এক টেলিফোনিক বাৰ্তালাপত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজিপ্তৰ ৰাষ্ট্ৰপতি মহামহিম আব্দেল ফাটাহ আল-ছিছিৰ লগতে সমগ্ৰ ইজিপ্তবাসীক ঈদ-ঊল-ফিটৰৰ শুভেচ্ছা জনায়৷
শুভেচ্ছাক গ্ৰহণ কৰি ইজিপ্তৰ ৰাষ্ট্ৰপতিয়ে ইজিপ্ত আৰু ভাৰতৰ সভ্যতা বিশ্বৰ ভিতৰতে প্ৰাচীন বুলি আখ্যা দিয়ে আৰু ক্ষিপ্ৰতাৰে বৃদ্ধি পোৱা দ্বিপাক্ষিক সম্পৰ্কক লৈ তেওঁ সন্তুষ্টি ব্যক্ত কৰে৷
প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ৰ সংকটৰ সময়ত ইজিপ্তত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যানৰ বাবে ইজিপ্তৰ কৰ্তৃপক্ষই আগবঢ়োৱা সহায়ৰ প্ৰশংসা কৰে৷
চলিত বৰ্ষৰ আৰম্ভণিতে ইজিপ্ত ভ্ৰমণৰ পৰিকল্পনাৰ প্ৰসংগত ক’ভিড-১৯ মহামাৰীৰ বাবে বাতিল কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পৰিস্থিতিয়ে অনুমতি দিলেই তেওঁ ৰাষ্ট্ৰপতি ছিছিৰ সৈতে মিলিত হ’ব৷
***
VRRK/KP/DB
Conveyed Eid greetings to President @AlsisiOfficial and to the people of Egypt. Also thanked him for the support extended to Indian citizens in Egypt. India-Egypt relations will continue to grow and prosper.
— Narendra Modi (@narendramodi) May 26, 2020