Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীযুত প্ৰবিন্দ কে. জগন্নাথৰ পৰা অভিনন্দন টেলিফোনিক ফোন লাভ কৰে। প্ৰধানমন্ত্ৰী জগন্নাথে প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে লাভ কৰা ঐতিহাসিক বিজয়ৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনোৱাৰ লগতে এই বিজয়ক প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিশ্বৰ সৰ্ববৃহৎ ভোটাৰসকলে যি বিশ্বাস আৰু আস্থা ৰাখিছে, তাৰেই প্ৰমাণ বুলি অভিহিত কৰে। বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক অনুশীলনৰ সফল আৰু অনুকৰণীয় ৰূপায়ণৰ বাবে প্ৰধানমন্ত্ৰী মোদীকো অভিনন্দন জনায় প্ৰধানমন্ত্ৰী জগন্নাথে।

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী জগন্নাথক ধন্যবাদ জ্ঞাপন কৰি ভাৰত আৰু মৰিচাছৰ সুমধুৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ লগতে সকলো ক্ষেত্ৰতে দীৰ্ঘদিনীয়া দ্বিপাক্ষিক সহযোগিতাৰ মাজেৰে দুয়োখন দেশৰ মাজত শক্তিশালী জনসম্পৰ্ক গভীৰ কৰাৰ বাবে তেওঁৰ অবিৰত দায়বদ্ধতাক পুনৰ দৃঢ় কৰে।

 

***

DS/ST