প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত প্রধানমন্ত্রী মুদ্রা যোজনা (পিএমএমৱাই)ৰ অধীনত যিসকলে ১২ মাহৰ ম্যাদক শিশু ঋণ লৈছিল, তেওঁলোক ঋণৰ ২ শতাংশ সুদৰ ধন ঘূৰাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে৷
এই প্রকল্পত ৩১ মার্চৰ হিচাপত যিসকলৰ বকেয়া ঋণ পৰিশোধ হোৱা নাই তথা ৰিজার্ভ বেংকৰ নির্দেশনা অনুসৰি ৩১ মার্চৰ ভিতৰত যিসকলে অনুৎপাদিত সম্পদj তালিকাভুক্ত হোৱা নাই, তেওঁলোকে এই সুবিধা লাভ কৰিব৷
ইয়াৰ ফলত যিসকলে সঠিক সময়ত নিয়মীয়া ঋণ পৰিশোধ কৰিছে, তেওঁলোক উৎসাহিত হ’ব৷ চৰকাৰে এই আঁচনিৰ বাবে ১,৫৪২ কোটি টকা আৱণ্টন কৰিছে৷
*****************
VRRK/SH/DB
Committed to a vibrant MSME Sector!
— Narendra Modi (@narendramodi) June 24, 2020
The Cabinet approved an interest subvention scheme for Shishu loan accounts under Pradhan Mantri Mudra Yojana. This scheme would provide valuable support and stability to small businesses. https://t.co/Uo7B7XEZFp