰে৷ সেই লক্ষ্যৰে এখন কাম কৰা হৈছে৷
তেওঁ কয় যে সৌৰশক্তিৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ যাতে দেশত নিৰ্মাণ কৰিব পৰা যায় সেই উদ্দেশ্যে বিভিন্ন প্ৰচেষ্টা লোৱা হৈছে৷ চৰকাৰ, উদ্যোগ প্ৰতিষ্ঠান, যুৱ সম্প্ৰদায়, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ আৰু নতুন উদ্যোগ অর্থাৎ ষ্ট্ৰার্ট-আপ সংস্থাসমূহক এই সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছে৷
ক’ভিড-১৯ মহামাৰীৰ ফলত সৃষ্ট সংকটৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰ আৰু সমাজ এই প্ৰত্যাহ্বানৰ মোকাবিলাৰ বাবে সংবেদনশীলতাৰে কাম কৰি আহিছে। লকডাউনৰ আৰম্ভণিৰ পৰা চৰকাৰে এইটো নিশ্চিত কৰিছে যাতে দৰিদ্ৰ আৰু পিছপৰা লোকসকলক যেন খাদ্য আৰু ইন্ধন সংকটত নপৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সেই ভাৱনাৰে আনলক পর্যায়ৰ মাজতো অহা নৱেম্বৰৰলৈকে বিনামূ্লীয়া খাদ্য আৰু ৰন্ধনৰ গেছ বিতৰণৰ ব্যৱস্থা কৰা হৈছে৷
কেৱল ইমানে নহয় বেচৰকাৰী খণ্ডত লাখ লাখ কর্মচাৰীৰ ইপিএফ চৰকাৰ ফালৰ পৰা দিয়া হৈছে৷ একেদৰে পিএম স্ব-নিধি যোজনাৰ জৰিয়তে সেইসকল বন্ধুৰ ওচৰত থিয় দিছে যাৰ বাবে চৰকাৰী সা-সুবিধা আটাইতকৈ কম পায়৷
প্ৰধানমন্ত্রীয়ে তেওঁৰ বক্তব্যত লগতে কয় যে যেতিয়া মধ্যপ্ৰদেশৰ জনসাধাৰণে সমগ্ৰ দেশক আগুৱাই নিয়াৰ বাবে ঘৰৰ পৰা ওলাই আহিছে, তেতিয়া তেওঁলোকে যেন তিনিটা কথা মানি চলে-দু গজ দূৰত্ব বজাই ৰখা, মুখত মাস্ক পিন্ধা আৰু সঘনাই ২০ ছেকেণ্ডকৈ চাবোনেৰে হাত ধোঁৱা৷
VRRK/AK
आज रीवा ने वाकई इतिहास रच दिया है।
— PMO India (@PMOIndia) July 10, 2020
रीवा की पहचान मां नर्मदा के नाम से और सफेद बाघ से रही है।
अब इसमें एशिया के सबसे बड़े सोलर पावर प्रोजेक्ट का नाम भी जुड़ गया है: PM @narendramodi dedicating Rewa Ultra Mega Solar Power project to the Nation
इसके लिए मैं रीवा के लोगों को, मध्य प्रदेश के लोगों को, बहुत-बहुत बधाई देता हूं, शुभकामनाएं देता हूं।
— PMO India (@PMOIndia) July 10, 2020
रीवा का ये सोलर प्लांट इस पूरे क्षेत्र को, इस दशक में ऊर्जा का बहुत बड़ा केंद्र बनाने में मदद करेगा: PM @narendramodi
इस सोलर प्लांट से मध्य प्रदेश के लोगों को, यहां के उद्योगों को तो बिजली मिलेगी ही, दिल्ली में मेट्रो रेल तक को इसका लाभ मिलेगा।
— PMO India (@PMOIndia) July 10, 2020
इसके अलावा रीवा की ही तरह शाजापुर, नीमच और छतरपुर में भी बड़े सोलर पावर प्लांट पर काम चल रहा है: PM @narendramodi
ये तमाम प्रोजेक्ट जब तैयार हो जाएंगे, तो मध्य प्रदेश निश्चित रूप से सस्ती और साफ-सुथरी बिजली का HUB बन जाएगा।
— PMO India (@PMOIndia) July 10, 2020
इसका सबसे अधिक लाभ मध्य प्रदेश के गरीब, मध्यम वर्ग के परिवारों को होगा, किसानों को होगा, आदिवासियों को होगा: PM @narendramodi
सौर ऊर्जा आज की ही नहीं बल्कि 21वीं सदी की ऊर्जा ज़रूरतों का एक बड़ा माध्यम होने वाला है।
— PMO India (@PMOIndia) July 10, 2020
क्योंकि सौर ऊर्जा, Sure है, Pure है और Secure है: PM @narendramodi
जैसे-जैसे भारत विकास के नए शिखर की तरफ बढ़ रहा है, हमारी आशाएं-आकांक्षाएं बढ़ रही हैं, वैसे-वैसे हमारी ऊर्जा की, बिजली की ज़रूरतें भी बढ़ रही हैं।
— PMO India (@PMOIndia) July 10, 2020
ऐसे में आत्मनिर्भर भारत के लिए बिजली की आत्मनिर्भरता बहुत आवश्यक है: PM @narendramodi
जब हम आत्मनिर्भरता की बात करते हैं, प्रगति की बात करते हैं तो Economy उसका एक अहम पक्ष होता है।
— PMO India (@PMOIndia) July 10, 2020
पूरी दुनिया के नीति निर्माता बरसों से दुविधा में है, कि Economy की सोचें या Environment की: PM @narendramodi
आज आप देखेंगे कि सरकार के जितने भी कार्यक्रम हैं, उनमें पर्यावरण सुरक्षा और Ease of Living को प्राथमिकता दी जा रही है। हमारे लिए पर्यावरण की सुरक्षा सिर्फ कुछ प्रोजेक्ट्स तक सीमित नहीं हैं, बल्कि ये Way of Life है: PM @narendramodi
