Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী মোদীয়ে এটা ভিডিঅ’ বাৰ্তাত বসৱ জয়ন্তী উপলক্ষে ভগৱান বসৱেশ্বৰলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে বসৱ জয়ন্তী উপলক্ষে ভগৱান বসৱেশ্বৰলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে আৰু জনসাধাৰণক শুভেচ্ছা জনায়৷

বসৱ জয়ন্তী হ’ল দ্বাদশ শতিকাৰ দাৰ্শনিক আৰু সামাজিক সংস্কাৰক বিশ্বগুৰু বসৱেশ্বৰৰ জন্ম দিৱস উপলক্ষে আয়োজন কৰা এক বাৰ্ষিক অনু্ষ্ঠান৷

ভাৰত আৰু বিদেশৰ ভিন্ন প্ৰান্তৰ অনুগামীসকলৰ মাজত আজি ডিজিটেলী গোলকীয় বসৱ জয়ন্তী ২০২০ উদযাপন কৰা হৈছে৷

তেওঁৰ বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে ভগৱান বসৱেশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰে, যাতে দেশে মহামাৰী ক’ৰোনা ভাইৰাছক পৰাস্ত কৰিবলৈ সক্ষম হয়৷

প্ৰধানমন্ত্ৰীয়ে পূৰ্বে কেইবাবাৰো ভগৱান বসৱেশ্বৰৰ শিক্ষা লাভৰ সৌভাগ্য অৰ্জন কৰা বুলি উল্লেখ কৰে৷ শ্ৰী মোদীয়ে কয় যে ভগৱান বসৱেশ্বৰ গ্ৰন্থ দেশৰ ২৩টা ভাষালৈ অনুবাদ হোৱাৰ সময়ত আৰু লণ্ডনত তেওঁৰ প্ৰতিমূৰ্তি উন্মোচনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে উপস্থিত আছিল৷

ভগৱান বসৱেশ্বৰক এগৰাকী মহান সংস্কাৰক আৰু সুপ্ৰশাসক আখ্যা দি প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান বসৱেশ্বৰক কেৱল উপদেশৰ পথ বাচি লোৱা নাছিল৷ ব্যক্তি তথা সমাজত তেওঁ যি সংস্কাৰ সাধন হোৱাটো বিচাৰিছিল, সেয়া তেওঁ নিজৰ মাজত প্ৰথমে আৰম্ভ কৰিছিল৷ যেতিয়া আমি পৰিৱৰ্তন অথবা সংস্কাৰক নিজে ধাৰণ কৰো, নিজে উদাহৰণ দাঙি ধৰো, তেতিয়াহে সমাজত ইয়াৰ প্ৰভাৱ দেখিবলৈ পাও৷ ভগৱান বসৱেশ্বৰৰ পৰা আমি দেৱত্ব গুণো শিকিব পাৰো আৰু এগৰাকী সুপ্ৰশাসক হোৱাৰ গুণো আয়ত্ব কৰিব পাৰো৷

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে ভগৱান বসৱেশ্বৰৰ বাণী, ধৰ্মগ্ৰন্থ, উপদেশসমূহ আধ্যাত্মিক জ্ঞানৰ উৎস আছিল৷ তেওঁৰ উপদেশে আমাক এগৰাকী ভাল মানুহ হোৱাৰ শিক্ষা দিয়ে আৰু আমাৰ সমাজকো অধিক উদাৰ, দয়ালু তথা মানৱীয় গুণসম্পন্ন কৰি তোলে৷ ভগৱান বসৱেশ্বৰে আজিৰ পৰা শতিকা পূৰ্বেই সামাজিক আৰু লিংগ সমতাৰ দৰে বিষয় সন্দৰ্ভত সমাজৰ মাৰ্গদৰ্শন কৰিছিল৷ যেতিয়ালৈকে সমাজৰ দূৰ্বল শ্ৰেণীয়ে সমান অধিকাৰ আৰু সন্মান নাপাব, তেতিয়ালৈকে আমাৰ উন্নতি আধৰুৱা হৈ ৰব৷

২০১৭ত প্ৰধানমন্ত্ৰীয়ে ভগৱান বসৱেশ্বৰৰ ধৰ্মগ্ৰন্থসমূহৰ ডিজিটাইজেচনৰ বাবে আগবঢ়োৱা প্ৰস্তাৱক গুৰুত্ব সহকাৰে লৈ এই বিষয়ত ব্যাপকভৱে কাম কৰি থকাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে আনন্দ ব্যক্ত কৰে৷

আজিৰ এই অনুষ্ঠান ডিজিটেলী সমগ্ৰ বিশ্বত প্ৰচাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বসৱ সমিটিৰ শলাগ লয়৷ তেওঁ কয় যে লকডাউনৰ সকলো নিয়ম পালন কৰি এইধৰণৰ এক অনুষ্ঠানৰ আয়োজন কৰোটে এক উৎকৃষ্ট উদাহৰণ৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘আজি ভাৰতবাসীয়ে অনুভৱ কৰে যে পৰিৱৰ্তন প্ৰকৃতাৰ্থত তেওঁলোকৰ পৰাই আৰম্ভ হয়৷ এই ধৰণৰ আশা আৰু বিশ্বাসে দেশক কঠিন পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰাত যথেষ্ট সহায় কৰে৷ এই আশা আৰু বিশ্বাসৰ বাৰ্তাক আমি আগুৱাই নিব লাগিব আৰু শক্তিশালী কৰিব লাগিব৷ ইয়ে আমাক পৰিশ্ৰম আৰু পৰোপকাৰৰ বাবে উৎসাহিত কৰিব৷ ইয়ে এই দশত আমাৰ ৰাষ্ট্ৰক নতুন উচ্চতালৈ লৈ যাব৷

জনসাধাৰণক বসৱ জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে সামাজিক দূৰত্বৰ বৰ্তাই ৰাখিবলৈ ‘দুখোজ দূৰত্ব’ৰ নীতি পালন কৰিবলৈ সকলোকে আহ্বান জনায়৷

******

VRRK/KP/MS