প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আবু ঢাবিৰ যুৱৰাজ মহমান্য শ্বেইখ মহম্মদ বিন জায়েদ অল নাহিয়ানৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷
দুয়োগৰাকী নেতাই বিশ্বজুৰি অব্যাহত থকা মহামাৰী ক’ভিড-১৯ সন্দৰ্ভত তথ্যৰ আদান প্ৰদান আৰু মত-বিনিময় কৰাৰ লগতে নিজৰ নিজৰ দেশৰ পৰিস্থিতি বৰ্ণনা কৰে৷ চৰকাৰে গ্ৰহণ কৰা প্ৰতিৰোধমূলক ব্যৱস্থাক লৈও তেওঁলোকে আলোচনা কৰে৷ নেতা দুগৰাকীয়ে সহমতত উপনীত হয় যে ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত পৰৱৰ্তী কেইটামান সপ্তাহ অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব আৰু ইয়াৰ বাবে সকলো দেশৰ সমন্বয় অতীৱ প্ৰয়োজন হ’ব৷ এই প্ৰসংগত তেওঁলোকে মহামাৰীক লৈ আলোচনা কৰিবলৈ আজি দিনৰ ভাগত আয়োজিত জি-২০ নেতাসকলৰ ভাৰ্চুৱেল সন্মিলনৰ শলাগ লয়৷
উভয় নেতাই দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী আৰু চহকী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে৷ বৰ্তমানৰ পৰিস্থিতিত যোগান শৃংখল অব্যাহত ৰাখিবলৈ তেওঁলোকে নিয়মীয়াকৈ আলাপ-আলোচনা কৰি থাকিবলৈ সন্মতি প্ৰকাশ কৰে৷
মহামান্য যুৱৰাজে প্ৰধানমন্ত্ৰী মোদীক আশ্বাস দিয়ে যে ইউএইত বাস কৰি থকা আৰু তেওঁলোকৰ অৰ্থনীতিলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই থকা প্ৰায় ২ মিলিয়ন ভাৰতীয় লোকৰ কল্যাণৰ বাবে ইউএই চৰকাৰ দায়বদ্ধ৷ সাম্প্ৰতিক পৰিস্থিতিত ইউএইত বাস কৰা ভাৰতীয় নাগৰিকৰ স্বাস্থ্য আৰু সুৰক্ষাৰ ক্ষেত্ৰত ক্ৰাউন প্ৰিন্সে গ্ৰহণ কৰা ভূমিকাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰে৷
প্ৰধানমন্ত্ৰীয়ে ৰাজকুমাৰ আৰু তেওঁলোকৰ ৰাজ পৰিয়ালৰ সকলো সদস্য তথা দেশখনৰ নাগৰিকৰ সুস্বাস্থ্য কামনা কৰে৷ ৰাজকুমাৰে প্ৰধানমন্ত্ৰীৰ এই শুভকামনা আন্তৰিকতাৰে গ্ৰহণ কৰে৷
***
VRRK/AK/MS