প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টি ফ্ৰেডেৰিকচনে আজি এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷
বাৰ্তালাপৰ সময়ত দুয়োগৰাকী প্রধানমন্ত্রীয়ে ক’ভিড-১৯ৰ মোকাবিলাৰ ক্ষেত্ৰত সংশ্লিষ্ট দেশে গ্ৰহণ কৰা পদক্ষেপসমূহক লৈ আলোচনা কৰে৷ লকডাউন প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত তথা সংক্রমণৰ সংখ্যা হ্ৰাস কৰাত ডেনমার্কৰ সাফল্যৰ প্রশংসা কৰে প্রধানমন্ত্রী মোদীয়ে৷ দুয়োগৰাকী নেতাই ইখনে আনখন দেশৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ ভাৰত আৰু ডেনমার্কৰ বিশেষজ্ঞসকলৰ সৈতে নিয়মীয়া যোগাযোগ ৰখাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে৷
দুয়োগৰাকী প্রধানমন্ত্রীয়ে ভাৰত আৰু ডেনমার্কৰ মাজৰ সম্পর্ক আৰু অধিক নিবিড় কৰাৰ ক্ষেত্ৰত আগ্রহ প্রকাশ কৰে৷ ক’ভিডৰ পাছত দুয়োখন দেশে কিদৰে একেলগে কাম কৰিব পাৰে, তাক লৈও দুয়োজনে আলোচনা কৰে৷
যোৱা ১২ মে’ত দেশ দুখনৰ বিদেশ মন্ত্রীসকলৰ মাজত যুটীয়া আয়ুক্তৰ বৈঠক সফলতাৰে সম্পূৰ্ণ হোৱাৰ বাবে প্রধানমন্ত্রী দুগৰাকীয়ে ইজনে সিজনক অভিনন্দন জনায়৷
দুয়োগৰাকী প্রধানমন্ত্রীয়ে স্বাস্থ্য গৱেষণা, স্বচ্ছ আৰু প্ৰদূষণমুক্ত শক্তি তথা জলবায়ু পৰিৱর্তনৰ দৰে বিষয়সমূহত পাৰস্পৰিক সহযোগিতাৰ ব্যাপক সুযোগ আছে বুলি স্বীকাৰ কৰি ভাৰত আৰু ডেনমার্কৰ মাজত এক শক্তিশালী কৌশলগত অংশীদাৰিত্ব গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে৷
******
VRRK/SH/DB