— PMO India (@PMOIndia) July 10, 2020
जब हम renewable energy के बड़े projects लॉन्च कर रहे हैं, तब हम ये भी सुनिश्चित कर रहे हैं कि साफ-सुथरी ऊर्जा के प्रति हमारा संकल्प जीवन के हर पहलू में दिखे।
— PMO India (@PMOIndia) July 10, 2020
हम कोशिश कर रहे हैं कि इसका लाभ देश के हर कोने, समाज के हर वर्ग, हर नागरिक तक पहुंचे: PM @narendramodi
LED बल्ब से बिजली का बिल कम हुआ है।
— PMO India (@PMOIndia) July 10, 2020
इसका एक और महत्वपूर्ण पहलू है।
LED बल्ब से करीब साढ़े 4 करोड़ टन कम कार्बनडाइअकसाइड पर्यावरण में जाने से रुक रही है, यानि प्रदूषण कम हो रहा है: PM @narendramodi
बिजली सबतक पहुंचे, पर्याप्त बिजली पहुंचे। हमारा वातावरण, हमारी हवा, हमारा पानी भी शुद्ध बना रहे, इसी सोच के साथ हम निरंतर काम कर रहे हैं।
— PMO India (@PMOIndia) July 10, 2020
यही सोच सौर ऊर्जा को लेकर हमारी नीति और रणनीति में भी स्पष्ट झलकती है: PM @narendramodi
जिस तरह से भारत में सोलर पावर पर काम हो रहा है, ये चर्चा और बढ़ने वाली है।
— PMO India (@PMOIndia) July 10, 2020
ऐसे ही बड़े कदमों के कारण भारत को क्लीन एनर्जी का सबसे Attractive market माना जा रहा है: PM @narendramodi
दुनिया की, मानवता की, भारत से इसी आशा, इसी अपेक्षा को देखते हुए, हम पूरे विश्व को जोड़ने में जुटे हुए हैं।
— PMO India (@PMOIndia) July 10, 2020
इसी सोच का परिणाम आइसा यानि इंटरनेशनल सोलर अलायंस है।
वन वर्ल्ड, वन सन, वन ग्रिड, के पीछे की यही भावना है: PM @narendramodi
एक प्रकार से सौर ऊर्जा ने आम ग्राहक को उत्पादक भी बना दिया है, पूरी तरह से बिजली के बटन पर कंट्रोल दे दिया है।
— PMO India (@PMOIndia) July 10, 2020
बिजली पैदा करने वाले बाकी माध्यमों में सामान्य जन की भागीदारी ना के बराबर रहती है: PM @narendramodi
जो पहला प्लांट है, जो पारंपरिक खेती है, वो हमारा किसान ऐसी जमीन पर लगाता है जो उपजाऊ होती है।
— PMO India (@PMOIndia) July 10, 2020
लेकिन ये जो दूसरा सोलर एनर्जी प्लांट है, ये ऐसी जमीन पर भी लगेगा जो उपजाऊ नहीं है, फसल के लिहाज से अच्छी नहीं है: PM @narendramodi
मुझे पूरा विश्वास है कि मध्य प्रदेश के किसान साथी भी अतिरिक्त आय के इस साधन को अपनाने और भारत को Power Exporter बनाने के इस व्यापक अभियान को ज़रूर सफल बनाएंगे।
— PMO India (@PMOIndia) July 10, 2020
ये विश्वास इसलिए अधिक है क्योंकि मध्य प्रदेश के किसानों ने संकल्प को सिद्धि में बदलकर दिखाया है: PM @narendramodi
सोलर पावर की ताकत को हम तब तक पूरी तरह से उपयोग नहीं कर पाएंगे, जब तक हमारे पास देश में ही बेहतर सोलर पैनल, बेहतर बैटरी, उत्तम क्वालिटी की स्टोरेज कैपेसिटी का निर्माण ना हो।
— PMO India (@PMOIndia) July 10, 2020
अब इसी दिशा में तेज़ी से काम चल रहा है: PM @narendramodi
अब गरीब परिवारों को नवंबर तक मुफ्त राशन मिलता रहेगा।
— PMO India (@PMOIndia) July 10, 2020
इतना ही नहीं, निजी क्षेत्र के लाखों कर्मचारियों के EPF खाते में भी सरकार पूरा अंशदान दे रही है।
इसी तरह, पीएम-स्वनिधि योजना के माध्यम से उन साथियों की सुध ली गई, जिनकी सिस्टम तक सबसे कम पहुंच होती है: PM @narendramodi
सरकार हो या समाज, संवेदना और सतर्कता इस मुश्किल चुनौती से निपटने के लिए हमारे सबसे बड़े प्रेरणास्रोत हैं।
— PMO India (@PMOIndia) July 10, 2020
आज जब आप मध्य प्रदेश को, पूरे देश को आगे बढ़ाने के लिए घर से बाहर निकल रहे हैं, तो अपनी एक और जिम्मेदारी भी हमेशा याद रखिए: PM @narendramodi
दो गज़ की दूरी, चेहरे पर मास्क और हाथ को 20 सेकेंड तक साबुन से धुलना, इन नियमों का हमें हमेशा पालन करना है: PM @narendramodi
— PMO India (@PMOIndia) July 10, 2020