‘প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা’(পিএমএফবিওৱাই)ৰ পুনৰুজ্জীৱিতকৰণ আৰু ‘বতৰ ভিত্তিক শস্য বীমা আঁচনি(আৰডব্লিউবিচিআইএছ)ৰ পুনৰগঠন’ৰ প্ৰস্তাৱলৈ কেন্দ্ৰীয় কেবিনেটে আজি অনুমোদন জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। শস্য বীমা আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হৈ অহা বিভিন্ন জটিলতাসমূহ আঁতৰাই আঁচনিসমূহৰ সাৰ্থক ৰূপায়ণ নিশ্চিত কৰাৰ লক্ষ্যৰেই এই সিদ্ধান্ত লোৱা হয়।
আজিৰ সভাত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি সদ্যহতে চলি থকা ‘পিএমএফবিওৱাই’ আৰু ‘আৰডব্লিউবিচিআইএছ’ আঁচনি দুখনৰ কেতবোৰ দফাৰ সংস্কাৰ সাধন কৰাৰ ব্যৱস্থা কৰা হ’ব। সেই অনুসৰি:
ক) বীমা প্ৰতিষ্ঠানসমূহক তিনি বছৰলৈদুয়োখন আঁচনি(পিএমএফবিওৱাই আৰু আৰডব্লিউবিচিআইএছ)ৰ ব্যৱসায় কৰাৰ অনুমতি প্ৰদান কৰা।
খ) বিত্তীয় আৰু জিলা পৰ্যায়ৰ ৰাষ্ট্ৰীয় গড় উত্পাদন(এনএওৱাই) অৰ্থাত্‘ন্যূনতম সমৰ্থন মূল্য’ক জিলাৰ যিকোনোশস্য-গোট(পিএমএফবিওৱাই আৰু আৰডব্লিউবিচিআইএছ)ৰ বিপৰীতে প্ৰদান কৰিবলগীয়া ‘প্ৰতিশ্ৰুত বীমা-ধন’ হিচাপে আগবঢ়োৱাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক মাপক গ্ৰহণৰ বিকল্প প্ৰদান কৰা হ’ব। আনহাতে ‘ন্যূনতম সমৰ্থন মূল্য’ নিৰ্দ্ধাৰণ নকৰা আন শস্যসমূহৰ বাবদ ‘ফাৰ্ম গে’ট মূল্য’ক ‘প্ৰতিশ্ৰুত বীমা ধন’ৰ ভিত্তি হিচাপে গ্ৰহণ কৰা।
গ) জলসিঞ্চনৰ ব্যৱস্থা নথকা এলেকাৰ শস্যৰ বাবদ আগবঢ়াব লগা কেন্দ্ৰীয় ৰাজসাহায্য(পিএমএফবিওৱাই আৰু আৰডব্লিউবিচিআইএছ)ৰ কিস্তিৰ হাৰ ৩০শতাংশ আৰু জলসিঞ্চনৰ ব্যৱস্থা থকা অঞ্চলত এই হাৰ ২৫শতাংশ পৰ্যন্ত ধাৰ্য কৰাহ’ব। উল্লেখ্য, ৫০শতাংশ পৰ্যন্ত জলসিঞ্চনৰ ব্যৱস্থা থকা জিলাসমূহক জলসিঞ্চিত এলেকা অথবা জিলা বুলি গণ্য কৰা হ’ব।
ঘ) স্থানীয় প্ৰকৃতিক দুৰ্যোগ, মাজ-বতৰত প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হোৱা, শস্য গোটোৱাৰ সময়ত হোৱা ক্ষয়-ক্ষতিৰ দৰে প্ৰতিকূলতাক বীমা–যোগ্য পৰিস্থিতি হিচাপে গ্ৰহণ কৰিব পৰাকৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সিদ্ধান্ত গ্ৰহণৰ সুযোগ দিয়াহ’ব। তদুপৰি ‘পিএমএফবিওৱাই’ আৰু ‘আৰডব্লিউবিচিআইএছ’-ৰ অধীনত ঘূৰ্ণি-বতাহৰ দৰে দুৰ্যোগে কৰা ক্ষয়-ক্ষতিকো বীমাযোগ্য বুলি গ্ৰহণ কৰি মূলধনী ব্যয়ক সামৰি লোৱাৰো বিকল্প আগবঢ়োৱা হৈছে।
ঙ) সংশ্লিষ্ট বীমা প্ৰতিষ্ঠানসমূহক নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰত ৰাজ–সাহায্যৰ পুঁজিৰ ধনৰাশি মোকলাই দিয়াত ব্যৰ্থ হোৱা ৰাজ্যসমূহক পৰৱৰ্তী ঋতুৰ বাবে আঁচনি দুখন ৰূপায়ণ কৰিবলৈ অনুমতি দিয়া নহ’ব। দুয়োখন আঁচনিৰ বাবে অন্তিম সময় সীমা ‘খাৰিফ’ আৰু ‘ৰবি’ শস্যৰ বাবে ক্ৰমে পৰৱৰ্তী বৰ্ষৰ ৩১ মাৰ্চ আৰু ৩০ ছেপ্টেম্বৰ বুলি ধাৰ্য কৰা হৈছে।
