Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পি এম-কিষাণ)ৰ অধীনত হিতাধিকাৰীসকলৰ বাবে আধাৰ সংযোগীকৰণত সকাহ প্ৰদানত কেবিনেটৰ অনুমোদন প্ৰদান


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আজি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পি এম-কিষাণ)ৰ অধীনত হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ সৈতে আধাৰৰ সংযোগীকৰণৰ বাধ্যতামূলক নিৰ্দেশত ৰেহাই প্ৰদানৰ অনুমোদন প্ৰদান কৰিছে৷

এই যোজনাৰ অধীনত কিছুমান নিশ্চিত ব্যতিক্ৰম বাদ দি কৃষক পৰিয়ালসকলক বছৰি ৬০০০ টকাৰ সাহায্য প্ৰদান কৰা হয়৷ এই সাহায্য প্ৰতি চাৰি মাহত ২০০০ টকাকৈ তিনিটা কিস্তিত প্ৰদান কৰা হয়৷ এই ধনৰাশি ডি বি টিৰ জৰিয়তে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰদান কৰা হয়৷

এই যোজনাৰ অধীনত ১ আগষ্ট ২০১৯ৰ পিছত সেইসকল হিতাধিকাৰীক তৃতীয়টো কিস্তি প্ৰদান কৰা হৈছে যিসকলে ডিচেম্বৰ ২০১৮-মাৰ্চ ২০১৯ৰ ভিতৰত প্ৰথমটো কিস্তি লাভ কৰিছিল তথা এপ্ৰিল-জুলাই ২০১৯ত দ্বিতীয়টো কিস্তি লাভ কৰিছিল৷ এই ধনৰাশি আধাৰৰ সৈতে জড়িত বেংক একাউণ্টতহে প্ৰদান কৰা হৈছিল৷ অসম, মেঘালয় আৰু জম্মু-কাশ্মীৰৰ কৃষকসকল য’ত বিস্তৃত ৰূপত আধাৰ প্ৰৱৰ্তন হোৱা নাই তেওঁলোকক ৩১ মাৰ্চ ২০২০ চনলৈ এই আৱশ্যকতাৰ পৰা ৰেহাই দিয়া হৈছে৷

কিন্তু ১ আগষ্ট ২০১৯ৰ পিছতো কিস্তি প্ৰদান কৰাৰ নিৰ্ধাৰিত সময় অনুসৰি ১০০ শতাংশ একাউণ্টক আধাৰৰ সৈতে সংযোগ কৰাটো সম্ভৱ হৈ উঠা নাই৷ বৰ্তমানে কৃষকসকলে ৰবি শস্য উৎপাদনৰ প্ৰস্তুতি চলাইছে৷ এই ক্ষেত্ৰত তেওঁলোকক ধনৰ নিতান্তই আৱশ্যক৷ এই প্ৰয়োজনীয়তাসমূহৰ উপৰিও উৎসৱ-পাৰ্বনসমূহে অতিৰিক্ত বিত্তীয় বোজাৰ সৃষ্টি কৰিছে৷ আধাৰ সংখ্যা সংযোজিত নোহোৱাৰ ফলত বিত্তীয় সাহায্য পোৱাত পলম হোৱাৰ সম্ভাৱনাৰ সৃষ্টি হ’ব পাৰে আৰু ফলত কৃষকসকলৰ মাজত অসন্তোষৰ সৃষ্টি হ’ব পাৰে৷ সেয়ে ১ আগষ্ট ২০১৯ৰ পিছত হিতাধিকাৰীসকলক লাভ প্ৰদান কৰাৰ বাবে বেংক একাউণ্টক আধাৰ সংখ্যাৰ সৈতে সংযোজিত কৰাৰ অনিবাৰ্যতা ৩০ নৱেম্বৰ ২০১৯লৈ ৰেহাই দিয়া হৈছে৷ লাভ প্ৰদান কৰাৰ বাবে এই অনিবাৰ্যতা পুনৰ ১ ডিচেম্বৰ ২০১৯ৰ পিছত প্ৰণয়ন হ’ব৷ চৰকাৰে সাহায্য প্ৰদান কৰাৰ পূৰ্বে এই সংখ্যাৰ বৈধতাকৰণৰ বাবে উচিত ব্যৱস্থা কৰিব৷

*******

VRRRK/SH/PK/MANN