চ) ‘ডেভিয়েশ্যন মেট্ৰিক্স’-ক ভিত্তি কৰি বতৰৰ সূচক, কৃত্ৰিম উপগ্ৰহৰ মানক আদিক গ্ৰহণ কৰি সকলো অঞ্চলৰ বাবে শস্যৰ ক্ষয়-ক্ষতিৰ পৰিমাণ অথবা অনুমোদিত দাবীৰ সমীক্ষা কৰাৰ বাবে দুটা পৰ্যায়ত পদক্ষেপ গ্ৰহণ কৰা হ’ব। ‘পিএমএফবিওৱাই’ৰ অধীনৰ ফচল–ক্ষতিৰ সমীক্ষা কৰাৰ বাবে সংশ্লিষ্ট এলেকাসমূহৰ ‘শস্য কটাৰ অভিজ্ঞতাক’হে গণ্য কৰা হ’ব।
ছ) ‘পিএমএফবিওৱাই’ৰ অধীনত ‘শস্য কটাৰ অভিজ্ঞতা’সমূহৰ সমীক্ষা কৰাৰ বাবে ‘স্মাৰ্ট ছেম্পলিং টেকনিক’ আৰু ‘শস্য কটাৰ অভিজ্ঞতা’সমূহৰ বৰ্দ্ধিত সংখ্যাৰ দৰে প্ৰযুক্তিগত সমাধানত গুৰুত্ব আৰোপ কৰা হ’ব।
জ) কেৱল ‘পিএমএফবিওৱাই’ৰ বাবে যদি নিৰ্দ্ধাৰিত সময় সীমা উকলি যোৱাৰ পিছতো ৰাজ্যসমূহে সংশ্লিষ্ট বীমা প্ৰতিষ্ঠানসমূহক উত্পাদন সম্পৰ্কীয় তথ্য প্ৰদান কৰিব নোৱাৰে তেন্তে, তেনে ক্ষেত্ৰত প্ৰযুক্তিগত সমাধান সূত্ৰৰ আধাৰত লাভ কৰা তথ্যৰ ভিত্তিতে বীমা-দাবীৰ মীমাংসা কৰা হ’ব।
ঝ) দুয়োখন আঁচনিৰ অধীনত নাম অন্তৰ্ভূক্ত কৰাটোসকলো কৃষকৰ বাবেই স্বেচ্ছামূলক কৰা হৈছে।
ঞ) ৰাজ-সাহায্যৰ অংশীদাৰিত্বৰ পৰিমাণ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাবে বৰ্তমানে থকা ৫০:৫০(পিএমএফবিওৱাই আৰু আৰডব্লিউবিচিআইএছ)ৰ পৰিৱৰ্তে এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব লগা অংশৰ পৰিমাণ ৯০শতাংশলৈ বৃদ্ধি কৰা হৈছে।
ট) আঁচনিৰ বাবদ আবণ্টিত মুঠ পুঁজিৰ অন্ততঃ ৩শতাংশ ভাৰত চৰকাৰে আগবঢ়োৱাৰ বিপৰীতে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে প্ৰশাসনীয় ব্যয় বহণ কৰিব। দুযোখন আঁচনিৰ বাবদ ইয়াৰ উচ্চ সীমা নিৰ্দ্ধাৰণ কৰিব প্ৰতিখন ৰাজ্যৰ কৃষি, সাংস্কৃতিক তথা কৃষক-কল্যাণৰে জড়িত বিভাগসমূহে।
ঠ) উপৰি উক্ত ব্যৱস্থাৱলীৰ লগতে কৃষি, সাংস্কৃতিক তথা কৃষক-কল্যাণৰে জড়িত বিভাগসমূহে কৃষিখণ্ডৰে জড়িত হৈ থকা অন্যান্যসকলৰো পৰামৰ্শৰ আধাৰত শস্য আৰু এলেকা সমূহক বৰ্দ্ধিত হাৰত বীমা সুবিধা আগবঢ়াব পৰাকৈ ৰাজ্যসাপেক্ষ সংকট-মোচন কাৰ্যক্ৰম যুগুতাই উলিওৱাৰো ব্যৱস্থা ৰখা হৈছে। দুয়োখন আঁচনিৰ ক্ষেত্ৰত কৃষকসকলৰ অন্তৰ্ভূক্তি যিহেতু নিতান্তই স্বেচ্ছামূলক সেয়ে অতিকে খৰাং পীড়িত দেশৰ ২৯খন জিলাকে ধৰি মুঠ ১৫১খন জিলাৰ নিম্ন আয় কৰা কৃষকসকলক উপকৃত কৰিব পৰাকৈ এক আচুতীয়া আঁচনি ৰূপায়ণৰো প্ৰস্তাৱ ৰখা হৈছে।
ড) ২০২০চনৰ খাৰিফ শস্যৰ বেলিকা নতুনকৈ গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণ কৰিব পৰাকৈ ‘পিএমএফবিওৱাই’ আৰু ‘আৰডব্লিইউবিচিআইএছ’-ৰ সংশ্লিষ্ট দফাসমূহৰ সংস্কাৰ সাধন কৰাৰ লগতে প্ৰয়োজনীয় সংযোজনৰো ব্যৱস্থা কৰা হ’ব।
লাভসমূহ:
সংস্কাৰ আৰু নতুনকৈ সংযোজন কৰিব খোজা ব্যৱস্থাৱলীৰ সুবাদত কৃষকৰাইজে প্ৰতিকূলতাকো নেওচি নিজৰ আয়ৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে অধিক নিশ্চয়তা লাভ কৰিব।
প্ৰস্তাৱিত ব্যৱস্থাৱলী সমগ্ৰ দেশ জুৰি ২০২০চনৰ খাৰিফ শস্যৰ ঋতুৰ পৰা বলবত্ কৰা হ’ব।
******
VRRK/SC/KB